গাভৰু-শিঙৰাৰ বানত নিমিষতে উটি গ’ল বহু ঘৰ-দুৱাৰ, পশু-পক্ষী

নাওবৈচাত বানৰ সংহাৰী ৰূপঃ সোৱণশিৰি, ডিক্ৰং, ৰঙানদীৰ কাল ৰূপ

0 7

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ জুলাই ঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ লগতে বিহপুৰীয়াত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ কেইদিনমানৰ পূৰ্বে শিঙৰা নদীয়ে মথাউৰি ছিঙি নাওবৈচা অঞ্চলত মহা প্ৰলয়ৰ সূচনা কৰাৰ পিছত কালিৰে পৰা গাভৰু আৰু শিঙৰা নদীয়ে লালুক, নাওবৈচা, বঙালমৰাৰ বহু অঞ্চল প্লাবিত কৰাৰ লগতে নিমিষতে ঘৰ দুৱাৰ, পশু-পক্ষী উটুৱাই নিয়াৰ ফলত ৰাইজৰ মাজত হাহাকাৰ লাগিছে৷ বহু লোকৰ ঘৰ দুৱাৰ পানীত বুৰ যোৱাৰ ফলত তেওঁলোকে ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিব লগা লৈছে৷ বিশেষকৈ নাওবৈচাত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ লালুকৰ মেনেহা নদীয়ে বানৰ সৃষ্টি কৰাত নিশাটোৰ ভিতৰতে ১০ সহস্ৰাধিক লোক বানৰ কবলত পৰিছে৷ ফটেহপুৰ, ইছলামপুৰ, দৌলতপুৰ আদিৰ বহু সংখ্যক ৰাজহ গাঁও বানৰ কবলত পৰাৰ পিছতো প্ৰশাসনে দুৰ্গত লোকসকলক সহায়ৰ বাবে আগবাঢ়ি নোযোৱাত বন্যাৰ্ত লোকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ একেদৰে বানৰ কবলত পৰা লোকসকলে এতিয়া এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ মেনেহা, গাভৰু নদীৰ আচন্বিত বানে কৃষিজীৱী লোকসকলৰ পুখুৰীৰ মাছ, হাঁহ, কুকুৰা, গৰু-ছাগলী পৰ্যন্ত উটুৱাই নিয়াত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ একেদৰে জিলাখনৰ সোৱণশিৰি, ৰঙানদী, ডিক্ৰং, পিছলা আদি নদী সমূহেও ভয়ংকৰ ৰূপ ধাৰণ কৰাত বন্যাৰ্ত লোকসকল কিংকৰ্তব্য বিমূঢ় হৈ পৰিছে৷ ডিক্ৰং আৰু পিছলা নদীয়ে বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত বহু গাঁও জলমগ্ন কৰি তোলাৰ লগতে হাজাৰ হাজাৰ হেক্টৰ শালি খেতি নষ্ট কৰিছে৷ আহাৰৰ মাজ ভাগত কৃষকসকলৰ শালি কঠিয়াসমূহ পানীত বুৰ যোৱাৰ ফলত কৃষকসকলে মূৰে কপালে হাত দিব লগা হৈছে৷ ইফালে জিলাখনৰ পশ্চিম প্ৰান্তৰ পিছলা নদীয়ে ধলপুৰ মৌজাৰ অন্তৰ্গত খলিহামাৰী, নিদানচোৱা, ফুটাভোগ, ৰূপতলি, ভাতমৌ, বৰঠেকেৰাবাৰী আদি গাঁও সমূহ বুৰাই পেলোৱাত বানাক্ৰান্ত লোকসকলে নিৰাপদ স্থানলৈ ঢাপলি মেলিব লগা হৈছে৷ একেদৰে ৰঙানদী আৰু সোৱণশিৰিয়েও লখিমপুৰ জিলাৰ নামনি অংশত বানৰ সূচনা কৰিছে৷ ৰঙানদীয়ে আমতলা, মলোৱাল আদিত বহু ঘৰ-দুৱাৰ বুৰাই পেলোৱাৰ লগতে কৃষকসকলে অতি কষ্টৰে ৰোপণ কৰা পথাৰসমূহৰ বিস্তৰ ক্ষতি সাধন কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More