কাৰ্ডৰ সলনি আহি আছে টোকেন

গ্ৰাহকক সুৰক্ষিত কৰাৰ বাবে RBIৰ নতুন পদক্ষেপ

0 12

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ আগষ্ট : বজাৰ কৰাৰ পৰা মোবাইল ৰিচাৰ্জলৈকে অনলাইনত ধন লেনদেন কৰাৰ প্ৰৱণতা ক্ৰমান্বয়ে বাঢ়িছে। অনলাইনত ধনৰ লেনদেন কৰাৰ সময়ত ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰাহকৰ তথ্য যাতে উন্মোচিত নহয় তাৰ বাবে টোকেন প্ৰৱৰ্তন কৰাৰ পৰামৰ্শ দিছে। ২০২২ চনৰ অক্টোবৰ মাহত আৰ বি আয়ে এই ব্যৱস্থা পূৰ্ণগতিত প্ৰৱৰ্তন কৰিব বিচাৰিছে।

* টোকেন কি?
যেনে, মেট্ৰ’ত যাত্ৰা কৰাৰ সময়ত টকা দিওঁতে এটা টোকেন দিয়া হয়, আৰু তাৰ পিছত সেই টোকেন ব্যৱহাৰ কৰি যাত্ৰীসকলে যাত্ৰা কৰিব পাৰে। এই টোকেনটো কিছু পৰিমাণে তেনেকুৱাই। এনে ক্ষেত্ৰত গ্ৰাহকে অনলাইনত এটা বিশেষ ৱেবচাইটলৈ গৈ নিজৰ টোকেন তৈয়াৰ কৰিব পাৰে। এতিয়া গ্ৰাহকে ধনৰ লেনদেনৰ সময়ত কাৰ্ড ব্যৱহাৰ কৰাৰ সময়ত বাৰে বাৰে নিজৰ কাৰ্ডৰ তথ্য দিব লাগে। কাৰ্ড নম্বৰ, নাম, কাৰ্ডৰ বৈধতা আৰু পিন নম্বৰ আদি বিভিন্ন তথ্য দিব লাগে। কিন্তু নতুন ব্যৱস্থাটোত গ্ৰাহকে এই সকলো তথ্যৰ পৰিৱৰ্তে এটা বিশেষ টোকেন নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। ফলত ব্যক্তিগত তথ্য সুৰক্ষিত হ’ব।

* টোকেন কেনেকৈ বনাব পাৰি?
১) ই-কমাৰ্চ চাইটত পেমেণ্ট কৰাৰ সময়ত আপুনি আপোনাৰ বেংক ক্ৰেডিট বা ডেবিট কাৰ্ডৰ সবিশেষ দিব লাগিব।
২) তথ্য দিয়াৰ পিছত আপুনি ‘আপোনাৰ কাৰ্ড সুৰক্ষিত কৰক’ বা ‘RBI গাইডলাইন অনুসৰি কাৰ্ড সংৰক্ষণ কৰক’ শীৰ্ষক বিকল্পটো বাছি ল’ব লাগিব।
৩) তাৰ পিছত মোবাইল বা ই-মেইললৈ প্ৰেৰণ কৰা হ’ব এককালীন ‘পাছৱৰ্ড’ বা ‘অ’টিপি’। যদি আপুনি নিজ নিজ ৱেবচাইটত এই OTP দিয়ে, তেন্তে টোকেনটো সৃষ্টি কৰা হ’ব। কিন্তু এটা টোকেন আন কোনো সংস্থাৰ ৱেবচাইটত ব্যৱহাৰ কৰিব নোৱাৰিব। লগতে এই ব্যৱস্থাটো বৰ্তমান বাধ্যতামূলক কৰা হোৱা নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More