কৰ্ম আৰু সততাৰ প্ৰতীক,তেজপুৰৰ সমাজকৰ্মী  ৰবীন্দ্ৰ চন্দ্ৰ দে’ৰ বিয়োগ

0 21
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২১নৱেম্বৰঃ তেজপুৰৰ এজন প্ৰায় ৯৭বছৰীয়া সমাজ হিতৈষি  ব্যক্তি ৰবীন্দ্ৰ চন্দ্ৰ দে’ৰ আজি পুৱা প্ৰায় পাঁচবজাত তেজপুৰৰ নিকামূল স্হিত বাসগৃহত বাৰ্দ্ধক্যজনিত কাৰণত বিয়োগ ঘটিছে৷এজন নিস্বাৰ্থ সমাজ কৰ্মী হিচাপে সৰ্বজন শ্ৰদ্ধেয় এইজন ব্যক্তিৰ বিয়োগে ৰাইজক মৰ্মাহত কৰিে৷উল্লেখযোগ্য যে, ৰাজ্যখনৰ জাতিগঠন প্ৰক্ৰিয়াৰ এক অনন্য নিদৰ্শন এইজন ব্যক্তি এসময়ত শাক্ত ধৰ্মত বিশ্বাসী আছিল যদিও তেজপুৰৰ শ্ৰী শ্ৰী নিকামূল সত্ৰৰ সত্ৰাধিকাৰ তথা স্বাধীনতা সংগ্ৰামী প্ৰয়াত গহণ চন্দ্ৰ গোস্বামীৰ সান্নিধ্য লাভৰ পাছত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ একনিষ্ঠ সেৱক হৈ পৰে৷ এক বৰ্ণিল, সংগ্ৰামী, আপোচবিহীন আৰু অসমীয়া জাতিয়তাবাদ তথা জাতীয় অস্তীত্ব ৰক্ষাৰ আন্দোলনৰে জড়িত হৈ চাকৰি জীৱনৰ অৱসৰৰ পূৰ্বও তেতিয়াৰ উচ্চপদস্থ বিষয়াৰ ৰোষৰ বলি হ’বলগীয়া হৈছিল এইজন ব্যক্তি৷শ্ৰমিক কৰ্মচাৰীৰ প্ৰাপ্যৰ বাবে জনোৱা প্ৰতিবাদৰ আঁৰৰ ব্যক্তি হিচাপে তেওঁ উচ্চপদস্থ বিষয়াৰ অহেতুক অন্যায়ৰ বলি হ’বলগীয়া হৈছিল৷উল্লেখযোগ্য যে,১৯২৭ৰ ১৫জুনত সেই সময়ৰ অবিভক্ত ভাৰতৰ চিলেট জিলাৰ আখালিয়া ব্ৰাহ্মণ শাসন গাঁৱত জন্ম হৈছিল দে’ৰ৷দেশৰ স্বাধীনতা লাভ আৰু বিভাজনৰ সময়ত ভাৰতৰ নাগিৰক হিচাপেই তেজপুৰলৈ আহি ১৯৪৭ৰ ১৯আগষ্টত তেজপুৰৰ প্ৰধান ডাকঘৰত প্ৰধান ডাকোৱাল হিছাপে যোগদান কৰে৷উল্লেখযোগ্য যে,১৯৪৬ত তেওঁ চিলেটৰ প্ৰধান ডাক ঘৰত টেলিগ্ৰাফ মেচেঞ্জাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু দেশ বিভাজনৰ সময়ত তেওঁ মহম্মদ হোছেইন নামৰ তেজপুৰত কৰ্মৰত এজন ডাক কৰ্মছাৰী চিলেটলৈ যাবলৈ বিছৰাত তেওঁৰ স্হানত ভাৰতত থকাৰ বাবে দে’ তেজপুৰলৈ আহিছিল৷কৰ্মচাৰী সকলৰ সংগ্ৰাম,অসম আন্দোলনত প্ৰত্যক্ষভাবে জড়িত হৈ পৰা দে’ এজন স্বাধীনতা সংগ্ৰামীও৷ নিকামূল সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত গহণ চন্দ্ৰ গোস্বামীৰ সান্নিধ্য লাভ আৰু তেওঁৰ প্ৰিয় ভাজন হৈ পৰা এইজন দে’ই সত্ৰাধিকাৰ গৰাকীৰ পৰা ভূমি ক্ৰয় কৰি নিকামূল সত্ৰৰ সমীপত স্হায়ীভাবে থাকিবলৈ লয়৷ উল্লেখযোগ্য যে,সত্ৰাধিকাৰ গৰাকীয়ে এইজন লোকক তিনিবিঘা মাটিত কৃষিকাৰ্য কৰিবলৈও দিছিল৷অতি সৎ এইজন লোকে সুদীৰ্ঘকালৰ পাছত তথা সত্ৰাধিকাৰ গৰাকীৰ বিয়োগৰ পাছতো সেই তিনিবিঘা মাটি উভটাই দিয়ে৷তেজপুৰৰ পৰোৱা হাৰিগাঁৱৰ ৰাজহুৱা শ্মশানখন এখন উদ্যান তথা আশ্ৰমৰ ৰূপদি সজাই তোলা তেজপুৰৰ প্ৰথমখন শ্মশান৷ইয়াৰ বাবে এইজন ব্যক্তিয়ে আগবঢ়োৱা অৱদান তেজপুৰত সৰ্বজনবিদিত৷ নিজা কষ্টোউপাৰ্জিত ধন ইয়াৰ বাবে ব্যয় কৰা এইজন ব্যক্তিৰ প্ৰচেষ্টাতে পৰোৱাৰ গহণ উদ্যানেও নতুন ৰূপ লাভ কৰে৷১৯৬৪ত মেইল অভাৰচিয়াৰ পদলৈ পদোন্নতি লাভ কৰা তথা সংগ্ৰামী মনোভাব আৰু আপোচহীন স্বভাৱ তথা অসম আন্দোলনত জড়িত থকাৰ বাবেই দে’ই চাকৰিজীৱনত একাধিক স্হানলৈ বদলি হ’ব লগীয়া হৈছিল৷আনকি বিভাগীয় উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ তৰা এইজন ব্যক্তিক খৰ্গহস্ত বিষয়াজনে দে’ৰ অৱসৰৰ দুদিন পূৰ্বে ১৯৮৫ৰ ২৮জুনত চাকৰিৰ পৰা দে’ক বৰ্খাস্ত কৰে৷কিন্তু সততাৰ ক্ষেত্ৰত আপোচ নকৰা দে’ই পুণৰ এক দীঘলীয়া আইনি যুঁজত জয়ী হৈ অৱসৰকালীন পেঞ্চন লাভ কৰিবলৈ সক্ষম হয়৷আজি এইজন ব্যক্তিৰ জীৱনৰ ওপৰতে আনএজন সমাজকৰ্মী তথা সুলেখক বীৰেন্দ্ৰ কুমাক বৰাই ৰছনা কৰা কৰ্মযোগী পুৰুষ ৰবিন্দ্ৰ চন্দ্ৰ দেৰ জীৱনৰ পম খেদি শীৰ্ষক এখন পুস্তিকা যোৱা ছেপ্টেম্বৰ মাহত উন্মোচন কৰা হৈছিল৷ দে’ই কৰ্ম,সমাজৰ প্ৰতি প্ৰদৰ্শন কৰা দায়বদ্ধতা, সততা এক নিদৰ্শন বুলি আজি প্ৰকাশ কৰিছে বহুসংখ্যক গুণমুগ্ধই৷ উল্লেখযোগ্য যে,কৰ’নাৰ বাবেই একমাত্ৰ পুত্ৰকো হেৰুৱাবলগীয়া হোৱা এইজন দে’ই ভাষা আন্দোলনৰ সময়তো নিকামূলতে নিৰ্ভয়ে থাকি পৰৱৰ্তী সময়ত তেওঁৰ কৰ্ম,চিন্তাৰে অসমীয়া জাতিৰ স’তে  লীন যায়৷অতি সৎ আৰু সৰল মনৰ এইজন ব্যক্তি গহণ উদ্যানৰ বিহু,ৰাস আদিকে ধৰি বিভিন্ন সাংস্কৃতিক,সাদাজিক অনুষ্ঠানৰ স’তে জড়িত হৈ আছিল৷সামাজিক কামত নিজৰ কষ্টোপাৰ্জিত ধন ব্যয় কৰাৰ লগতে যিকোনো ৰাজহুৱা কামত হাত দিলে সেয়া সম্পূৰ্ণ নোহোৱালৈকে বিৰাম নোলোৱা দে’ৰ প্ৰচেষ্টাতে  হাৰিগাঁৱৰ ৰাজহুৱা শ্মশানখন তেজপুৰত প্ৰথমখন উদ্যান  শ্মশানৰ ৰূপ পাইছিল৷ আজি এইজন ব্যক্তিৰ নশ্বৰদেহ গায়ন বায়নৰে সুশোভিত বাহনৰে প্ৰথমে নিকামূল সত্ৰলৈ নিয়াৰ পাছত গহন চন্দ্ৰ গোস্বামী স্মৃতি উদ্যানলৈ অনা হয় আৰু ইয়াতে উদ্যান সমিতিৰ লগতে বিহু,ৰাস সমিতি তথা চিত্ৰলেখা মহিলা শিল্প সমাজকে ধৰি বিভিন্ন অনুষ্ঠানে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷পাছত দে’ই ৰাইজৰ সহযোগত নিজহাতে সজাই তোলা  হাৰিগাঁও ৰাজহুৱা শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷এইজন আদৰ্শ ব্যক্তিৰ বিয়োগত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা,প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী জগন্নাথ বৰা, নৰেণ চন্দ্ৰ দাস, প্ৰেমা মহন্ত, বীৰেন বৰা, মুকুল গোস্বামী, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন, শোণিতপুৰ প্ৰেছ ক্লাৱ, নটৰাজম কলা মন্দিৰ, চিত্ৰলেখা মিলন সংঘ আদিকে ধৰি বিভিন্ন ব্যক্তি তথা অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷ বিয়োগৰ সময়ত দে’ই পৰিবাৰ, বোৱাৰী আৰু নাতি সহ অসংখ্য গুণমুগ্ধক এৰি গৈছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More