কান মহোৎসৱত চৰ্চিত আইমী বৰুৱাৰ ‘চেমখৰ’

নতুন তথ্যচিত্র ‘স্ক্রিমিং বাটাৰফ্লাইছ'ৰ পোষ্টাৰ আৰু ট্রেইলৰ মুকলি

0 17

কান চলচ্চিত্র মহোৎসৱৰ ‘কাণ্ট্ৰী অব অনাৰ’ৰ ইণ্ডিয়ান পেভেলিয়নত ‘চেমখৰ’ সন্দৰ্ভত বক্তব্য আগবঢ়ালে আইমী বৰুৱাই। আগ্ৰহী আন্তর্জাতিক সংবাদ মাধ্যমৰ লগতে বিশ্বৰ চলচ্চিত্ৰ অনুৰাগীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে নিৰ্মাতাগৰাকীয়ে।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৪ মে’: সন্মানজনক কান চলচ্চিত্র মহোৎসৱত অসমৰ জনপ্রিয় অভিনেত্রী তথা ছবি নির্মাতা আইমী বৰুৱাৰ ‘চেমখৰ’ৰ ছবিখনে বিশেষ সমাদৰ লাভ কৰিছে।img 20220524 122946 ছবিখনৰ বিষয়ে জানিবলৈ আন্তর্জাতিক সংবাদ মাধ্যমৰ লগতে বিশ্বৰ চলচ্চিত্ৰ অনুৰাগীসকলে বিশেষভাৱে আগ্ৰহ প্ৰকাশ কৰিছিল। উল্লেখ যে কান চলচ্চিত্র মহোৎসৱৰ ‘কাণ্ট্ৰী অব অনাৰ’ৰ ইণ্ডিয়ান পেভেলিয়নত আইমী বৰুৱাই ‘চেমখৰ’ সন্দৰ্ভত ১০ মিনিট সময় ভাষণ প্ৰদান কৰিছিল। উপস্থিত আছিল বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীৰ লগতে আন্তর্জাতিক সংবাদ মাধ্যমৰ প্ৰতিনিধি। উক্ত অনুষ্ঠানত প্ৰদৰ্শন কৰা চেমখৰৰ ট্ৰেইলৰে মুগ্ধ কৰে উপস্থিত সকলোকে। লক্ষণীয় বিষয় যে ডিমাচা ভাষাত নির্মিত চেমখৰৰ বিভিন্ন কথা জানিবলৈ উদগ্ৰীৱ হৈ পৰিছিল কান চলচ্চিত্ৰত মহোৎসৱত উপস্থিত আন্তর্জাতিক সংবাদ মাধ্যমৰ লগতে বিশ্বৰ চলচ্চিত্র জগতৰ বিভিন্ন দিশৰ ভালেসংখ্যক খ্যাতনামা ব্যক্তি। সকলোৰে প্ৰশ্নৰ উত্তৰ দিছিল চিনেমাখনৰ নিৰ্মাতা আইমী বৰুৱাই। উল্লেখ যে কাঁ চলচ্চিত্র মহোৎসৱৰ সৈতে সংলগ্ন এখন মঞ্চত চলচ্চিত্র নির্মাতা অথবা এই ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তিয়ে বক্তব্য ৰখাৰ সুবিধা পোৱাটো পৰম সৌভাগ্যৰ কথা। লক্ষণীয় বিষয় যে ভাৰতত ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ মহোৎসৱ আৰু ভাৰতীয় পেনোৰামাক সৰ্বোচ্চ স্থান দিয়া হয়। বিগত বৰ্ষত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত নোহোৱা বাবে ভাৰতীয় পেনোৰামাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান আঁজুৰি অনা ‘চেমখৰ’ সন্দৰ্ভত কান চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেভেলিয়নত বক্তব্য ৰখাৰ বাবে ভাৰত চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে চিনেমাখনৰ নিৰ্মাতা আইমী বৰুৱাক বাছনি কৰা হৈছিল। ইপিনে অনুষ্ঠানত আইমী বৰুৱাৰ নতুন তথ্যচিত্র ‘স্ক্রিমিং বাটাৰফ্লাইছ’ (Screaming Butterflies)ৰ পোষ্টাৰ আৰু ট্রেইলৰ মুকলি কৰা হয়। ২৯ মে’ত মুম্বাইৰ আন্তর্জাতিক চলচ্চিত্র মহোৎসৱৰ প্ৰতিযোগিতা শাখাৰ বাবে ইতিমধ্যে নির্বাচিত স্ক্রিমিং বাটাৰফ্লাইছৰ পোষ্টাৰ মুকলি কৰে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অপূর্ব চন্দ্রাই। ইপিনে কান চলচ্চিত্র মহোৎসৱত ‘চেমখৰ’ৰ বিষয়ে বক্তব্য দাঙি ধৰাৰ সুবর্ণ সুযোগ লাভ কৰা সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি আইমী বৰুৱাই কয় যে সঁচা অৰ্থত মই অভিভূত হৈ পৰিছোঁ। তেওঁ কয় যে ৱৰ্ল্ড মিডিয়া তথা বিশ্বৰ চলচ্চিত্র সমাজৰ সন্মুখত ‘চেমখৰ’ৰ বিষয়ে ক’বলৈ পাই যি সুখ অনুভৱ কৰিছোঁ তাতকৈ বেছি আচৰিত হৈছোঁ বিশ্বৰ চলচ্চিত্র সমাজে ‘চেমখৰ’ৰ বিষয়ে জানিবলৈ প্ৰকাশ কৰা প্রৱল আগ্রহত। এটা নতুন ভাষা, নতুন কথা, নতুন পৰম্পৰা, নতুন ঠাই আদিৰ বিষয়ে জানিবলৈ তেওঁলোকে যি ধৰণৰ ঔৎসুক্য প্ৰকাশ কৰিলে সেয়া তেওঁৰ বাবে আছিল সপোনৰো অগোচৰ আছিল বুলি সদৰি কৰে। অসমত এতিয়াও এনেকুৱা ঠাই আছে নে নাই, সেই বিষয়ে জানিবলৈ তেওঁলোকৰ যি আগ্রহ সেয়া সঁচা অৰ্থত ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আমাৰ বাবে এয়াই হৈছে সর্বশ্রেষ্ঠ সন্মান, সর্বোচ্চ উপহাৰ বুলি তেওঁ কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More