গুৱাহাটীৰ ’ডাবল মাৰ্ডাৰ’ কাণ্ডত ব্যৱহৃত গাড়ী তিনিচুকীয়া আৰক্ষীৰ জিম্মাত

অভিশপ্ত গাড়ীখনত দুজন ব্যক্তিক ভাড়াত লৈ আহিছিল ধনজিৎ ডেকাই

0 26
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২১ ফেব্ৰুৱাৰীঃ সমগ্ৰ ৰাজ্য কঁপাই যোৱা গুৱাহাটীৰ ’ডাবল মাৰ্ডাৰ’ কাণ্ডত ব্যৱহৃত অভিশপ্ত গাড়ীখন সম্প্ৰতি তিনিচুকীয়া আৰক্ষীৰ জিম্মাত আছে ৷ উল্লেখ্য, প্ৰায় সাত মাহ পূৰ্বে গুৱাহাটীৰ বন্দনা কলিতা নামৰ এগৰাকী যুৱতীয়ে ধনজিৎ ডেকা আৰু অৰূপ দাস নামৰ দুই যুৱকৰ সহযোগত নিজৰ স্বামী আৰু শাহুৱেকক অতি নৃশংসভাৱে হত্যা কৰি তেওঁলোকৰ মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱাৰ পাছত এই সংগীদ্বয়ৰ সহযোগতে মৃতদেহৰ টুকুৰাসমূহ মেঘালয়ৰ পাহাৰৰ পৰা তলত পেলাই দিয়াত ব্যৱহৃত হৈছিল এ এছ ০১ জে চি ৫৭৯৫ নম্বৰৰ বিলাসী হুণ্ডাই কোম্পানীৰ এচেণ্ট গাড়ীখন ৷ অসম, মেঘালয় আৰু অৰুণাচলৰ টুৰিষ্ট পাৰ্মিট লৈ চলাচল কৰা উক্ত অভিশপ্ত গাড়ীখনতে দুজন ব্যক্তিক ভাড়া হিচাপে লৈ অহাৰ সময়তে ১৭ ফেব্ৰুৱাৰীত তিনিচুকীয়া আৰক্ষীৰ নিয়মীয়া তালাচীত ধনজিৎ ডেকা ধৰা পৰিছিল ৷ তিনিচুকীয়া আৰক্ষীয়ে গাড়ীখনৰ চালকৰ আসনত থকা ধনজিৎ ডেকাক সদৰ থানালৈ নি সোধপোছ কৰাৰ সময়ত ধনজিৎ ডেকাই গুৱাহাটীৰ শিহৰণকাৰী হত্যাকাণ্ডৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰা বুলি প্ৰকাশ ৷ ইয়াৰ পিছদিনা অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীত ধৃত ধনজিৎ ডেকাক গুৱাহাটী লৈ যোৱা হয় ৷ কিন্তু নৃশংস ’ডাবল মাৰ্ডাৰ’ কাণ্ডত ব্যৱহৃত অভিশপ্ত গাড়ীখন এতিয়াও তিনিচুকীয়া আৰক্ষীৰ জিম্মাতে আছে ৷ স্মৰ্তব্য, গুৱাহাটী মহানগৰীৰ নাৰেংগী এছ বি আই বেংকৰ সমীপৰ বাসিন্দা অমৰজ্যোতি দে’ৰ কেইবছৰমান পূর্বে বন্দনা কলিতা IMG 20230220 WA0033নামৰ যুৱতী গৰাকীৰ সৈতে বিবাহ সম্পন্ন হৈছিল । কিন্তু বিয়াৰ কিছুদিন পাছত বন্দনাৰ ধনজিৎ ডেকা নামৰ এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্কৰ কথা পোহৰলৈ অহাৰ পাছৰ পৰা স্বামী স্ত্ৰীৰ মাজত সম্পৰ্কই ফাঁট মেলা বুলি প্ৰকাশ ৷ ইফালে অমৰজ্যোতি দে’ৰ মাতৃ শংকৰী দে’ৰ নামত মহানগৰীৰ চান্দমাৰি অঞ্চলত পাঁচটা অট্টালিকা আছিল ৷ তাৰে এটাত মাতৃয়ে অকলে বাস কৰাৰ বিপৰীতে অন্য চাৰিটা অট্টালিকাৰ ভাড়া সংগ্ৰহ কৰি আছিল অমৰজ্যোতি দে’ৰ মোমায়েকে ৷ ইয়াকে লৈ বন্দনা ক্ষুণ্ণ হৈ পৰিছিল ৷ এইবোৰ কাৰণতে বন্দনা কলিতা আৰু স্বামী অমৰজ্যোতি দে’ৰ মাজত বিবাহ বিচ্ছেদৰ প্ৰস্তুতি চলি আছিল ৷ এনে সময়তে প্রায় ৭ মাহ পূর্বে বন্দনাই তেওঁৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ নিখোজ হৈ থকা বুলি নুনমাটি থানাত এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই থকাৰ সময়তে বন্দনাই শাহুৰ পাঁচটা একাউণ্টৰ ধন অমৰজ্যোতি দে’ৰ মোমায়েকে হৰলুকী কৰাৰ অভিযোগ কৰি দ্বিতীয়খন এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে এই পাঁচটা একাউণ্টৰ ধন উলিওৱা ঘটনাটো সূক্ষ্ম ভাবে তদন্ত কৰি ইয়াৰ এটা একাউণ্টৰ পৰা বন্দনাই এ টি এম ব্যৱহাৰ কৰি পাঁচ লাখ টকা উলিওৱাৰ তথ্য লাভ কৰে ৷ এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষীৰ বন্দনাৰ ওপৰত সন্দেহ ওপজে আৰু যোৱা ১৭ ফেব্ৰুৱাৰীত বন্দনাক আটক কৰে ৷ আৰক্ষীৰ জেৰাত বন্দনাই শাহু আৰু স্বামীক ধনজিৎ ডেকা আৰু অৰূপ দাসৰ সহযোগত হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰ কৈ কাটি ফ্ৰীজত ভৰাই থৈ পৰৱৰ্তী সময়ত ধনজিৎ ডেকাৰ গাড়ীত ভৰাই মেঘালয়ৰ ডাউকীলৈ গৈ গভীৰ খাৱৈত পেলাই দিয়াৰ কথা স্বীকাৰ কৰে ৷ বন্দনাৰ ভাষ্যৰ ভিত্তিতে ১৭ ফ্ৰেব্ৰুৱাৰীৰ দিনাই আৰক্ষীয়ে ধনজিৎ ডেকাক উক্ত অভিশপ্ত গাড়ীখনৰ সৈতে তিনিচুকীয়াত আটক কৰিবলৈ সক্ষম হয় ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More