গাঁৱৰ নাম সলনি কৰি ৰাখিলে ‘ইউক্ৰেইন’

যুদ্ধবিধ্বস্তৰ প্ৰতি সহমৰ্মিতা

0 40

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ এপ্ৰিল : সহানুভূতি প্রকাশৰ বাবে দূৰত্ব কেতিয়াও সমস্যা হ’ব নোৱাৰে। প্রমাণ কৰি দেখুৱালে স্পেইনৰ দক্ষিণাঞ্চলৰ শান্তিপূর্ণ সৰু এখন গাঁৱৰ বাসিন্দাসকলে। ফুৱেন্তেচ দ্য আন্দালুচিয়া (Fuentes De Andalucia) নামৰ এই গাঁওখনৰ বাসিন্দাসকলে ইউক্রেইনৰ শৰণার্থীসকলৰ বাবে এক অভাৱনীয় কাণ্ড কৰিলে। তেওঁলোকে ইউক্রেইন যুদ্ধৰ বিষয়ে সচেতনতা সৃষ্টিৰ লক্ষ্যৰে নিজ গাঁওখনৰ নামেই সলাই পেলালে! নতুন নাম ৰাখিলে ‘ইউক্রেইন’! ৰুছ আক্ৰমণৰ চিকাৰ হোৱা ইউক্রেইনৰ পৰা এই গাঁওখনৰ দূৰত্ব চাৰি হাজাৰ কিলোমিটাৰৰো অধিক। গাঁওখনৰ প্রৱেশপথত ‘ফুৱেন্তেচ দ্য আন্দালুচিয়া’ বুলি লেখা থাকে। কিন্তু এইবাৰ উক্ত ঠাই ল’লে নতুন নাম ‘ইউক্রেইন’-এ। কাষতে অঁকা হৈছে ইউক্রেইনৰ নীলা-হালধীয়া বৰণৰ পতাকাও। গাঁওখনৰ পথবোৰৰ নামকৰণো কৰা হৈছে ইউক্রেইনৰ ‘চিটি অব কিয়েভ’, ‘ওডেচা’ আৰু ‘মাৰিউপোল’ৰ দৰে চহৰবোৰৰ নামেৰে। স্পেইনৰ এই গাঁওখনত ৭১০০ মানুহে বসবাস কৰে। গাঁওখনৰ এগৰাকী বাসিন্দা ফ্রান্সিচকো মার্টিনেজে এক সংবাদ সংস্থাক কয় যে, গাঁওখনৰ নাম পৰিৱর্তন কৰাৰ মূল উদ্দেশ্য হৈছে, ইউক্রেইন যুদ্ধৰ সমান্তৰালভাৱে বিশ্বৰ য’ত য’ত সংঘর্ষ চলিছে, সেই সকলোতে যুদ্ধক লৈ শুভবুদ্ধিসম্পন্ন মানুহৰ মাজত সচেতনতা সৃষ্টি কৰা। নাম পৰিৱর্তন কৰাৰ সমানে সমানে দুদিনৰ ভিতৰত গাঁওবাসীয়ে তাত শৰণার্থী শিবিৰ খুলিবলৈ ৩৫০০ ইউৰো বৰঙণি সংগ্রহ কৰিছে। এই শৰণার্থী শিবিৰতেই তেওঁলোকে ইউক্রেনিয়ান পৰিয়ালক আশ্রয় দিব বিচাৰিছে। ৰাফাৱেল ওচুনা নামৰ আন এগৰাকী গাঁওবাসীয়ে কয় যে, তেওঁ কোনো ইউক্রেনিয়ান দম্পতিক নিজৰ ঘৰতো ঠাই দিব বিচাৰে। গাঁওবাসী মিলি এনেধৰণৰ কাম কৰিবলৈ পোৱাটো তেওঁলোকৰ বাবে গৌৰৱৰ বিষয় বুলিও মত ব্যক্ত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More