চাউল চুৰিঃ প্ৰাক্তন যুটীয়া সঞ্চলকসহ চাৰিজনৰ গ্ৰেপ্তাৰ

নগাঁৱতো একে দুৰ্নীতিৰ অভিযোগ

0 7

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১০ জুলাই : ঢেকিয়াজুলিত সংঘটিত চৰকাৰী আঁচনিৰ চাউল হৰলুকিৰ ঘটনাৰ অনুসন্ধানকাৰী মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দুদিন পূৰ্বে সোধপোছৰ বাবে মাটি নিয়া শোণিতপুৰ জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক সহ চাৰি জনক গ্ৰেপ্তাৰ কৰা ঘটনাই সম্প্ৰতি তেজপুৰস্হ কাৰ্যালয়টো এনে ঘটনাৰে জড়িত বুলি স্পষ্ট কৰিছে । উল্লেখযোগ্য যে,প্ৰথম অৱস্থাত হেমন্ত তালুকদাৰ,সুৰজিত সেনাপতি সহ মুঠ ১০জনক পৰ্যায় ক্ৰমে তদন্তকাৰী গোটে গ্ৰেপ্তাৰ কৰাৰ পাছতে সম্প্ৰতি বিভাগীয় অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ভাৰত চন্দ্ৰ বৰদলৈ, শোণিতপুৰৰ খাদ্য অসামৰিক যোগান বিভাগৰ উপ-সঞ্চালক মন্টুকুমাৰ দাস,জ্যেষ্ঠ প্রশাসনিক সহায়ক কুলেন শ‍ইকীয়া আৰু অৱসৰপ্ৰাপ্ত অধীক্ষক মুজিবুদ্দিন আহমেদক আজি গ্ৰেপ্তাৰ কৰাত এই ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ১৪জনলৈ বৃদ্ধি পালে৷মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত ৰুজু হোৱা গোচৰ নম্বৰ ০৩/২২৩ইউ /এছ১২০বি/৪২০/৪০৬/৪০৯ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে৷প্ৰনিধানযোগ্য,প্ৰথমতেই গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত সমবায় সচিব তালুকদাৰৰ ভাষ্য অনুসৰি কেইদিনমান আগতে ঢেকিয়াজুলিত এজন মুধাফুটা ব্যৱসায়ীৰ গুদামতো অভিযান চলিছিল য’দিও তেওঁৰ গুদামত চাউল নোপোৱাৰ বাবেই তেওঁ সুৰক্ষিত হৈ আছে বৰ্তমানলৈকে৷আনহাতে এইজন ব্যৱসায়ীৰ এই ঘটনাৰে সম্পৰ্ক থকা বুলি ব্যাপক চৰ্চা চলিছে ৷আনহাতে একংশ লোকে অভিযোগ কৰে যে,এই কেলেংকাৰিৰে যোগান বিভাগৰ আন একাংশও পূৰ্বৰে পৰাই জড়িত আছে৷আনকি তেজপুৰত একেৰাহে বহু বছৰ কৰ্মৰত একাংশৰ সম্পত্তিৰ পৰিমান আয়ৰ তুলনাত বিস্ময়কৰ আৰু এনে এজনৰ বিৰুদ্ধে পূৰ্বে ধন সংগ্ৰহৰ অভিযোগৰ গোচৰ পাছত ভিতৰুৱা বুজাবুজিৰে মীমাংসা কৰে৷ইয়াৰ পূৰ্বে যোগান বিভাগ আৰু মধ্যভোগীৰ জৰিয়তে জিলাখনত ঘেহুৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল আৰু বিদ্যুৎ সংযোগ নথকা মিলৰ বিপৰীতেও ঘেহুৰ আৱণ্টন দিয়া হৈছিল৷আন এক তথ্য অনুসৰি শোণিতপুৰৰ দৰে চাউল হৰলুকিৰ ঘটনা নগাঁও জিলাতো সংঘটিত হৈছে৷ইতিমধ্যে নগাঁৱত বিষয়টোৰ এক বিভাগীয় আৰু ভিতৰুৱা অনুসন্ধান চলা বুলিও তথ্য লাভ কৰা হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More