উদ্ধত যত শাখাৰ শিখৰে…

0 132

দাদুল দেৱকৃষ্ণ বৰুৱা

১৯৩৮ চনত প্ৰকাশিত Daphne du Maurierৰ উপন্যাস Rebeccaৰ নায়িকা ৰেবেকাৰ যৌৱন ৰডোডেনড্রনৰ তপ্তযৌৱনৰ ৰঙেৰে ৰঙা। এই উপন্যাসৰ অৱলম্বনতেই হিচককে নিৰ্মাণ কৰিছিল বিখ্যাত চলচ্চিত্র Rebecca। ৰডোডেনড্রনক ভাৰতীয় সাহিত্যত ভাস্বৰ কৰি তুলিছিলে ৰবীন্দ্রনাথ ঠাকুৰে তেওঁৰ শেষের কবিতাত। নেপালৰ ৰাষ্ট্ৰীয় ফুল এই ‘লালিগোৰাছ’। চুবুৰীয়া নাগালেণ্ডৰো ৰাজ্যিক পুষ্প এই ৰডোডেনড্ৰন; আংগামীৰ ভাষাৰে ‘নিথু’।

inbound622439622256836186জেমছ জয়েছৰ বিশালাকাৰ উপন্যাস ইউলিচিচত ডাবলিন উপসাগৰৰ এক এলেকাত ফুলি থকা ৰডোডেনড্রনৰ মাজত লিওপোল্ড ব্লুমে বিয়াৰ প্রস্তাৱ দিছিল নায়িকা মলি ব্লুমক। প্রণয় নিৱেদনৰ চমৎকাৰ প্রেক্ষাপট ৰচিত হৈছিল ৰডোডেনড্রনৰ সান্নিধ্যত। সংলাপতো সেই কথা উল্লেখ কৰিবলৈ পাহৰা নাছিল ঔপন্যাসিকে, যেতিয়া পৰৱর্তী কালত স্মৃতি ৰোমন্থন কৰিছিল নায়িকা মলিয়ে— …the day we were lying among the rhododendrons on howth head in the grey tweed suit and his straw hat I got him to propose to me.

inbound500833649245551155ৰডোডেনড্রন মূলতঃ দেখা যায় পর্বত, পাহাৰ, তৰাই অঞ্চলত শীতলতাৰপৰা নাতিশীতোষ্ণ আবহাৱালৈকে। ইউৰোপৰ আল্পছ পর্বত, অষ্ট্ৰেলীয় উপদ্বীপ, জাভা-সুমাত্রা, আমেৰিকাৰ উত্তৰাংশ, এছিয়াৰ হিমালয় পর্বতভূমিৰ ভাৰত, চীন, নেপাল, জাপান ৰডোডেনড্রনৰ নিজাপী ঘৰ। বর্তমান গোটেই বিশ্বত প্রায় ১১০০ প্রজাতিৰ ৰডোডেনড্রন আছে।

inbound6170748616890293642ৰডোডেনড্ৰনৰ আছে বহু কাহিনী, বহু গল্প আৰু কবিতা। ইয়াত সেইবোৰ ক’ব বিচৰা নাই। আপুনি যদি ভ্ৰমণ পিয়াসী, আপোনাৰ বাবেই ৰডোডেনড্ৰনৰ বিষয়ে এই পাতনি। আপুনি নিশ্চয় ভাবিছে— এই বসন্ততে ফুৰি আহোঁ এপাক! পিছে ক’লৈ যাব? এতিয়া দেশৰ পাহাৰজুৰি ৰডোডেনড্রনৰ বাহাৰ, শৈলচহৰত বসন্তৰ আমেজ। টিকটিকিয়া ৰঙা ৰডোডেনড্রনৰ মাজেৰেই ছিকিমৰপৰা ধৰা পৰে কাঞ্চনজংঘা অথবা টাৱাঙৰপৰা দেখা যায় বৰফ শিখৰ। একেদৰে উত্তৰাখণ্ডৰ জকমকীয়া ৰডোডেনড্ৰনৰ মাজেৰে দেখি শুভ্ৰ নন্দা দেৱী। নাগালেণ্ডৰ ঝুক’ উপত্যকালৈ যোৱা আৰণ্যক পথ অথবা জাপফু শিখৰতো এতিয়া ৰডোডেনড্ৰনৰ শোভা। নকৈ নোৱাৰি— জাপফু শিখৰতেই আছে এছিয়াৰ দ্বিতীয় উচ্চতম ৰডোডেনড্ৰনজোপা।

