ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
বিমল বৰগোহাঁই
আমি যেতিয়া আকাশত ৰামধেনু বা ইন্দ্ৰধেনু প্ৰত্যক্ষ কৰোঁ, তেতিয়া আমাৰ মনটো এক নুবুজা আনন্দত অভিভূত হৈ পৰে। সৰু হৈ থাকোতে আমি ৰামধেনু চাবলৈ আনন্দত আলোড়িত হৈ পৰিছিলোঁ। ৰামধেনু সৃষ্টি হোৱাটো এটা বৈজ্ঞানিক প্ৰক্ৰিয়া। সূৰ্য্যৰ ৰশ্মি বৰষুণ টোপালৰ মাজেদি বিচ্ছুৰিত হৈ আকাশত সৃষ্টি হোৱা সাতোটা ৰঙৰ সমষ্টিয়েই হৈছে ৰামধেনু বা ইন্দ্ৰধেনু। সাতটা ৰঙেৰে সৃষ্টি হোৱা ৰামধেনুৰ ৰঙবোৰ হল ৰঙা কমলা, হালধীয়া, সেউজীয়া, নীলা, গাঢ় নীলা আৰু বেঙুনীয়া। কেতিয়াবা কেতিয়াবা বৰষুণৰ পাছত দেখিবলৈ পোৱা এই ৰামধেনুৰ ৰঙে আমাৰ মন একেবাৰে ফৰকাল কৰি দিয়ে। অৱশ্যে এই সুন্দৰ আৰু নান্দনিক দৃশ্য দেখাৰ সৌভাগ্য কিন্তু সকলোৰে নহয়। গতিকে, প্ৰকৃতিসৃষ্ট এই ৰামধেনুৰ সৌন্দৰ্য আৰু আমেজ সুযোগ পালে আমি সকলোৱে ভালদৰে উপভোগ কৰি আনন্দ লভিব লাগে। আজি মই এই লেখনিৰ জৰিয়তে আমাৰ জীৱনৰ ৰামধেনু বোৰৰ বিষয়ে কিছু কবলৈ লৈছোঁ। ৰামধেনুৰ সাতটা ৰঙৰ দৰে আমাৰ জীৱনৰ বহু মুহূৰ্ত সুখ, আনন্দ, হাঁহিৰ মাজেৰে পাৰ হৈ আমাৰ জীৱনটোও ৰামধেনুৰ দৰে ৰঙীন হৈ পৰে। কিন্ত, বহু সময়ত আমি সদায় কেৱল নিজৰ দুখ, বেদনা, মানসিক বিষাদ আদি বোৰৰ বিষয়ে হিচাব-নিকাচ কৰি থাকোতেই, আমাৰ জীৱনৰ সুখ আৰু আনন্দেৰে ভৰা অমৃতময় আৰু মধুৰতম সময়খিনি ৰামধেনুৰ দৰে কেতিয়া আহি পলকতে নাইকিয়া হৈ যায়, সেইয়া আমি অনুভৱেই কৰিব নোৱাৰো। এই প্ৰসংগত মই শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰৰ এখন জনপ্ৰিয় গ্ৰন্থ ” সাৰাংশ”ত প্ৰকাশ পোৱা “জীৱন” নামৰ প্ৰৱন্ধত ৰবীন্দ্ৰনাথ ঠাকুৰৰ “পৰশ পাথৰ” নামৰ কবিতাটিত এগৰাকী সন্যাসীৰ “পৰশ পাথৰ” সন্ধানৰ বিষয়ে বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে- যি পৰশ-পাথৰৰ স্পৰ্শত লোহাও সোণলৈ পৰিণত হয় বুলি ধাৰণা কৰা হয়। বৰগোহাঞি ছাৰে বৰ্ণনা কৰা কথাখিনি মই ইয়াত বাখ্যা কৰিবলৈ চেষ্টা কৰিছোঁ। এগৰাকী সন্যাসীয়ে তেওঁৰ কঁকালত এডাল লোৰ শিকলি ওলোমাই লৈছে আৰু পাথৰ দেখিলেই তাৰ শিকলিডালত ঘঁহি দিয়ে। বহুত দিন ধৰি তেওঁৰ এই অন্বেষণ, চলি আছে, কিন্ত লোহা সোণত পৰিণত নহয়ে নহয়। এনেকৈ কিমান বছৰ পাৰ হৈ গল, তাৰ খবৰ নাই। সন্যাসীয়ে পিছলৈ লোহা টুকুৰালৈ চাবলৈকো এৰি দিলে। যন্ত্ৰবৎ তেওঁ পাথৰ টুকুৰাৰে লোহাডালত ঘঁহি দি একো নোচোৱাকৈয়ে পাথৰ টুকুৰা পেলাই দিয়ে। কিন্তু, এদিন হঠাৎ এটা গাঁৱলীয়া ল’ৰাই তেঁওক সুধিলে: “সন্যাসী ঠাকুৰ, আপোনাৰ কঁকালত সেইটো কি বস্তু? সোণৰ শিকলিডাল আপুনি কত পালে?”