গহপুৰৰ টকৌবাৰীত দুৰ্ঘটনাত পাঁচ বিহুৱা-নাচনীৰ কৰুণ মৃত্যু

0 22

গহপুৰ,১৭ ফেব্ৰুৱাৰী:গহপুৰৰ টকৌবাৰীত যোৱা নিশা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত ৩ যুৱতী সহ৫ জন লোক নিহত হয়। গহপুৰৰ হেলেম আৰক্ষী থানাৰ অৰ্ন্তগত টকৌবাৰীত সংঘটিত দুৰ্ঘটনাটোত উত্তৰ কাৰিবিল গাঁৱৰ এটি হুঁচৰি দলৰ পাঁচ গৰাকীকৈ বিহুৱা-নাচনীৰ কৰুণ মৃত্যু ঘটে। গাঁওখনৰ প্ৰায় কুৰিজনীয়া ডেকা গাভৰুৰ দলে এচ ২৫ ডিচি ৭৪১৮ নম্বৰৰ বলেৰ’পিকআপ ভানত উঠি নিশা টকৌবাৰী অঞ্চলত হুঁচৰি গাবলৈ যায়। নিশা ১২ মান বজাত টকৌবাৰী ফ্লাই অভাৰৰ কাষৰ পথেৰে ঘুৰি আহোতে এটা কেঁকুৰি ঘুৰিবলৈ ধৰোতেই গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়াই পথৰ কাষৰ খাৱৈত বাগৰি পৰে। ভয়াবহ দুৰ্ঘটনাটোত গাড়ীখনত উঠি অহা ৰাধিকা দৈমাৰী,বুদ্ধিমতী বড়ো,বৰ্ণালী বড়ো নামৰ কিশোৰী তিনিগৰাকীৰ লগতে সঞ্জয় বসুমতাৰী আৰু কলিমন বসুমতাৰী নামৰ কিশোৰ দুজনৰ ঘটনাস্থলীতে মৃত্যু হয়। স্থানীয় ৰাইজে অভিযোগ কৰা মতে গাড়ীখনৰ চালকজনে সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱাত পাঁচজনকৈ উদীয়মান কিশোৰ কিশোৰীয়ে প্ৰাণ হেৰুৱাব লগা হয়। হেঁপাহৰ ৰঙালী বিহুৰ আনন্দ উলাহৰ মাজতে নিশা সংঘটিত হোৱা কৰুণ দুৰ্ঘটনাটোৱে সমগ্ৰ গহপুৰতে গভীৰ শোকৰ ছাঁ পেলাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More