চিকিৎসা গৱেষণাৰ বাবে আই আই টি গুৱাহাটীত চেণ্টাৰ অৱ এক্সেলেন্স স্থাপন

0 5
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ আগষ্ট: ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, গুৱাহাটী চমুকৈ আই আই টি জিয়ে স্বাস্থ্যসেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতৰ গ্ৰাম্য অঞ্চলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এটা চিকিৎসা গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে। কেন্দ্ৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ সৈতে সংগতি ৰাখি এই কেন্দ্ৰটোত একাধিক বিভাগৰ অধ্যাপক, গৱেষক, উদ্যোগী, চিকিৎসক, আৰু ছাত্ৰ-ছাত্ৰীসকলে স্বাস্থ্যসেৱা উদ্ভাৱনৰ ক্ষেত্ৰত গৱেষণা আৰু উদ্ভাৱনৰ বাবে একেলগে কাম কৰিব বুলি এক বিবৃতিত কোৱা হৈছে। গুৱাহাটীৰ আই আই টিৰ চেণ্টাৰ অৱ নেন’টেকন’লজি আৰু জ্যোতি আৰু ভূপত মেহতা স্কুল অৱ হেল্থ চাইন্স এণ্ড টেকন’লজিত অৱস্থিত এই কেন্দ্ৰটো। এই পদক্ষেপৰ নেতৃত্বত আছে ৰসায়ন বিজ্ঞান, ৰাসায়নিক অভিযান্ত্ৰিক, জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক, ইলেক্ট্ৰনিকছ আৰু বৈদ্যুতিক অভিযান্ত্ৰিক, ডিজাইন আৰু গণিত আদি বিভাগে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ আৰু ডিপাৰ্টমেন্ট অৱ হেল্থ ৰিচাৰ্চ (আইচিএমআৰ-ডিএইচআৰ) চেণ্টাৰ অৱ এক্সেলেন্স ফৰ বায়’মেডিকেল ডিভাইচ এণ্ড ডায়েগনষ্টিকছ ইনোভেচন এণ্ড কমাৰ্চিয়েলাইজেচনৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীতাৰামে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত কাম কৰিব ভাৰত’ স্বাস্থ্যসেৱা প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত। কেন্দ্ৰটোত প্ৰস্তাৱিত উদ্ভাৱনসমূহে বিশেষকৈ ভাৰতৰ গ্ৰাম্য অঞ্চলত ডায়েগনষ্টিক আৰু স্বাস্থ্যসেৱা প্ৰদানৰ সৈতে জড়িত সমাজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব বুলি আশা কৰা হৈছে বুলিও তেওঁ কয়। কেন্দ্ৰটোৰ মূল উদ্দেশ্য হ’ব বিভিন্ন অসংক্ৰামক ৰোগ (এনচিডি) যেনে ক্ৰনিক কিডনী ডিছঅৰ্ডাৰ, ডায়েবেটিছৰ পিছৰ জটিলতা, যকৃত বা অগ্নাশয়ৰ বিসংগতি, হৃদৰোগ, প্ৰস্ৰাৱৰ সংক্ৰমণ আদি ধৰা পেলাবলৈ বায়’মাৰ্কাৰ ধৰা পেলোৱা। কেন্দ্ৰটোৱে ভাৰতৰ গ্ৰাম্য অঞ্চলৰ বাবে নিৰ্দিষ্ট তথ্য সংগ্ৰহ, সংৰক্ষণ, সুৰক্ষা, আৰু বিশ্লেষণৰ বাবেও মিতব্যয়ী পইণ্ট-অফ-কেয়াৰ ডায়েগনষ্টিক ডিভাইচ প্ৰস্তুত কৰিব আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত তিনিটা থলুৱা সামগ্ৰী প্ৰস্তুত কৰিব যিবোৰ অদূৰ ভৱিষ্যতে বাণিজ্যিকভাৱে সফল হ’ব পাৰে আৰু স্বাস্থ্যসেৱাৰ সঁজুলিৰ সলনি থলুৱা বিকল্প উদ্ভাৱন কৰা। জ্যোতি আৰু ভূপত মেহতা স্কুল অৱ হেল্থ চাইন্স এণ্ড টেকন’লজিৰ মুৰব্বী অধ্যাপক দীপাংকৰ বন্দ্যোপাধ্যায়ে কয় যে অহা কেইটামান দশকত বিশেষকৈ মহামাৰীৰ পিছৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যসেৱাৰ উদ্ভাৱনৰ কেন্দ্ৰবিন্দু হ’ব শেষৰ শাৰীৰ জনসংখ্যাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ মিতব্যয়ী প্ৰযুক্তি বিকশিত কৰা।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More