ঘৰৰ অভিভাৱকজন শিক্ষিত হ’ব লাগে-কংগ্ৰেছ ৰাষ্ট্ৰীয় মুখপাত্ৰ মমিন

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২এপ্ৰিলঃ “ঘৰ এখনৰ অভিভাৱকজন শিক্ষিত হ’লেহে ঘৰখন ভালদৰে পৰিচালনা হয়৷ এজন চাহবেচা লোক দেশৰ অভিভাৱক হ’লে কি হ’ব ভাৱক৷” তেজপুৰত আজি এই মন্তব্য কৰে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ মমিতা মমিনে৷ আজি দিনৰ ১১বজাত তেজপুৰস্হিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত অংশলৈ মমিনে লগতে কয় যে, বেটি পঢ়াও বেটি বচাও শ্লগান দিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা সকলক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হৈছে৷দেশ তথা ৰাজ্যত সম্প্ৰতি  নাৰী নিৰ্যাতন, নাৰী ধৰ্ষণ আৰু হত্যাৰ ঘটনা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে,ৰাজ্যত  ২০১৪ ত তৰুণ গগৈৰ শাসন কালত  নিবনুৱাৰ হাৰ আছিল দশমিক সাত শতাংশ আৰু আজি এই হাৰ চাৰি দশমিক সাত শতাংশলৈ বৃদ্ধি পালে৷ নিবনুৱাক সংস্হাপন দিয়াত হিমন্ত বিশ্বশৰ্মা চৰকাৰ ব্যৰ্থ হোৱা বুলি উল্লেখ কৰে মমিনে৷ আনহাতে, শেহতীয়াকৈ  কংগ্ৰেছৰ এজেন্ট সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, শৰ্মাই যি মন যায় তাকেই কয়, দুদিন মান ৰখক  গাখীৰ আৰু পানী সকলো স্পষ্ট হৈ পৰিব৷ আজি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত পৃথিৱীৰ ভিতৰত ১২১ নম্বৰ স্হানলৈ অৱনমিত হোৱাটো দুৰ্ভাগ্যৰ বিষয় বুলিও তেওঁ কয়৷ আজি তেজপুৰ লোকসভা সমষ্টিত তৃতীয় বৰ্ষৰ যুৱ ভাৰত কন্ঠ প্ৰতিযোগিতা মুকলি কৰি মমিনে সম্প্ৰতি দেশত বিৰোধী দলৰ সদস্যসকলক নানা প্ৰকাৰে হেচা দিয়াৰ চেষ্টা বিজেপিয়ে কৰিছে  বুলিও কয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More