ঘূনাসুঁতি দলং নিৰ্মাণ হব কেতিয়াঃ ৩৮০ কোটি টকীয়া দলং নিৰ্মাণত শামুকীয়া গতি 

0 48

 

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৩ মে ঃ বহু আশা আৰু প্ৰত্যাশাৰ মাজত সোৱণশিৰি নদীৰ ওপৰত ঘূনাসুঁতি ঘাটত অসম চৰকাৰে পকী দলং নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যক লখিমপুৰীয়া ৰাইজে আদৰণি জনাইছিল যদিও সময়ত দলংখন নিৰ্মাণ হ’বনে বুলি ৰাইজৰ মাজত সন্দেহ উপজিছে৷ কিয়নো দলংখনৰ শামুকীয়া নিৰ্মাণ কাৰ্যই এতিয়া ৰাইজক এনে কথা ভৱাই তুলিবলৈ বাধ্য হৈছে৷ উল্লেখ্য যে ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহতে ঘূনাসুঁতিত এই দলংখনৰ আধাৰশিলা মুখ্যমন্ত্ৰীয়ে স্থাপন কৰিছিল যদিও অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে অতি লেহেমীয়া গতিৰে আৰু নিম্ন সংখ্যক যন্ত্ৰ-পাতিৰে দলং নিৰ্মাণৰ প্ৰাৰম্ভিক কামকাজ অব্যাহত ৰখা পৰিলক্ষিত হৈছে৷ অসম চৰকাৰৰ অসম মালা আঁচনিৰ অধীনত ৩৮০ কোটি টকাৰ ব্যয় সাপেক্ষে এই দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে যদিও মুঠ ২.৪ কিলোমিটাৰ দৈঘ্যৰ দলংখনৰ মুঠ ৪১ টা খুটাৰ ভিতৰত ৪টা খুটা নিৰ্মাণ কৰিছে যদিও এই পৰ্যন্ত এটা খুটাও সম্পূৰ্ণ হৈ উঠা নাই৷ সোৱণশিৰিৰ বুকুত নিৰ্মাণ কৰিবলৈ লোৱা এই দলংখনে কেৱল লখিমপুৰবাসীৰে নহয় মাজুলী, যোৰহাট, অৰুণাচল আদিকে ধৰি বিভিন্ন প্ৰান্তৰ লোকসকলক আনন্দিত কৰিছিল যদিও এই দলংখনৰ লেহেমীয়া নিৰ্মাণ কাৰ্যই স্থানীয় লোকক ক্ষোভিত কৰি তুলিছে৷ সম্প্ৰতি দলংখনৰ নিৰ্মাণ কাৰ্য ৱৰ্ল্ড বেংকৰ লগতে অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ ঘিলামৰা পথ সংমণ্ডলে দায়িত্ব বহন কৰিছে যদিও কিয় দলংখনৰ নিৰ্মাণ কাৰ্য এতিয়াও অতি লেহেমীয়া হৈ আছে সেয়া সাধাৰণ ৰাইজৰ বোধগম্য হোৱা নাই৷ খৰালি কালতে কামৰ গতি লেহেমীয়া হোৱাৰ পিছত ভৰ বাৰিষা ভৰা সোৱণশিৰিত নিৰ্মাণকাৰী সংস্থাটোৱে কেনেদৰে দলঙৰ নিৰ্মাণ কাৰ্য আগবঢ়াই নিব সেয়া লক্ষণীয়৷ ইফালে এই দলংখনৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক ঘূনাসুঁতিৰ মিৰি জীয়ৰী খেলপথাৰত বিশাল জনসভাত ৰাইজক উদ্দেশ্যি কৈছিল যে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ তেওঁ এই দলঙৰ ওপৰেৰে আহিব৷ কিন্তু দলঙৰ আধাৰশিলা স্থাপনৰ ছমাহ পাৰ হোৱাৰ পিছতো এই পৰ্যন্ত সোৱণশিৰিৰ ওপৰত নিৰ্মাণ হ’বলগা দলংখনৰ নিৰ্মাণ কাৰ্য ১০ শতাংশও আগবঢ়া নাই৷ উল্লেখ্য যে ঐতিহাসিক ঘূনাসুঁতি পথৰ এই দলংখনৰ এটা মূৰ মহাইজানত আৰু আনটো মুৰ ঘূনাসুঁতিৰ বামুণীজানত সংযোগ হ’ব যদিও প্ৰায় আঢ়ৈ কিলোমিটাৰ দৈঘ্যৰ্ৰ এই দলংখনৰ নিৰ্মাণ কাৰ্য এতিয়াও তেনেই শামুকীয়া গতিতে আছে৷ ইফালে দলংখন নিৰ্মাণ হৈ উঠিলে ঐতিহাসিক ঘূনাসুঁতি ঘাটত সোৱণশিৰিৰ ওপৰত অব্যাহত থকা টুলুঙা নাৱৰ যাত্ৰা একপ্ৰকাৰে ইতিহাসত পৰিণত হ’ব৷ পৰিতাপৰ কথা যে লখিমপুৰবাসীৰ লগতে ঘূনাসুঁতিবাসীয়ে পুৰণি ঢকুৱাখনা সংযোগী [ডিকে ৰোড] পথৰ ঘূনাসুঁতি ঘাটত সোৱণশিৰিৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল৷ এই ঘাটত প্ৰায়ে টুলুঙা নাৱেৰে যাতায়াত অব্যাহত থকাত বহু সময়ত একাধিক নাও দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ ঘূনাসুঁতিৰ এই দলং নিৰ্মাণ হৈ উঠিলে ঢকুৱাখনাৰ লগত লখিমপুৰৰ পোনপটীয়া যোগাযোগ হ’ব আৰু ঢকুৱাখনাৰ দূৰত্ব প্ৰায় ৪০ কিলোমিটাৰ হ্ৰাস পাব৷ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো বিশেষকৈ কৃষিজীৱী লোকসকলক এই দলংখনে যথেষ্ট সহায় কৰিব৷ সেয়েহে দলংখন শীঘ্ৰে নিৰ্মাণ হৈ উঠাতো সকলোৱে আশা প্ৰকাশ কৰিছে৷

[/vc_column_text][/vc_column][/vc_row]

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More