ঘুনাসূতিত কৃষকক পাম্পছেট বিতৰণ আই জি এছ এছ  এছৰ 

0 33
শতাব্দ প্রতিনিধি, লখিমপুৰ  ২৪ ফেব্ৰুৱাৰীঃ ভাৰত চৰকাৰৰ অধীনস্থ বেচৰকাৰী সংস্থা ইণ্ডো গ্ল’ৱেল ছ’চিয়েল ছাৰ্ভিচ ছ’চাইটিয়ে এইচ ডি এফ চি বেংকৰ অৰ্থ সাহায্যত আজি লখিমপুৰ জিলাৰ ঘূণাসুঁতি, ন-কদম আৰু লখিমপুৰ পঞ্চায়তৰ ১৫ গৰাকী কৃষকৰ মাজত বিভিন্ন প্ৰকাৰৰ ৰবি শস্যৰ বীজ জিকা, তিঁয়হ, দাংবডীৰ বীজ বিনামূলীয়াকৈ বিতৰণ কৰে। আনহাতে বধাকৰা হাইস্কুল, বধাকৰা এম. ই. স্কুল, পূব ঘাগৰ এম. ই স্কুল, দেবিৰাম IMG 20230224 WA0011পাংগিং হাইস্কুল, বাদুলীপাৰা হিজলুগুৰী এল. পি. স্কুলতো বিনামূলীয়া শস্যৰ বীজ বিতৰণ কৰে। ইফালে মহাইজান, জামুগুৰি, বামুণীজান আৰু উৰিয়ামতলা গাঁৱৰ বড়ো খেতিত পানী যোগানৰ বাবে চাৰিটা কৃষক গোটৰ মাজত পাম্প ছেট আৰু পানীৰ পাইপো বিতৰণ কৰে। অনুষ্ঠানত মহাইজান ভি ডি চিৰ টংক দাস, আই জি এছ এছ এছৰ কৰ্মকৰ্তা মণ্টু শ‍ইকীয়া, এলিচ কংগাদী, ধৰণী পায়েং আৰু হৰি বড়ো উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More