তেজপুৰত অসম খবৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

সমাজৰ ভিন্ন ক্ষেত্ৰৰ  পাঁচ গৰাকী ব্যক্তিলৈ সম্বৰ্ধনা আৰু বঁটা প্ৰদান

0 8

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ ৪ ছেপ্টেম্বৰ : আজি ৰাজ্যৰ এক ডিজিটেল সংবাদ প্ৰতিষ্ঠান অসম খবৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান তেজপুৰস্থিত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ প্ৰেক্ষাগৃহত সম্পন্ন হৈ যায়।দিনৰ ১১ বজাত  জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকাই আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠান বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰাৰ লগতে জাৰ্নেলিষ্ট ইউনিয়নৰ গুৰি ধৰোঁতা প্ৰয়াত প্ৰণৱ সিংহৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ হৰমোহন কলিতাৰ  লগতে  উপস্থিত প্ৰতিগৰাকী বিশিষ্ট  ব্যক্তি তথা সংবাদকৰ্মী সকলে। ইয়াৰ পিছতে ড০ হৰমোহন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম খবৰৰ মুখ্য সম্পাদক অশ্বিনী কুমাৰ গগৈয়ে অসম খবৰ  ইতিবৃত্ত আৰু জ্যেষ্ঠ সংবাদ কৰ্মী আৰু সম্বৰ্ধিত ব্যক্তি সকলক সকলোৰে আগত পৰিচয় কৰাই দিয়ে। শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ জ্যেষ্ঠ সাংবাদিকক অসম খবৰ সদস্য সকলে একোখনকৈ ফুলাম গামোচাৰে সন্মান জনোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমাজ জীৱনৰ স’তে জড়িত চাৰি জন ব্যক্তিৰ লগতে অসম খবৰ ডিজিটেল মেডিয়াৰ সক্ৰিয় সাংবাদিক সহ পাঁচ গৰাকী বিশিষ্ট  ব্যক্তিক সম্বৰ্ধনা আৰু অসম খবৰ ২০২৩ বঁটা প্ৰদান কৰে। এই বঁটা বিশ্বনাথ জিলাৰ বিহালীৰ এগৰাকী জ্যেষ্ঠ  সমাজসেৱী মহিলা দীপালী বৰুৱালৈ ২০২৩ বৰ্ষৰ সমাজ হিতৈষী বঁটা, বিশ্বনাথৰ অসম অৰুণাচল সীমান্ত পাভৈ নিবাসী বিশিষ্ট সমাজ কৰ্মী তথা ১০ টকা মাছুলৰে  চিকিৎসা সেৱা আগবঢ়াই অহা বিশিষ্ট মানৱদৰী  চিকিৎসক ৰঞ্জন গগৈলৈ অসম খবৰ ২০২৩ সমাজ সেৱক বঁটা আৰু শিৱসাগৰ বিশিষ্ট  সমাজ কৰ্মী তথা   অ’এন জি চিৰ অভিযন্তা ৰমা গগৈলৈ অসম খবৰ ২০২৩ জনসেৱা বঁটা আগবঢ়োৱাৰ লগতে অসম খবৰত নিষ্ঠা সহকাৰে সংবাদ সেৱা আগবঢ়াই অহা শিৱসাগৰ অসম খবৰ সাংবাদিক পৰাগ বড়াক অসম খবৰ ২০২৩ বৰ্ষৰ সক্ৰিয় বঁটা প্ৰদান কৰে। আনহাতে ৰাষ্ট্রীয় সংবাদ প্ৰতিষ্ঠান ইটিভি ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সংবাদ সেৱা আগবঢ়োৱা তেজপুৰৰ  জ্যেষ্ঠ  সাংবাদিক প্ৰণৱ কুমাৰ দাসলৈ চলিত বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান কৰে অসম খবৰ ডিজিটেল মেডিয়াই। ইফালে সভাত তেজপুৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক অৰূপ  কলিতাই  সংবাদ মাধ্যমৰ লগতে বাতৰি পৰিৱেশনৰ  ওপৰত বক্তব্য আগবঢ়ায়। ইয়াৰ পিছতে সভাত অসম খবৰ মেডিয়া উপদেষ্টা তথা বিশ্বনাথ চাৰিআলি ন্যায়ালয়ৰ অধিবক্তা তুষাৰ বৰাই বাতৰি ক্ষেত্ৰত‌ সঘনাই হৈ থকা গোচৰ সন্দৰ্ভত সভাত নিজৰ বক্তব্য ৰাখে। আনহাতে এই সভাতে বিহালী প্ৰেছ ক্লাৱৰ সম্পাদক শ্ৰীমন্ত দাস, নলবাৰী বিশিষ্ট সমাজ কৰ্মী পংকজ বেজবৰুৱাকে ধৰি কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জনাই অসম খবৰে।বঁটা প্ৰাপক সকলক ফুলাম গামোচা,চেলেং,মানপত্ৰ আৰু স্মাৰক আগবঢ়োৱা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More