জি এম চি এইচত পুনৰ শিশু চুৰিৰ ঘটনা, দুগৰাকী মহিলা গ্ৰেপ্তাৰ

0 44

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৮ জুলাইঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুনৰ শিশু চুৰিৰ ঘটনা সংঘটিত হৈছে। শিশু চুৰিৰ লগত জড়িত থকাৰ অপৰাধত দুগৰাকীকৈ মহিলাক আটক কৰা হৈছে। আটকাধীন মহিলা দুয়োগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বাহৰ পাতি আছিল। তেওঁলোকে তেজপুৰৰ এগৰাকী গৰ্ভৱতী মহিলাৰ সৈতে এটি শিশু বিক্ৰীৰ চুক্তি কৰিছিল। কিন্তু শিশুটি চুৰি কৰিবলৈ চেষ্টা কৰোতেই জি এম চি এইছৰ নিৰাপত্তাৰক্ষীয়ে হাতে লুটে ধৰা পেলায়। গৰ্ভৱতী মহিলাগৰাকীৰ নাম মইনা বৰা আৰু আন দুগৰাকী মহিলাৰ নাম প্ৰমিলা ডেকা আৰু বিজিতা দাস বুলি জানিব পৰা গৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত জি এম চি এইছ কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰিছে। ইয়াৰ পূৰ্বেও জি এম ছি এইছ ৰ পৰা এটি কণমানি শিশু চুৰি কৰা হৈছিল। ইফালে ঘটনা সন্দৰ্ভত ডিচিপি সুধাকৰ সিংহই সংবাদ মাধ্যমৰ আগত কয় যে জি এম চি এইচ কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে। গোচৰ নং 16/22 U/S 366 (A)/ 37(A)/ 34 IPC। পূৰ্বে অপহৃত প্ৰিয়ম কলিতাৰ সন্দৰ্ভতো দুই মহিলাক সোধ-পোছ কৰা হ’ব বুলি তেওঁ কয়। লগতে এটা ঘটনাৰ আঁৰত এটা চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More