বিজেপিৰ অন্যায়ৰ বিৰুদ্ধে কৰ্ণাটকত ৰায়-ভূপেন বৰা

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ , ১৩ মে’ : দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একনায়কতত্ত্ববাদৰ প্ৰতি কৰ্ণাটকৰ ৰাইজে জনমত দিছে । এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ভূপেন বৰাৰ৷ আজি তেজপুৰ ঐতিহাসিক মহাভৈৰব মন্দিৰত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই পূজা অৰ্চনা কৰি এই মন্তব্য কৰে ।তেওঁ ন্যায়ৰ সপক্ষে ভগবান আছে আৰু বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে এয়া জনতাৰ ৰায়দান বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৰ্ণাটকত এয়া মাথো আৰম্ভণি, বিজেপিৰ মিথ্যাচাৰ ৰাইজে বুজি উঠিছে আৰু আগন্তুক দিনত ৰাইজে এনেধৰণেই বিজেপিৰ বিৰুদ্ধে ৰায় দান দিব বুলিও কয়। আনহাতে ড° হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকত ষ্টাৰ কেম্পেইনাৰ হিচাবে গৈ এন আৰ চি ৰ প্ৰসংগত যি মিছা মাতিলে সেয়া ৰাইজে বুজিলে আৰু তেওঁ প্ৰচাৰ চলোৱা আটাইকেইটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীয়ে পৰাজয় বৰণ কৰিলে বুলিও কটাক্ষ কৰে বৰাই।আনহাতে, বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে থকালৈকে বদৰুদ্দিন আজমলৰ স’তে কেতিয়াও মিত্ৰতা নহয় বুলি কৈ তেওঁ আৰু কয় যে কৰ্ণাটকত এইবাৰ নিৰ্বাচনত একলাখ অসমীয়া ভোটাৰে ভোট দান কৰিছে আৰু তেওঁলোকৰ আত্মীয় কমেও ১০ লাখ অসমত আছে। এই ১০ লাখ ভোট কংগ্ৰেছে অসমত পাব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আশাবাদী। আজি তেজপুৰ মহাভৈৰব মন্দিৰত পত্নীসহ উপস্থিত হৈ কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলৰ বাবে পূজা অৰ্চনা কৰে ।তেওঁৰ লগত উপস্থিত থাকে জিলা কংগ্ৰেছৰ সভাপতি দাদুল বাৰকাকতিসহ কংগ্ৰেছৰ বিষয়ববীয়া সকল ।উল্লেখযোগ্য যে,কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলত উৎসাহিত শোণিতপুৰ কংগ্ৰেছৰ নেতা কৰ্মী সকলে আজি বিজয় উল্লাস প্ৰদৰ্শন কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More