কিয় বিষাক্ত হৈছে ভাৰতীয় চাহ

সকলো চাহৰ ক্ষেত্ৰতে FSSAI ৰ অনুজ্ঞা বা প্ৰমাণপত্ৰ বাধ্যতামূলক

0 21

শতাব্দ বিশেষ প্ৰতিনিধি, ৫ জুন :

চাহৰ পিয়লাত চুমুক দিওঁতে সাৱধান হ’ব। বিশ্বজুৰি সুনাম থকা ভাৰতীয় চাহৰ বিৰুদ্ধে এইবাৰ পুনৰ উত্থাপিত হৈছে মানৱ শৰীৰৰ বাবে হানিকাৰক পদাৰ্থ চাহত মিহলি হৈ থকাৰ কথা। ভাৰতীয় চাহত পুনৰ ধৰা পৰিছে উচ্চ মাত্ৰাৰ কীটনাশক ঔষধ আৰু আন ৰাসায়নিক পদাৰ্থৰ অৱশিষ্ট।

ঘৰুৱা আৰু বিদেশী উভয়ৰে চাহ ক্ৰেতাসকলে এতিয়া ইয়াৰ বাবে চাহ ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰিছে। ইতিমধ্যে ক্ৰয় কৰা যথেষ্ট পৰিমাণৰ চাহত এনে পদাৰ্থ সমূহৰ উপস্থিতি ধৰা পৰাৰ পাছত তেওঁলোকে এই চাহ পুনৰ ঘূৰাই পঠিয়াইছে। যি সময়ত ভাৰতীয় চাহ ব’ৰ্ডে চাহক এক ‘স্বাস্থ্যবৰ্ধক পানীয়’ হিচাপে ব্ৰেণ্ডিং কৰি সমগ্ৰ বিশ্বতে ভাৰতীয় চাহৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব আৰোপ কৰিছে, সেই সময়তে ভাৰতীয় চাহৰ ওপৰত শেহতীয়াকৈ অহা এই অভিযোগে সকলোকে চিন্তিত কৰি তুলিছে। এই মাৰাত্মক অভিযোগৰ বাবে ভাৰতীয় চাহৰ ৰপ্তানিও এতিয়া বাধাগ্ৰস্ত হৈছে। বিশেষকৈ শ্ৰীলংকাৰ সাম্প্ৰতিক অৰ্থনৈতিক বিপৰ্যয়ৰ বাবে আন্তৰ্জাতিক বজাৰত ভাৰতীয় চাহৰ ৰপ্তানিৰ পৰিমাণ বৃদ্ধি হোৱাৰ এটা অনুকূল পৰিৱেশ গঢ়ি উঠাৰ সময়তে উত্থাপিত এনে এটা অভিযোগে এতিয়া সকলো হিচাপ-নিকাচ ওলটপালট কৰি দিছে।tea pesticides ২০২১-২২ বৰ্ষত ভাৰতৰ চাহ ৰপ্তানিৰ পৰিমাণ আছিল ১৯৫.৯০ নিযুত কিলোগ্ৰাম আৰু মূল্য আছিল ৫,২৪৬.৮৯ কোটি টকা। শ্ৰীলংকাৰ চাহৰ অনুপস্থিতিত চলিত বছৰত ভাৰতীয় চাহ ব’ৰ্ডে ৩০০ নিযুত কিলোগ্ৰাম চাহ ৰপ্তানিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। ২০১৮ চনতো এনে এটা পৰিস্থিতিৰ উদ্ভৱ হোৱাত এক বৃহৎ পৰিমাণৰ অৰ্থ’ডক্স চাহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ঘূৰাই পঠোৱা হৈছিল। ইয়াৰ ফলত দেশখনে ভালেখিনি বৈদেশিক মুদ্ৰা হেৰুওৱাৰ উপৰি আন্তৰ্জাতিক বজাৰত থকা সুনাম অৱনমিত হৈছিল। ভাৰতত উৎপাদিত চাহত অনুমোদিত পৰিমাণতকৈ অধিক হাৰত এনে বিষাক্ত ৰাসায়নিক