জামুগুৰিহাটৰ বিশিষ্ট অভিনেতা শিশিৰ বৰঠাকুৰৰ চুটি ছবি “ডাষ্টবিন”ৰ শুভ উন্মোচন

0 17

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন, ১০ এপ্ৰিল :
শোণিতপুৰ জিলাৰ বালিপৰাত মানসিকভাৱে বিকাৰগ্ৰস্ত এজন ব‍্যক্তিয়ে ট্ৰেফিক আৰক্ষীৰ ভূমিকা পালন কৰা দেখা গৈছিল। যেন বহু ব্যস্ত এজন যান-বাহন আৰক্ষী। সুহুৰি বজাই গাড়ী অহা-যোৱাৰ সংকেত দি নিয়ন্ত্ৰণ কৰা দেখা গৈছে। তাৎক্ষণিকভাৱে হোৱা পৰিৱেশত কৰ্তব্যৰত ট্ৰেফিক আৰক্ষী বিষয়াসকল বিমোৰত পৰে আচলতে ঘটনানো কি? পিছত ট্ৰেফিক আৰক্ষীয়ে উক্ত মানসিক বিকাৰগ্ৰস্ত লোকজনক তাৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হয়। আচলতে এয়া আছিল এখন চুটিছবিৰ দৃশ্যগ্ৰহণ। জামুগুৰিহাটৰ আকাশ প্ৰডাকচনৰ বেনাৰত নাট‍্যকাৰ-পৰিচালক-অভিনেতা শিশিৰ বৰঠাকুৰৰ পৰিচালনাৰে আৰম্ভ হোৱা ডাষ্টবিন নামৰ চুটিছবিখনি আকাশ প্ৰডাকচন নামৰ ইউটিউব চেনেলৰ জৰিয়তে ৰবিবাৰে বালিপৰাত শুভ উন্মোচন কৰে বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়া, ৰঙাপৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক অশ্বিনী কুমাৰ ডেকা, অসম সেনা শোণিতপুৰ জিলাৰ আহ্বায়ক ৰাজনীশ শইকীয়াই। উল্লেখ্য যে, ধলাইবিলৰ সাংস্কৃতিক কৰ্মী শিশিৰ বৰঠাকুৰে ইতিমধ্যে শতাধিক চুটিছবি নিৰ্মাণ কৰি ইউটিউব চেনেল আকাশ প্ৰডাকচনৰ জৰিয়তে ৰাইজলৈ আগবঢ়াই আহিছে। ছবিখনৰ পৰিচালকে জানিবলৈ দিয়া মতে, সম্পূৰ্ণ সামাজিক পৰিৱেশ আৰু গ্ৰাম্য জনজীৱনৰ পটভূমিত নিৰ্মাণ হ’বলগা ডাষ্টবিন নামৰ এই চুটিছবিখন সমাৰোহলৈ প্ৰেৰণ কৰা হ’ব। লগতে যান-বাহন আৰক্ষীসকলকো বিহুৱােনৰে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে বিশিষ্ট অভিনেতা শিশিৰ বৰঠাকুৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More