কেএলঅ’ৰ মুৰব্বী জীৱন সিঙে অডিঅ’ বাৰ্তাত কি কৈছে

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ আগষ্ট : উত্তৰ বংগ আৰু অসমৰ উগ্ৰপন্থী সংগঠন কামতাপুৰ লিবাৰেচন অৰ্গেনাইজেচনৰ মুৰব্বী জীৱন সিঙে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এটা অডিঅ’ বাৰ্তা প্ৰেৰণ কৰি শান্তি আলোচনাত বহাৰ প্ৰস্তাৱ আগবঢ়াইছে। জীৱনে এক মিনিট ন ছেকেণ্ডৰ এটা অডিঅ’ মেছেজযোগে পাঁচজন মধ্যস্থতাকাৰীৰ নামো ঘোষণা কৰে। তেওঁলোক হ’ল– বিশ্বজিৎ ৰায়, হৰ্ষবৰ্ধন বৰ্মা, টম অধিকাৰী, দেৱজিৎ সিং আৰু মলকান সিং। ৩১ জুলাইৰ নিশা অসমৰ চোৰাংচোৱা সংস্থাসমূহে এই অডিঅ’ বাৰ্তাটো লাভ কৰে। টম আৰু মালকান কে এল অ’ৰ প্ৰাক্তন ডেপুটি কমাণ্ডাৰ। হৰ্ষবৰ্ধন সেই সংগঠনটোৰ প্ৰাক্তন উপ-সভাপতি। বৰ্তমান টম জলপাইগুৰি আৰু মালকান অসমত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। নতুনকৈ লাভ কৰা এই অডিঅ’ বাৰ্তাটো ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ বুলি চোৰাংচোৱাসকলে ভাবে। আই বিৰ এক সূত্ৰ অনুসৰি, এপ্ৰিল মাহত উত্তৰ বংগ ভ্ৰমণৰ প্ৰাকক্ষণত জীৱন সিঙে এক ভিডিঅ’ বাৰ্তাত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক উত্তৰ বংগ আৰু অসমৰ দুখন জিলাক লৈ সুকীয়া ৰাজ্য গঠনৰ দাবীত ভাবুকি প্ৰদান কৰিছিল। সেই সময়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উত্তৰ বংগ ভ্ৰমণলৈ গৈ জীৱনৰ নাম নোলোৱাকৈয়ে প্ৰত্যাক্ৰমণ চলায়— “বন্দুক দেখুৱাবলৈ নাহিবা।” জীৱনত বহুত বন্দুক দেখিছোঁ।” তাৰ পিছত ২৭ জুলাইত পুনৰ ভিডিঅ’ মেছেজ প্ৰেৰণ কৰে কে এল অ’ৰ মুৰব্বীগৰাকীয়ে। এইবাৰ মুখ্যমন্ত্ৰী মমতাৰ লগতে অভিষেক বেনাৰ্জীকো ভাবুকি প্ৰদান কৰে। স্বাভাৱিকতে মমতাৰ জেদী স্থিতিৰ বাবেই চুবুৰীয়া বিজেপি শাসিত ৰাজ্য অসমৰ মুখ্যমন্ত্রীলৈ শান্তি আলোচনাৰ প্রস্তাৱ প্রেৰণ কৰা হ’ল। চোৰাংচোৱাই ইয়াৰ পৰা অনুমান কৰে যে কে এল অ’ই বিজেপিৰ ঘনিষ্ঠতাক বাৰে বাৰে আহিলা হিচাপে ব্যৱহাৰ কৰি মমতাৰ চৰকাৰক পৰোক্ষভাৱে হেঁচা দিবলৈ চেষ্টা কৰিছে। শেহতীয়া অডিঅ’ বাৰ্তাটোত হিমন্ত বিশ্ব শৰ্মাক ‘ছাৰ’ বুলি সম্বোধন কৰি জীৱন সিঙে ‘বিপ্লৱী শুভেচ্ছা’ প্ৰদান কৰি কয়— ‘’মই আপোনাক অনুৰোধ কৰিছোঁ, শান্তি আলোচনাক আগুৱাই লৈ যাওক। আমাৰ পাঁচজন প্ৰতিনিধিৰ সৈতে অতি সোনকালে আলোচনা কৰিবলৈ বাধ্য হ’ম।” কেন্দ্ৰীয় চোৰাংচোৱাৰ এক সূত্ৰ মতে, শেহতীয়াকৈ কে এল অ’ই ম্যানমাৰত নতুন কেডাৰ নিযুক্তি আৰম্ভ কৰিছে। উত্তৰ-পূবৰ কেইবাটাও উগ্ৰপন্থী সংগঠনৰ উপৰি ভাৰতীয় মুজাহিদীনৰ দৰে জেহাদীৰ সৈতে ঘনিষ্ঠতা গঢ়ি তুলিছে। বংগ চৰকাৰৰ সৈতে দৰদামৰ জৰিয়তে তেওঁলোকৰ লক্ষ্য হৈছে সুকীয়া ৰাষ্ট্ৰ নোপোৱালৈকে জিটিএৰ দৰে কিছু স্বায়ত্তশাসন লাভ কৰা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More