চাৰিদুৱাৰত পুত্ৰৰ আক্ৰমণত নিহত পিতৃ

0 9
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫মাৰ্চঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা অন্তৰ্গত এক দূৰ্গম অঞ্চল থাইগিৰিবাৰীত যোৱানিশা পিতা পুত্ৰৰ মাজত সূত্ৰপাত ঘটা বিবাদৰ পৰিণতিত পুত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে পিতৃক৷ এই ঘটনাত ঘাটক পুত্ৰও আহত হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা প্ৰায় ন বজাত সুৰামত্ত অৱস্থাত থকা সাম্বাৰু বসুমতাৰী(৩০) আৰু তেওঁৰ পিতৃ নানু বসুমতাৰীৰ(৫৫) মাজত কোনো বিষয়কলৈ বিবাদৰ সুত্ৰপাত হয়৷ পূৰ্বৰে পৰা ঘৰুৱা মনোমালিন্য অব্যাহত থকা দুই পিতা-পুত্ৰ সেই সময়ত সুৰামত্ত অৱস্থাত আছিল আৰু বিবাদে পাছলৈ হতাহতিৰ ৰূপ লয়৷ এই সময়ত পিতা-পুত্ৰই পৰস্পৰে পৰস্পৰক ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে৷ পুত্ৰ সাম্বাৰুৱে পিতৃ নানুক শৰীৰৰ বিভিন্ন স্হানত উপৰ্যুপৰি আক্ৰমণ কৰাত নানু ঘটনাস্হলীতে নিহত হয়৷ আনহাতে এই ঘটনাত সাম্বাৰু গুৰুতৰ ভাবে আহত হয়৷ আৰক্ষীয়ে নিশা ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ ইপিনে আহত সাম্বাৰুক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, চিকিৎসাধীন সাম্বাৰুৰ ভাষ্য গ্ৰহণৰ পাছতহে হত্যাকাণ্ডটোৰ আঁৰৰ প্ৰকৃত কাৰণ উন্মোচিত হ’ব৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More