গৰ্ভস্থ শিশুৰ হাওঁফাওঁ, মগজু, যকৃতত প্ৰদূষক কণা!

গৱেষণাত ওলাল ভয়ংকৰ তথ্য

0 10
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ অক্টোবৰঃ বায়ু প্ৰদূষণ বৃদ্ধি হোৱাৰ লগে লগে গৰ্ভস্থ শিশুৰ মগজুৰ বিকাশতো ইয়াৰ প্ৰভাৱ পৰে। হাওঁফাওঁ আৰু যকৃতৰ গুৰুতৰ ক্ষতি হয়। এখন গৱেষণা পত্ৰই চহৰ অঞ্চলৰ প্ৰদূষিত পৰিৱেশত ডাঙৰ-দীঘল হোৱা শিশুৰ ‘ভৱিষ্যৎ’ক লৈ এনে উদ্বেগক আলোকপাত কৰিছে। বেলজিয়ামৰ হেচেল্ট বিশ্ববিদ্যালয়ৰ অধ্যাপক টিম নাৱৰট আৰু তেওঁৰ সহায়কসকলৰ গৱেষণাৰ ফলাফল ব্ৰিটিছ কাকত ‘দ্য গাৰ্ডিয়ান’ত প্ৰকাশ পাইছে। ইয়াত কোৱা হৈছে যে প্ৰদূষিত অঞ্চলত ভ্ৰুণৰ মগজু, হাওঁফাওঁ আৰু যকৃতত কণা পদাৰ্থৰ উপস্থিতি পোৱা গৈছে। ২০১৮ চনত লণ্ডনৰ কুইন মেৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক জনাথন গ্ৰীগ আৰু তেওঁৰ সহযোগীসকলে প্ৰথমবাৰৰ বাবে চহৰ অঞ্চলত মানুহৰ ভ্ৰুণত বায়ু প্ৰদূষক পদাৰ্থৰ উপস্থিতিৰ খবৰ দিছিল। হেচেল্ট বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে স্কটলেণ্ড আৰু বেলজিয়ামৰ তুলনামূলকভাৱে কম প্ৰদূষণ থকা চহৰসমূহত ধূমপান নকৰা মাতৃসকলক পৰীক্ষা কৰি ভ্ৰুণবোৰত কাৰ্বনকে ধৰি বিভিন্ন প্ৰদূষকৰ মাত্ৰা ভয়ংকৰ ৰূপত পাইছে। প্ৰদূষিত অঞ্চলত এই পৰীক্ষাৰ ফলাফল অধিক ভয়াৱহ হ’ব পাৰে বুলি তেওঁলোকে আশংকা কৰিছে। উন্নয়নৰ ‘সৌজন্যত’ চহৰবোৰৰ পৰা সেউজীয়া নোহোৱা হৈ গৈ আছে। কাৰখানা আৰু গাড়ীৰ সংখ্যা বৃদ্ধি পাইছে। তাৰ লগে লগে বায়ু প্ৰদূষণ বাঢ়িছে। এই জলবায়ুত শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত শিশু আৰু কিশোৰ-কিশোৰীৰ সংখ্যা বৃদ্ধি হোৱাটোও চিন্তনীয় হৈ পৰিছে। কিছুদিন পূৰ্বে এক আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিবেদনত কোৱা হৈছিল যে চহৰ অঞ্চলত ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD) ৰোগত আক্ৰান্ত শিশুৰ হাৰ আতংকজনকভাৱে বৃদ্ধি পাইছে। এইবাৰ গম পোৱা গ’ল যে গৰ্ভস্থ শিশুও প্ৰদূষণৰ পৰা মুক্ত নহয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More