পদাৰ্থৰ উপস্থিতি নতুন কথা নহয়। ২০১৪ চনত গ্ৰীণপীছ নামৰ সংগঠনটোৱে প্ৰকাশ কৰা ‘Trouble Brewing’ নামৰ প্ৰতিৱেদনখনে ভাৰতীয় চাহত মিশ্ৰিত হৈ থকা শৰীৰৰ বাবে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ সবিশেষ উদঙাই দিছিল। সংগঠনটোৱে নিৰপেক্ষ পৰীক্ষাগাৰত কৰা পৰীক্ষাত ৪৬ টা নমুনাত ৩৪ প্ৰকাৰৰ বিভিন্ন ক্ষতিকাৰক পদাৰ্থৰ অৱশিষ্টৰ সন্ধান পাইছিল আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ শ্ৰেণী অনুযায়ী এইসমূহ পদাৰ্থ অতি বা মধ্যমীয়া ক্ষতিকাৰক পৰ্যায়ৰ।
শেহতীয়াকৈ ফেডাৰেশ্যন অৱ অল ইণ্ডিয়া টী ট্ৰেডাৰ্ছ এছোছিয়েশ্যনে ভাৰতীয় চাহ ব’ৰ্ডক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। সংস্থাটোৱে চাহ ব’ৰ্ডক জনাইছে যে, তেওঁলোকে নিলামত বিক্ৰী হোৱা বিভিন্ন ক্ৰেতাৰ পৰা সংগ্ৰহ কৰা চাহৰ নমুনা নিজাববীয়াকৈ Eurofins Analytical Services India Limited ৰ পৰীক্ষাগাৰত FSSAI এই নিৰ্দিষ্ট কৰি দিয়া মাত্ৰাতেই পৰীক্ষা কৰিছিল। কিন্তু এই পৰীক্ষাত আটাইকেইটা ভিন ভিন নমুনাই FSSAI ৰ সুৰক্ষিত মাত্ৰা স্পৰ্শ কৰিব নোৱাৰিলে আৰু মানুহৰ বাবে হানিকাৰক তথা অনুপযোগী বুলিহে প্ৰমাণিত হ’ল। ভাৰতৰ বাবে নিৰ্ধাৰণ কৰা FSSAI ৰ মাপকাঠিতকৈ ইউৰোপীয় খাদ্য সুৰক্ষা সংস্থা আৰু আমেৰিকাৰ Food & Drug Administration ৰ খাদ্য সুৰক্ষাৰ মাপকাঠি আৰু অধিক কঠোৰ। সেয়ে এনেবোৰ দেশলৈ চাহ ৰপ্তানিৰ পূৰ্বে নিয়ন্ত্ৰণ ব্যবস্থা ভাৰততো অৱলম্বন কৰা উচিত। তদুপৰি দেশীয় বজাৰতো এনে মাৰাত্মক পদাৰ্থ মিশ্ৰিত চাহ বিক্ৰী কৰাতো চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰা উচিত।
শেহতীয়াকৈ পৰিস্থিতিৰ অৱনতি ঘটাত ভাৰতীয় চাহ ব’ৰ্ডে চাহ বাগিচা, উৎপাদন কাৰখানাৰ পৰা আৰম্ভ কৰি চাহৰ খুচুৰা ব্যৱসায়ীলৈকে সতৰ্কতামূলক জাননী জাৰি কৰিছে। আনফালে চাহ নিলাম কেন্দ্ৰ সমূহেও নিলামলৈ অহা সকলো চাহৰ ক্ষেত্ৰতে FSSAI ৰ অনুজ্ঞা বা প্ৰমাণপত্ৰ বাধ্যতামূলক কৰিছে। যদিও চাহত এনে ধৰণৰ হানিকাৰক পদাৰ্থৰ অৱস্থিতিৰ বাবে বাগিচা সমূহেই দায়ী।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More