”ছেমখৰ” চিনেমাৰ বিৰুদ্ধে জাগিছে ডিমাছা

ডিমাছা অধিকাৰ সুৰক্ষা কাৰ্য্যকৰী সমিতিৰ অভিৱৰ্তনত একাধিক প্ৰস্তাৱ গ্ৰহণ

0 64

ডিফু,৩০ অক্টোবৰঃ  অসম সাহিত্য সভাৰ, জয়ন্ত কুমাৰ- লখিমী বৰুৱা সদনত আজি ডিমাছা অধিকাৰ সুৰক্ষা কাৰ্য্যকৰী সমিতিয়ে ছেমখৰ চিনেমাখনৰ বিৰুদ্ধে এখনি অভিৱৰ্তন আয়োজন কৰে। উক্ত সভাখন সভাপতিত্ব কৰে বিশিষ্ট ডিমাচা শিল্পী পতমা বাঠাৰিয়ে (chief convenor, Dimasa Rights Protection Action Committee) আৰু আঁত ধৰে যুৱ নেতা প্ৰনব দলেই। ছেমখৰ চিনেমাখনত ডিমাচাসকলৰ সংস্কৃতিক ভুলকৈ উপস্থাপন কৰাৰ বিৰুদ্ধে এটি শক্তিশালী প্ৰতিক্ৰিয়া আৰু আন্দোলন গঢ়লৈ উঠিছে আৰু বৃহত্তৰ ডিমাচা জনগণৰ দাবীক অসম চৰকাৰে উদ্দেশ্যপ্ৰণোদিত ভাৱে মান্যতা নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হয়। সভাত অসমৰ আৰু নাগালেণ্ডৰ ডিমাচা প্ৰতিনিধি উপস্থিত থকাৰ উপৰি অসমৰ‌‌ বহু কেইজন বিশিষ্ট বুদ্ধিজীৱী, সাংস্কৃতিক শিল্পী, সংগ্ৰামী নেতৃত্ব তথা দল‌-সংগঠনৰ নেতৃত্ব উপস্থিত থাকে। সভাত উপস্থিত থাকে ড° দীনেশ বৈশ্য, ড° পৰমানন্দ মজুমদাৰ, হলিৰাম টেৰং, দিব্যজ্যোতি কাকতি, কিশোৰ কুমাৰ কলিতা, অনুপ চেতিয়া, নিৰাংকুশ নাথ, আকাশ দলে, সনজিত হাজং, সদৌ ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰমেনসিং ৰাভা, শিল্পী দিব্যজ্যোতি কাকতি, নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্য পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক জয়ন্ত গগৈ, খিলঞ্জীয়া মঞ্চ অসমৰ সভাপতি মৃণাল হাজৰিকা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, সদৌ হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীত হাজং, দেউৰী পিপলছ জাষ্টিছ ফ’ৰামৰ সম্পাদক হৰি প্ৰসাদ দেউৰী, ডিমাছা এপেক্স বডীৰ সভাপতি কল্যান ডাউলাগুপু, ডিমাছা সাহিত্য সভাৰ উপ সভাপতি মহন্ত লাংঠাচা, সদৌ ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি নবীন জহৰী, সাধাৰণ সম্পাদক প্রমিত চেংয়ুং, ডিমাছা নাইছো হাচম নাগালেণ্ডৰ নবীন হাচনো, হালালি ৱেলফেআৰ চচাঁইটিৰ সভাপতি দিলীপ নুনিচা, ডিমাছা মাদাৰছ এচ’চিএছনৰ সভানেত্ৰী বিমলা লাংঠাচা, লংকা জালাই হছমৰ উপদেষ্টা বিনয় হাপিলা। সভাখনত ৰাজহুৱা প্ৰস্তাৱ পাঠ কৰে সুব্ৰত তালুকদাৰ আৰু মনোজ সিংহ ৰাজাই। Dimasa Rights Protection Action Committee য়ে অনুষ্ঠিত অভিৱৰ্তনত আইমী বৰুৱা পৰিচালিত/নিৰ্মিত ছেমখৰ নামৰ চলচ্চিত্ৰখনৰ CBFC প্ৰমাণপত্ৰ বাতিল আৰু চলচ্চিত্ৰখনৰ প্ৰচাৰ বন্ধ কৰাৰ বাবে CBFCক দাবী জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। আজিৰ অভিৱৰ্তনে আইমী বৰুৱাই সংবাদমেল আৰু প্ৰচাৰ মাধ্যমৰ জৰিয়তে ডিমাছা জনজাতিৰ বিষয়ে ব্যক্ত কৰা অভিযোগ সমূহ ভুল বুলি স্বীকাৰ কৰি সেই কথাখিনি ৰাজহুৱা ভাৱে উঠাই লবলৈ দাবী জনায়। আজিৰ অভিৱৰ্তনে ছেমখৰ ছবিখনত ডিমাছা জনগোষ্ঠীৰ বিৰুদ্ধে হোৱা অন্যায় আৰু ভুল উপস্থাপনৰ বিষয়ে ঘোষণা কৰিবলৈ আৰু ছবিখনে লাভ কৰা বঁটা সমূহ প্ৰত্যাহাৰৰ দাবী জনাই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, চলচ্চিত্ৰ সমিতিসমূহক আৰু Federation of Film Societies of Indiaক আবেদন জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। এটি প্ৰতিনিধি দলে অসমৰ ৰাজ্যপাল, ডাঃ ৰণোজ পেগু, নন্দিতা গাৰ্লোচা, ভূৱন পেগু আৰু প্ৰমোদ বড়োৰ উপস্থিতিত জনজাতি পৰিক্ৰমা বিভাগক লগ কৰি সমগ্ৰ ডিমাছা জনগোষ্ঠীৰ হৈ জনগোষ্ঠীটোৰ বিৰুদ্ধে হোৱা অন্যায়সমূহৰ বিষয়ে উপস্থাপন কৰাৰ প্ৰস্তাৱ লোৱা হয়। আজিৰ অভিৱৰ্তনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই ছেমখৰ ছবিখনত ডিমাছা জনগোষ্ঠীৰ বিৰুদ্ধে হোৱা অন্যায় আৰু ভুল উপস্থাপনৰ বিষয়ে মৌন থকাৰ বাবে উদ্বেগ প্ৰকাশ কৰে আৰু ছবিখনৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে উত্তৰ বিচাৰে। শেষত আজিৰ অভিৱৰ্তনত প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে যদি ডিমাছা জনগোষ্ঠীয়ে প্ৰেৰণ কৰা দাবী সমূহ মানি লোৱা নহয়, Dimasa Rights Protection Action Committeeৰ প্ৰতিনিধিত্বত আগন্তুক দিনত অসমৰ বিভিন্ন দল-সংগঠন, সচেতন ৰাইজৰ সহযোগত পৰৱৰ্তী কাৰ্য্যসূচী সমূহ হাতত লোৱা হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More