ঘিলামৰাত কৃতী শিক্ষয়িত্ৰী-ধৰ্মপ্ৰাণা মহিলাৰ মৃত্যু

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ এপ্ৰিলঃ লখিমপুৰ জিলাৰ ঘিলামৰা বৰজান চাপৰি নিবাসী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী তথা ধৰ্মপ্ৰাণা মহিলা ইন্দুপ্ৰভা গগৈ [৮৩] ৰ আজি পুৱতি নিশা ৩.৩০ বজাত নিজ বাসগৃহত মৃত্যু হয়৷ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লোৱা মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ তেওঁৰ মৃত্যুত ঘিলামৰা জ্যেষ্ঠ নাগৰিক সংস্থা, সদৌ ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ঘিলামৰা আঞ্চলিকৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনোৱাৰ লগতে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত মহিলাগৰাকীয়ে স্বামী সহ চাৰি কন্যা, এটি পুত্ৰকে ধৰি বহু আত্মীয়ক এৰি থৈ যায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More