কৰ্ণাটকৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

বিহগুৰিত মুখ্যমন্ত্ৰীক জনকণ্ঠ উপাধিঃএমাহৰ ভিতৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উচ্ছেদঃপঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো মন্তব্য

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৩মে’ঃ “কৰ্ণাটকত ২০১৪ৰ পৰাই বিধানসভাত কংগ্ৰেছ আৰু লোকসভা নিৰ্বাচনত বিজেপি জিকে৷ তাত এইটো এটা ট্ৰেণ্ড হৈ পৰিছে৷ দেশৰ ৩৫খন ৰাজ্যতে নিৰ্বাচনত বিজেপি জয়ী হ’ব বুলি কোনো কথা নাই৷ তাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে এটা আভাস পোৱা গৈছিল৷”-এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখযোগ্য যে, বিহগুৰিত আয়োজিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষ সোঁৱৰণ সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত অংশলৈ মুখ্যমন্ত্ৰীয়ে৷ ইয়াতে মুখ্যমন্ত্ৰীক জনকণ্ঠ উপাধিও প্ৰদান কৰা হয়৷ পাছত সংবাদ মাধ্যমৰ আগত কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এইদৰে কয়৷ নতেওঁ লগতে কয় যে,ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কেবিনেট সমিতিয়ে বিচাৰ বিবেচনা কৰি আছে আৰু পঞ্চায়ত নিৰ্বাচন দলীয় ৰাজনীতিৰ উৰ্দ্ধত অনুষ্ঠিত কৰাৰ বাবেও চিন্তা কৰা হৈছে৷ অৱশ্যে পঞ্চায়ত নিৰ্বাচন ২০২৪ত ৰাজ্যত অনুষ্ঠিত হোৱাৰ পূৰ্বে হ’বনে নাই সেই কথা স্পষ্ট নকৰিলে মুখ্যমন্ত্ৰী ড° শৰ্মাই৷ আনহাতে কাজিৰঙা, বুঢ়াচাপৰি আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান পৰ্যন্ত বন্য জীৱজন্তু অহাযোৱা কৰিব পৰা পথটো মোকলোৱা হৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, বুঢ়াচাপৰিৰ পিছত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ২১ হেজাৰ ভূমিত চলিব উচ্ছেদ অভিযান৷ অহা এমাহৰ ভিতৰত শোণিতপুৰ জিলা প্ৰশাসনে এই উচ্ছেদ চলাব বুলি ড° শৰ্মাই সাংবাদিকক জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় উদ্যানখন মুঠ ৮৯ বৰ্গ কিলোমিটাৰ এলেকা শোণিতপুৰ আৰু দৰং জিলাৰ মাজতে আছে । তেওঁ কয় যে , সোনাই ৰূপাই বা কোকৰাঝাৰ আদি বনাঞ্চলত উচ্ছেদ চলালে ৰাজ্যত এক ভয়ানক আন্দোলন হ’ব৷ এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাযাব বুলিও তেওঁ মন্তব্য কৰে৷ইপিনে অনুষ্ঠানৰ মূল সভাত অংশলৈ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ স্বদেশ প্ৰেম ,বৌদ্ধিক চেতনা আৰু সামাজিক বৰঙনিয়ে সমাজ আৰু দেশৰ হকে সেৱা আগবঢ়োৱাৰ অনুপ্ৰেৰণা যোগায় বুলি ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ মহামানৱ মহাত্মা গান্ধীক ৰাজ্যলৈ নিমন্ত্ৰন কৰাৰ ক্ষেত্ৰত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাই আগভাগ লৈছিল আৰু তেখেতৰ বৰঙণি নৱ প্ৰজন্মৰ বাবে প্ৰেৰনাৰ প্ৰতীক বুলি কয় ড° শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ সোঁৱৰণত বিহগুৰিত এখন মহাবিদ্যালয় স্থাপন কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। আজিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্বাধীনতা সেনানীগৰাকীৰ মৃত্যু শতবৰ্ষ সোঁৱৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহন কৰি ড° শৰ্মাই কয় যে, কেইবা গৰাকীও পুৰোধা ব্যক্তিৰ জন্মস্থান শোণিতপুৰ জিলাই অসমৰ ভাষা ,সাহিত্য ,সংস্কৃতি ,সামাজিক জীৱন বৌদ্ধিক দিশলৈ যি অফুৰন্ত বৰঙণি আগবঢ়াই গৈছে সেয়া সকলোৰে বাবে প্ৰেৰণাৰ উৎস ।জ্যোতিপ্ৰসাদ আগৰৱালা ,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ,নটসূ্য্য ফণী শৰ্মা আৰু ভাৰত ৰত্ন ভূপেন হাজৰিকা আদিৰ দৰে অসমৰ বহু পুৰোধা ব্যক্তিৰ শৈল্পিক সুষমাই শোণিতপুৰ জিলাক প্ৰাণ দিছে বুলিও তেওঁ কয় । ইয়াৰোপৰি শোণিতপুৰৰ অন্তৰ্গত বিহগুৰিয়ে অসমীয়া ভাষা ,সাহিত্য আৰু শিল্পকলা আদিকে কৰি বিভিন্ন দিশলৈ অযুত অৱদান আগবঢ়াই গৈছে। লগতে এই বিহগুৰি অঞ্চলে অসমৰ কৃষি অৰ্থনীতিলৈ শক্তিশালী বৰঙনি যোগাই আহিছে। অঞ্চলটোৰ পিঠাখোৱা নৰ নামঘৰ ,কলীয়া গোসাই থান আৰু গোগা থান আদি পৱিত্ৰ স্থান সমুহে বিহগুৰিবাসীৰ আধ্যাত্মিক চিন্তাৰ প্ৰমান দিয়ে । স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বিহগুৰিৰ এজন সুসন্তান আছিল আৰু তেখেতেৰ পদাংক অনুসৰণ কৰি বিহগুৰিৰ বহু সুসন্তানে পৰৱত্তী সময়ত সমাজলৈ নিৰন্তৰ সেৱা আগবঢ়াই আহিছে । কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ জীৱনটো আমাৰ বাবে উত্তম প্ৰেৰণা আৰু সাহসৰ প্ৰতীক । ১৯২২ চনত মাত্ৰ ৩২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা চন্দ্ৰনাথ শৰ্মাৰ জীৱন কাহিনী অসমৰ জাতীয় জীৱনতবৰ্তমান কিংবদন্তিত পৰিণত হৈছে । মুখ্যমন্ত্ৰী গৰাকীয়ে নিজা ভাষণত লগতে কয় এজন বিচক্ষণ ৰাজনীতিবিদ হিচাপে চন্দ্ৰনাথ শৰ্মাৰ কাৰনে ৰাজনীতি আছিল মানৱীয় ধৰ্ম আৰু সেইবাবে তেখেতৰ নিজস্ব ৰাজনৈতিক চিন্তা আৰু দৰ্শন আছিল । অসম এচচিয়চনৰ জৰিয়তে এক ৰাজনৈতিক অনুষ্ঠানৰ গঢ় দিছিল আৰু সেই অনুষ্ঠানৰ সম্পাদক হিচাপে অসমৰ ৰাজনৈতিক দিশ সমুহ তুলি ধৰিছিল। কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষ উদযাপন সমিতি আৰু বৃহত্তৰ বিহগুৰিৰ ৰাইজে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জনকন্ঠ উপাধি প্ৰদান কৰে । উল্লেখ্য যে সভাত মুখ্যমন্ত্ৰীৰ লগতে সাংসদ পল্লৱ লোচন দাস ,মন্ত্ৰী অশোক সিংহল আৰু তেজপুৰ, চতিয়া ,ৰঙাপৰা আৰু বৰছলাৰ বিধায়ক আৰু শোণিতপুৰ জিলাৰ উপায়ুক্ত উপস্থিত থাকে। কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা মৃত্যু শতবৰ্ষ সোঁৱৰণী সমিতিৰ সভাপতি জ্যোতি কমল হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত ৰাইজে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিপুল ভাৱে আদৰণী জনায়।
ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই ছিৰাজুলি ৰঘুনাথ সত্ৰও দৰ্শন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More