inbound6423346898610840466গ্রীক শব্দ ‘ৰডোন’-ৰ শব্দার্থ গোলাপ আৰু ‘ডেনড্রন’ মানে গছ। নামকৰণ কৰিছিল আধুনিক টেক্স’নমিৰ জনক কার্ল ফন লিনিয়াছে Species Plantarum গ্রন্থত (১৭৫৩ চনত)। তাৰ পূৰ্বে এই ফুলক ইউৰোপত আলপাইন ৰ’জ, আলপেন ৰ’জ কিম্বা স্ন’ ৰ’জ বোলা হৈছিল। আমেৰিকাত পৰিচিত আছিল গ্রেট লৰেল, ছোৱাম্প হানিচাকেল নামেৰে।

inbound962085665219925020আপুনি নিশ্চয় ভাল পায় ৰডোডেনড্ৰনৰ উজ্জ্বল ৰঙেৰে ৰঙীন ফুলবোৰ। পিছে ক’লৈ যাব চাবলৈ এই শোভা? আপুনি যদি ইচ্ছা কৰিছে এই ৰক্তোজ্জ্বল ফুলৰ শোভাৰে হিয়া-মন শাঁত পেলাবলৈ, তেন্তে বাচি লওক চিকিম। বহুতৰে প্রিয় এই ডেষ্টিনেচন। পূজাৰ ছুটি হওক বা শীতৰ ভ্ৰমণ বহুতে গন্তব্য হিচাবে বাচি লয় চিকিমক। কিন্তু চিকিমত ফুৰিবলৈ যোৱাৰ সকলোতকৈ উত্তম সময় কোনখিনি সেয়া বহুতেই হয়তো নাজানে।

inbound8047396263933767591চিকিম হ’ল হিমালয়ৰ এনে এক স্থান যাৰ বসন্ত (Spring) সকলোতকৈ বেলেগ। যদি কাছপিঠীয়া পাহাৰ শিখৰত বৰফ চাবলৈ ইচ্ছা কৰে, তেন্তে চিকিম হৈছে সৰ্বোত্তম ডেষ্টিনেচন। আৰু যদি ৰডোডেনড্রনৰ মেলা চোৱাৰ ইচ্ছা কৰিছে তেতিয়াও চিকিম হৈছে এই দেশ তথা এছিয়াৰ উৎকৃষ্ট ডেষ্টিনেচন। মার্চৰ পৰা মে’ মাহৰ মাজভাগত যদি আপুনি চিকিম ফুৰিবলৈ যায়, তেতিয়া দেখিবলৈ পাব ৰডোডেনড্রনৰ মেলা। গছে গছে থূপা থুপে ৰঙা ফুল ফুলি আছে। কোনো কোনো গছত হয়তো সেউজীয়া পাত এটাও দেখা নাপাব পাৰে ফুলৰ ভিৰত। পাহাৰজুৰি ৰডোডেনড্রনৰ বাহাৰ। কেৱল চোৱাই নহয়; ৰডোডেনড্ৰনৰ ফুলেৰে তৈয়াৰী চিকিমৰ থলুৱা ‘ৱাইন’ৰ সোৱাদো আপুনি লৈ আহিব পাৰে আপোনাৰ মনত হয়তো প্রশ্ন জাগিব পাৰে, এই ৰডোডেনড্রনতো টাৱাং, নাগালেণ্ড, উত্তৰবংগ আৰু দার্জিলিঙতো দেখা যায়; তেনেস্থলত চিকিমৰ বিশেষত্ব ক’ত? ইয়াৰ উত্তৰ হ’ল চিকিমৰ Barsey Rhododendron Sanctuary। এইখন হৈছে উত্তৰ-পূব ভাৰতৰ একমাত্র অভয়াৰণ্য য’ত সময়ৰ আগতেই ধৰা দিয়ে ৰডোডেনড্রন ফুলে। বসন্তত এই অভয়াৰণ্য ভৰি পৰে টিকটিকিয়া ৰঙা ৰঙেৰে। অভয়াৰণ্যজুৰি বিয়পি থাকে ৰডোডেনড্রনৰ সুবাস। ভাৰতৰ পুষ্প উপত্যকাৰ তালিকাতো আছে Barsey Rhododendron Sanctuaryৰ নাম।

