জাতি-জনগোষ্ঠীৰ বৰ্ণিল কৃষ্টি প্ৰদৰ্শনেৰে অনুষ্ঠিত হ’ব ধেমাজি জিলা অজাযুছাপৰ ৩৬সংখ্যক ৰঙালী বিহু

0 21
শতাব্দ প্ৰতিনিধি, ১০ এপ্ৰিলঃ বিগত বৰ্ষৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবছৰো জাতি-জনগোষ্ঠীৰ বৰ্ণিল কৃষ্টি প্ৰদৰ্শনৰে ৩৬সংখ্যক ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি চলাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে। ইতিমধ্যে ৩৫টা বৰ্ষ অতিক্ৰম কৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ ৩৬সংখ্যক ৰঙালী বিহু সন্মিলনখন অহা ২০ এপ্ৰিলত অনুষ্ঠিত হ’ব। উদযাপন সমিতিৰ সভাপতি ঘনকৃষ্ণ বৰগোহাঁই, কাৰ্যকৰী সভাপতি পৱিত্ৰ সোণোৱাল আৰু সম্পাদক মুনমুন শৰ্মাৰ নেতৃত্বাধীন উদযাপন সমিতিখনে বিহু সন্মিলনখনৰ কাম-কাজ আগবঢ়াই নিছে। কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৯ বজাত পৰিষদৰ পতাকা উত্তোলন কৰাৰ পাছতে ৩৬ সংখ্যক ৰঙালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি আন ৩৫খন পতাকা উত্তোলন কৰা হ’ব। বিহুৰ শুভেচ্ছা বাৰ্তা আগবঢ়াব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ৰাতুল বৰগোহাঁয়ে। বিগত বছৰৰ দৰে এইবছৰো জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়েৰে সাংস্কৃতিক শোভাযাত্ৰা আৰু জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনৰ অনুষ্ঠানটো উদ্বোধন কৰিব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক দেৱজিৎ দাসে। সন্ধিয়া ৬.৩০ বজাৰ পৰা হ’বলগীয়া মুকলি সভাখন উদ্বোধন কৰিব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে। বিহু সন্মিলনৰ লগত সংগতি ৰাখি প্ৰকাশৰ প্ৰস্তুতি চলোৱা “সুৱাগমণি” নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব বিশিষ্ট লেখক তথা প্ৰবন্ধকাৰ ইছমাইল হোছেইনে। সভাত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱাকে মুখ্য কৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। উক্ত সভাতে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ পাপুল চাংমাই, মনজিৎ পাল আৰু ললিত দত্তক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছে উদযাপন সমিতিয়ে। আনহাতে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত “হাৰিকেন গাৰ্লচ্”-এ বাৰেৰহণীয়া অনুষ্ঠান পৰিৱেশন কৰিব। সেয়ে অসমীয়াৰ বাপতিসাহোন বিহু সন্মিলনখন উদযাপন কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More