তেজপুৰত “চিন্তামঞ্চ”ৰ কাব্যিক অনুষ্ঠানত আৰধনা কটকীৰ “অনাবৃত আকাশৰ ৰামধেনু” শীৰ্ষক কাব্য সংকলন উন্মোচন

0 24
আন শিল্পৰ দৰে কবিতায়ো মানুহক ভিতৰৰ পৰা সলনি কৰিব পাৰে – ড° ভূপেন শইকীয়াঃ কবিতাৰ শাৰীৰ মাজৰ নিৰৱতাখিনি সংস্কৃতিৰ ঘৰ হিচাপে অনুধাৱন কৰি যাব লাগিব – ভৱেশ মিশ্ৰঃ কবি সামাজিক ভাবে দায়ৱদ্ধ হ’ব লাগিব – ৰাজু বৰুৱা
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৩০ অক্টোবৰঃ কবিতাৰ মোহময়ী জগতখনত বিচৰণ কৰিবলৈ হ’লে কেৱল চকু, কাণ আৰু লিখাৰ শক্তি থাকিলেই নহ’ব এটি গভীৰ অন্তৰ্দৃষ্টিৰো প্ৰয়োজন।কবিতা সদায় সমাজ পৰিৱৰ্তনৰ আহিলা হিচাপে ব্যৱহৃত হৈ আহিছে।কবিতা হ’ল এক ভাষা শিল্প। কবিতাৰ ভাষাৰ অন্য এক জীৱন আছে বুলি আজি তেজপুৰত মন্তব্য কৰে বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ তথা তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াই। উল্লেখ্য যে, তেজপুৰৰ সাহিত্যৰ অনুষ্ঠান “চিন্তামঞ্চ” ৰ উদ্যোগত আজি তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত এক কাব্যিক অনুষ্ঠানত তেজপুৰৰ পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিষয়ৰ বিষয় শিক্ষয়িত্ৰী আৰধনা কটকীৰ “অনাবৃত আকাশৰ ৰামধেনু” শীৰ্ষক কাব্য সংকলন এখন উন্মোচন কৰি ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ শইকীয়াই কবি আৰু কবিতাৰ দৰ্শনৰ ওপৰত আলোকপাত কৰি জাপানী হাইকু কবিতাৰ প্ৰসংগ উত্থাপন কৰি হাইকু কবিতাৰ বৈশিষ্ট্যই এখন সমাজক কিদৰে প্ৰতিফলিত কৰি তুলিব পাৰে সেই কথা উল্লেখ কৰি প্ৰাত্যহিক ভাষা কাব্যিক অনুভূতি প্ৰকাশৰ উপযুক্ত মাধ্যম হ’ব নোৱাৰে বুলি কৈ কবিৰ ভাষা চিত্ৰধৰ্মী বা চিত্ৰকল্প প্ৰধান হোৱা উচিত বুলি কয়। আনহাতে কবিতা আৰু জীৱনৰ মাজত নিবিড় সম্পৰ্ক আছে বুলি কৈ ড০ শইকীয়াই আন শিল্পৰ দৰে কবিতায়ো মানুহক ভিতৰৰ পৰা সলনি কৰিব পাৰে বুলি কৈ কবিতাৰ ভাষাক যিমান পাৰি সিমান কথ্য ভাষাৰ ওচৰলৈ নিয়া ভাল বুলি কয়।আৰাধানা কটকীক তেনে কবিতা লিখিবলৈ সচেষ্ট হ’বলৈ আহ্বান জনায়। আৰাধনা কটকীৰ কবিতা সামাজিক বাস্তৱধৰ্মী চিত্ৰক প্ৰতিফলিত কৰিছে। অৰ্থৱহ ৰূপকৰ ব্যৱহাৰে এই কবিতাসমূহক সুখপাঠ্য কৰি তুলিছে বুলি ড° শইকীয়াই মন্তব্য কৰিছে।তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাৰ সঞ্চালনাত “চিন্তামঞ্চ” ৰ সম্পাদক ধনঞ্জয় দাসে আঁত ধৰা আৰু কবি লেখক মহেন্দ্ৰ কুমাৰ নাথে প্ৰাৰম্ভিক ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বিশিষ্ট কবি – লেখিকা ৰাজু বৰুৱাই কবিয়ে সামাজিক দায়বদ্ধতাৰে সমাজৰ সন্মুখত দেখা দিয়া যিকোনো সমস্যা নিজৰ কবিতাৰ মাজেৰে তুলি ধৰি বাস্তৱ চিত্ৰ প্ৰতিফলিত কৰিব লাগিব বুলি মন্তব্য কৰি জনসাধাৰণৰ দৈনন্দিন জীৱন সংগ্ৰাম ৰূপক আৰু আংগিকৰ মাজেৰে ফুটাই তুলিব পৰাটোতেই কবিতাৰ সাৰ্থকতা নিৰ্ভৰ কৰে বুলি কয়। আনহাতে পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বিশ্বজ্যোতি বৰায়ো শুভেচ্ছামূলক ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি ৰাজ্যখনৰ প্ৰতিষ্ঠিত কবি ভৱেশ মিশ্ৰই কবিতা যেনেকৈ মন যায় তেনেকৈ লিখা মাত্ৰ কবিতাৰ শাৰীৰ মাজৰ নিৰৱতাখিনি সংস্কৃতিৰ ঘৰ হিচাপে অনুধাৱন কৰি যাব লাগিব বুলি কৈ নিপুন নাবিকে জানে সাগৰৰ ধুমুহাৰ মাজত কেনেকৈ নাও বাই যাব লাগে কিন্তু নতুন নাবিকে নাজানে। সেয়েহে নিপুণসকলে নতুন কবিক মঞ্চ এখন দি যোৱাৰ প্ৰয়াস কৰিব লাগে। মিশ্ৰই  চিত্ৰকল্প , আংগিক কবিতা এটিৰ শৰীৰ। কবিতাৰ শৰীৰটোক শক্তিশালী কৰাৰ প্ৰয়াস কৰি যাবলৈ তেওঁ নতুন কবিসকলক আহ্বান জনায়। কবিতাই একো নোকোৱাকৈয়ে বহু কথা কৈ যায়, আৰাধনা কটকীৰ কবিতাই নোকাৱাখিনি বুজি ল’ব পৰাতো শ্ৰোতা/পাঠকৰ দায়িত্ব বুলি কবি মিশ্ৰই মন্তব্য কৰে।অনুষ্ঠানটিৰ শেষত কবি আৰধনা কটকীয়ে শলাগ জ্ঞাপন কৰি নিজৰ অনুভৱ সদৰী কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More