দয়াল কৃষ্ণ নাথলৈ ৰাষ্ট্ৰীয় বঁটা

0 47

ষ্টাফ ৰিপৰ্টাৰ, ১৩ ফেব্ৰুৱাৰীঃ সৰুৰে পৰা নাটকৰ লগত জড়িত এজন ব্যক্তি দয়াল কৃষ্ণ নাথ। লখিমপুৰ জিলাৰ ফুলবাৰী বোকানদীৰ ১নং মাজগাঁৱৰ এইজন ব্যক্তিয়ে একেধাৰে নাটকৰ পৰিচালনা আৰু অভিনয়েৰে সমগ্ৰ ভাৰততে সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে। লখিমপুৰ জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল ফুলবাৰী বোকানদীত চৰকাৰী অৰ্থ গ্ৰহণ নকৰাকৈ ব্যক্তিগত ধনেৰে এটি থিয়েটাৰ প্ৰকল্প স্থাপন কৰি একেৰাহে ৰাষ্ট্ৰীয় আৰু আন্ত ৰাষ্ট্ৰীয় নাট সমাৰোহ অনুষ্ঠিত কৰাৰ লগতে নাটকৰ কৰ্মশালা, প্ৰযোজনা অব্যাহত ৰাখিছে। তেখেতৰ পৰিচালনাৰ নাটক “কড়োৱা সচ” ডেৰ বছৰত ভাৰতৰ বিভিন্ন ঠাইত ১০৫ টা প্ৰৰ্দশনী হৈছে। পশ্চিম বংগৰ ২৪ পৰগনা জিলাৰ হালিচহৰৰ ৰংগতাল থিয়েটাৰে এই বছৰৰ “পিতৃদেৱ মধুশোধন স্মৃতি সন্মান, ২০২৪” ৰাষ্ট্ৰীয় বঁটা দয়াল কৃষ্ণ নাথলৈ প্ৰদান কৰা হব বুলি ঘোষণা কৰিছে। অহা ২১ মাৰ্চ, ২০২৪ তাৰিখে পশ্চিম বংগৰ হলেচহৰৰ সাধক ৰামপ্ৰসাদ মঞ্চত অনুষ্ঠিত কৰিবলৈ লোৱা ১২ত্বম ৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱত এই বঁটা প্ৰদান কৰিব।উল্লেখনীয় যে এই উৎসৱৰ উদ্বোধনী অনুষ্ঠানত দয়াল কৃষ্ণ নাথৰ পৰিচালনাত অভিনৱ থিয়েটাৰৰ নাটক “কড়োৱা চচ” মঞ্চস্থ কৰা হব।দয়াল কৃষ্ণ নাথলৈ ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠিত অনুষ্ঠানে ইতিমধ্যে ৰাষ্ট্ৰীয় পর্য্যায়ৰ বহুকেইটা সর্ন্মান আগবঢ়াইছে।ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰেপাৰেটৰী গ্ৰান্ট কমিটিৰ সদস্য তথা ভাৰত চৰকাৰৰ ফিল্ম চেঞ্চৰ বর্ডৰ সদস্য দয়াল কৃষ্ণ নাথৰ পৰিচালনাৰ বহুকেইখন নাটক ফ্ৰেবুৱাৰী আৰু মাৰ্চ মাহত এলাহাবাদ, অযোধ্যা,মহীশূৰ,হাৰিয়ানা,জম্মু-কাশ্মীৰ,কলকাতাত অনুষ্ঠিত হব লগীয়া ৰাষ্ট্ৰীয় নাট সমাৰোহত মঞ্চস্থ কৰিবলৈ নিমন্ত্ৰণ লাভ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More