চলিত নাট্যবৰ্ষৰ বাবে সাজু হিমাদ্ৰী থিয়েটাৰ 

মুকুতাখ্যাত অশ্বিনী ডেকা,ওমৰ মুক্তাৰ মুখ্য আকৰ্ষণ 

0 121

মুক্তাৰ আলী

বাৰেবৈষ্ণৱৰ জন্মস্থান লখিমপুৰ জিলাৰ নাৰায়ণপুত যুদ্ধংদেহী তৎপততাৰে চলিছে হিমাদ্ৰী থিয়েটাৰৰ আখৰা। নাৰায়ণপুৰ মাধৱপুৰৰ নিজা আখৰাগৃহত আৰম্ভ হোৱা আখৰাত তিনিখনকৈ নাটকৰ আখৰৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। মুখ্য প্ৰযোজক নৱজ্যেতি বুল শইকীয়া আৰু সহ:প্ৰযোজক ভাস্কৰ শইকীয়াই জানিবলৈ দিয়া মতে চলিত নাট্যবৰ্ষত তিনিখন ভিন্ন ৰুচিৰ নাটক ক্ৰমে প্ৰতুল ভূঞাৰ দেউতা তুমি দেৱতা ,ৰমা বৰ্মনৰ ৰাজা বাবু আৰু সৰলা ভূঞাৰ কাঁচিজোন ইতিমধ্যে আখৰাৰ সামৰণিলৈ আগবাঢ়িছে।IMG 20220804 WA0026 স্থানীয় প্ৰতিভাধৰৰ যুৱ অভিনেতা অভিনেত্ৰীৰ লগতে নবীন প্ৰবীণ আৰু খ্যাতিসম্পন্ন অভিনেতা অভিনেত্ৰীৰ মনপৰশা অভিনয়েৰে পুৰ্ণোদ্যমে চলি থকা আখৰাত অংশ লৈছে ক্ৰমে দ্বীপেন ভূঞা,ওমৰ মুক্তাৰ,সদা বৰা ,প্ল্লৱ বৰঠাকুৰ,ৰিয়ান কৌশিক,মানস বৰা,মানৱ চমুৱা,পুস্পাঞ্জলি পাঠক বৈজয়ন্তী মালা,অনুজা বৰা,বন্দনা বৰা আৰু বেহাৰবাৰী আউটপ’ষ্টৰ জনপ্ৰিয় অভিনেতা মুকুতাখ্যাত অশ্বিনী ডেকা। বলিষ্ঠ কাহিনী, আকৰ্ষণীয় সংলাপ আৰু পৰিমাৰ্জিত সংগীত আৰু কলা কৌশলৰ মেটমৰা সম্ভাৰেৰে প্ৰায় সাজু হৈ উঠা নাট্যদলটোৰ দেউতা তুমি দেৱতা নাটখনে এইবাৰ ভ্ৰাম্যমাণ নাট্য জগতত বেচ খলকনি সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।এজন নিষ্ঠাৱান সংবাদ কৰ্মীৰ জীৱন কাহিনীৰ আলমত আগবঢ়া কাহিনীটোৱে প্ৰেম, ত্যাগ, মানৱতা, সংঘাত আদিৰ বেদনা আৰু আনন্দ জোৱাৰ তুলি দৰ্শক শ্ৰোতাক আহ্লাদিত কৰিব পৰাকৈ এক সবল পৰিকাঠামো সৃষ্টি কৰাত নিশ্চিতভাৱে সফল হ’ব বুলি সচেতন সমাজে মত ব্যক্ত কৰিছে।তাৰোপৰি কাঁচিজোন আৰু ৰাজা বাবু নাট দুখনেও সবল কাহিনী, ৰোমাঞ্চ, একশ্যন,চাচপেন্স আৰু বলিষ্ঠ সংলাপেৰে সমৃদ্ধিশালী আৰু যিকোনো দৰ্শকৰ মন আলোকিত কৰিব পৰাকৈ সবল বুলি একেমুখে স্বীকাৰ কৰিব পৰাকৈ সক্ষম।IMG 20220804 WA0025