inbound4109639482030441726চিকিমৰ এই ৰডোডেনড্রন বিশ্ববিখ্যাত। বিশ্বৰ বিভিন্ন প্রান্তত পোৱা ৩৮টা প্ৰজাতিৰ ৰডোডেনড্রনৰ ভিতৰত ১৯টা প্ৰজাতি আছে চিকিমৰ এই অভয়াৰণ্যত। এই কাৰণেই হয়তো কেৱল চিকিমতেই আছে এনে এখন ‘ৰডোডেনড্রন অভয়াৰণ্য’। তদুপৰি বিশ্বৰ যিবোৰ স্থানত ৰডোডেনড্রন পোৱা যায় তাৰ ভিতৰত দ্বিতীয় স্থানত আছে চিকিম আৰু এছিয়াৰ ভিতৰত প্রথম স্থানত। Barsey Rhododendron Sanctuary ফুলৰ সমানেই চৰাই আৰু ৰেড পাণ্ডাৰ বাবেও বেছ জনপ্রিয়। তদুপৰি টিকটিকিয়া ৰঙা ৰডোডেনড্রনৰ মাজত নিদ্ৰাৰত বুদ্ধৰ যি ছবি ধৰা পৰে এই দৃশ্য বিশ্বৰ ক’তো পোৱা নাযায়। যদিহে আপুনি এডভেন্সাৰ প্ৰিয় মানুহ তেন্তে Barsey Rhododendron trekত এবাৰ যোৱা উচিত। ৰডোডেনড্ৰনৰ মুগ্ধতাত এবাৰ নিজকে হেৰুৱাই চাওকচোন এই বসন্ততে! এই বাসন্তী ৰঙীন পুষ্পৰ সৌন্দৰ্য সুষমা পান কৰি মনতে গুণগুণাওক ‘কবিগুৰু’ৰ এই কবিতা—
পথ বেঁধে দিল বন্ধনহীন গ্রন্থি,
আমরা দুজন চলতি হাওয়ার পন্থী।
রঙিন নিমেষ ধুলার দুলাল
পরানে ছড়ায় আবীর গুলাল,
ওড়না ওড়ায় বর্ষার মেঘে
দিগঙ্গনার নৃত্য,
হঠাৎ-আলোর ঝলকানি লেগে
ঝলমল করে চিত্ত।
নাই আমাদের কনকচাঁপার কুঞ্জ,
বনবীথিকায় কীর্ণ বকুলপুঞ্জ।
হঠাৎ কখন সন্ধ্যাবেলায়
নামহারা ফুল গন্ধ এলায়,
প্রভাতবেলায় হেলাভরে করে
অরুণকিরণে তুচ্ছ
উদ্ধত যত শাখার শিখরে
রডোডেনড্রন গুচ্ছ।

inbound4782892854681573822

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More