কাইলৈ উন্মোচন কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ আবক্ষ মূৰ্তি

0 21

শতাব্দ প্ৰতিনিধি, নলবাৰী, ১৭ এপ্ৰিলঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী,সুচিকিৎসক, মানৱদৰদী ডাঃ ভূমিধৰ বৰ্মনৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে প্ৰয়াত ৰাজনীতিকগৰাকীৰ এটি আৱক্ষ মূৰ্তি কাইলৈ উন্মোচন কৰা হ’ব। প্ৰবীন ৰাজনীতিক গৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে নলবাৰী জিলাৰ বেলশৰৰ সমীপৰ ভকতৰ পুখুৰী পাৰৰ ‘শান্তিভূমি’ত স্থাপন কৰা এই আৱক্ষ মূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব প্ৰতিথযশা সাহিত্যিক, বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠকে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ সজল স্মৃতিত কাইলৈ এখন স্মৃতিচাৰণ সভাৰো আয়োজন কৰা হৈছে।
ভকতৰাম বৰ্মন স্মাৰক ন্যাসৰ উদ্যোগত আৰু পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিতব্য অনুষ্ঠানত প্ৰবীন ৰাজনীতিক গৰাকীৰ সোঁৱৰণত প্ৰকাশ কৰি উলিওৱা সোৱঁৰণী গ্ৰন্থখন আনুষ্ঠানিকভাবে উন্মোচন কৰিব প্ৰবীন সাংবাদিক, বিশিষ্ট সমালোচক হাইদৰ হুছেইনে। অনুষ্ঠানত ৰাজ্যৰ কেবাগৰাকী ৰাজনীতিকৰ লগতে বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি ন্যাসৰ সভাপতি দিগন্ত বৰ্মন আৰু সম্পাদক অৰূপ ৰঞ্জন বৰ্মনে জানিবলৈ দিছে। কাৰ্যসূচী অনুসৰি, কাইলৈ পুৱা ৯ বজাত সৰ্বধৰ্ম প্ৰাৰ্থনা,পুৱা ৯-৪৫ বজাত জননেতা ডাঃ ভূমিধৰ বৰ্মনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, পুৱা ১০-১৫ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আবক্ষ মূৰ্তি উন্মোচন, পুৱা ১০-৪৫ বজাত বন্তি প্ৰজ্বলন, পুৱা ১১ বজাত স্মৃতিচাৰণ সভা আৰু সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More