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পৰা আত্মপ্ৰকাশ কৰা হিমাদ্ৰী থিয়েটাৰৰ এইবাৰ পঞ্চম বৰ্ষৰ যাত্ৰাৰ প্ৰস্তুতি।নৱজ্যোতি বুল শইকীয়া, মণ্ডিতা দত্ত আৰু ভাস্কৰ শইকীয়াৰ ত্যাগ আৰু কৃচ্ছ সাধনাৰ ফচল হিমাদ্ৰী থিয়েটাৰ। প্ৰয়াত শেখৰ শইকীয়াৰ স্মৃতি যুগমীয়া কৰাৰ আঁতুৰ হেঁপাহত জন্ম দিয়া হিমাদ্ৰী থিয়েটাৰে আত্মপ্ৰকাশৰ প্ৰথম বছৰৰ পৰাই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল যদিও বিগত বছৰৰ যাত্ৰা অতিমাৰী কভিড-১৯ৰ প্ৰকোপত আধাতে সামৰিব লগা হৈছিল। এইবাৰ পৰিৱেশৰ অনুকূলতাৰ প্ৰতি লক্ষ্য ৰাখি ন উদ্যম আৰু চেতনাৰ সমলেৰে নাট্য দলটো সাজু হৈছে। অসমীয়া সাহিত্যৰ নীৰব সাধক, একাধাৰে সংগীতজ্ঞ, সাংবাদিক, সুৰকাৰ, গীতিকাৰ নৱজ্যোতি বুল শইকীয়া সপোনৰ ঘৰ হিমাদ্ৰী থিয়েটাৰৰ মূল বৈশিষ্ট্য হ’ল সমসাময়িক সমাজ -ব্যৱস্থা আৰু সাম্প্ৰতিক ঘটনাৰাজিৰ পৰিপ্ৰেক্ষিতত সমাজলৈ শুভ বাৰ্তা প্ৰেৰণেৰে সংস্কাৰমুখী সমাজ গঠন প্ৰক্ৰিয়াত বৰঙণি আগবঢ়োৱা।
হিমাদ্ৰী থিয়েটাৰৰ মুখ্য প্ৰযোজক নৱজ্যেতি বুল শইকীয়া,প্ৰযোজক,দীপক নাথ,সহ:প্ৰযোজক ভাস্কৰ শইকীয়া আৰু সম্পাদক ৰঞ্জন বৰুৱাৰ লগতে মুখ্য পৃষ্ঠপোষক ভাস্কৰ ডেকা, পৃষ্ঠপোষক ক্ৰমে দুলাল বৰুৱা,কৃষ্ণমণি দাস, বিপুল ভূঞা, পংকজ ভূঞা আৰু নাট্যদলটোৰ কলা কুশলীসকল এইবাৰৰ নাট্যসম্ভাৰ আৰু ব্যৱস্থাপনাক লৈ অত্যন্ত সুখী বুলি জানিবলৈ দিছে। চলিত নাট্যবৰ্ষত বাবে বৰ্তমানলৈকে অৰ্ধ শতাধিক পেণ্ডেলৰ চুক্তিৱদ্ধ হোৱা নাট্যদলটোৰ চুক্তিৱদ্ধতাৰ বাবে আগন্তুক এমাহলৈ সময়সীমা বৃদ্ধি কৰা হৈছে বুলি জানিবলৈ দিয়ে ভাস্কৰ শইকীয়াই।
তথাকথিত নাট্য সম্ভাৰৰ বিপৰীতে ভ্ৰাম্যমানৰ খ্যাতি অক্ষুণ্ণ ৰাখিব পৰাকৈ অহৰহ প্ৰচেষ্টাৰ ক্ৰুটি নকৰাকৈ আগবাঢ়ি অহা হিমাদ্ৰী থিয়েটাৰৰ যাত্ৰাত আমিও ফুল চন্দন পৰাৰ কামনা কৰিলো।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More