- লৰাটোৰ প্ৰশ্ন শুনি সন্যাসীয়ে চঁক খাই নিজৰ কঁকাললৈ চাই দেখে, -হয়, পৰশ পাথৰৰ স্পৰ্শত লোহা কেতিয়াবাই সোণ হৈ আছে, কিন্তু তেওঁ অন্যমনস্ক ভাৱে সেই পৰশ-পাথৰ ক’ত কেতিয়া পেলাই দিছে ক’ব নোৱাৰে। সেই পৰশ-পাথৰ জীৱনত তেওঁ আকৌ কেতিয়াবা বিচাৰি পাবনে? এইটোৱেই হ’ল আমাৰ বেছিভাগ মানুহৰ জীৱনৰ কৰুণতম ট্ৰেজেডি। মানুহে, জীৱনত সুখ আৰু আনন্দ বিচাৰে, কিন্তু সেই বিৰল সুখ আৰু আনন্দৰ মুহূৰ্তবোৰ কেতিয়া আহি পাৰ হৈ গুচি যায়, মানুহে তাৰ গমেই নাপায়। পোৱাটোক আওকাণ কৰি নোপোৱাটোৰ পিছে পিছে মৰীচিকা খেদাৰ দৰে খেদি ফুৰোঁতেই মানুহৰ জীৱন শেষ হৈ যায়। থুলমুল কৈ এইখিনিয়েই ‘পৰশ-পাথৰ” নামৰ কবিতাটিৰ সাৰাংশ। মোৰ আজিৰ লিখনিৰ শিৰোনাম “আমাৰ জীৱনৰ ৰামধেনু বোৰ”ৰ ক্ষেত্ৰতটো ঠিক একেই কথাই প্ৰযোজ্য হয় বুলি ভাবোঁ। যিদৰে কেতিয়াবা কেতিয়াবা আমি ৰামধেনুৰ সুন্দৰ আৰু নান্দনিক দৃশ্য উপভোগ কৰাৰ পৰা বঞ্চিত হওঁ বা ৰামধেনুৰ দৃশ্যলৈ আওকাণ কৰোঁ, ঠিক তেনেদৰে দৰে আমাৰ জীৱনত বহু সুন্দৰ আনন্দময় মুহূৰ্ত পাৰ হৈ যায় অথচ আমি সেইয়া গমকে নাপাওঁ। সেয়েহে “সন্যাসী” গৰাকীয়ে পৰশ-পাথৰৰ স্পৰ্শত লোহা সোণ হোৱাৰ কথা গমকে নাপায়। আমি সকলোৱে জানো যে আমাৰ জীৱনটো হল সুখ, হাঁহি, আনন্দ, দুখ, চকুপানী আদিৰ এটা সংমিশ্ৰণ। কেতিয়াবা যদি কাৰোবাৰ জীৱন সুখ, আনন্দ, হাঁহিৰে ভৰি পৰিছে ঠিক একে সময়তে আন কাৰোবাৰ জীৱন কিন্তু দুখ, বিষাদ, বেজাৰ আৰু চকু পানীৰে উপচি পৰিছে। তথাপিও আমি সকলোৱে জীয়াই থাকিবলৈ নানান ঘাট-প্ৰতিঘাত অথবা প্ৰত্যাহ্বান নেওচি জীৱন যাত্ৰা অব্যাহত ৰাখিছোঁ। দুখ আৰু বিষাদ বোৰ মোচন কৰি আমি জীৱনটি সুখ, আনন্দৰে ৰঙীন কৰিবলৈ অহৰহ চেষ্টা কৰিছো, থিক হঠাতে দেখা পোৱা ৰামধেনুৰ ৰঙৰ দৰে। আচলতে, সুখ, আনন্দ, হাঁহি আদি বিচাৰিব জানিলে আমি সদায় পাব পাৰোঁ। মাথো ইয়াৰ বাবে লাগিব কিছু ত্যাগ আৰু মানৱীয় গুণ। আমি বেছি ভাগেই বহুক্ষেত্ৰত একমাত্ৰ নিজৰ সুখ, আনন্দ, শান্তিৰ কথাহে চিন্তা কৰোঁ। কিন্তু, আমাৰ চৌপাশে থকা মানুহখিনিৰ কথা, নিঃকিন বা আৰ্থিক ভাৱে দুৰ্বল মানুহ খিনিৰ কথা আমি কেতিয়াবা চিন্তা কৰোঁনে? অথবা তেওঁলোকৰ দুখত দুখী বা সুখত সুখী হব বিচাৰোঁনে? আমি যদি সকলোৱে অকণমান সময় উলিয়াই সমাজৰ এই সকল লোকৰ প্ৰতি নিঃস্বাৰ্থ ভাৱে অকণমান সহানুভূতি, মৰম-ভালপোৱা আৰু সহায় আগবঢ়াব পাৰো, তেওঁলোকৰ মুখত অকণমান হাঁহি বিৰিঙাব পাৰো, তেন্তে সেইয়াই হব আমাৰ বাবে পৰম তৃপ্তি, আনন্দ আৰু সুখ। মই ভাৱো এনে মহৎ কৰ্মই হৈছে আমাৰ জীৱনৰ ৰামধেনু, যিয়ে আমাৰ সমাজ খনক জিলিকাই তুলিবলৈ সক্ষম হয়। প্ৰকৃতাৰ্থত আমি নিজৰ বাহিৰেও আনৰ জীৱনটো ও ৰামধেনুৰ ৰঙেৰে ৰঙীন কৰি আনন্দ লভিব পাৰিলেহে আমাৰ জীৱন সাৰ্থক হব বুলি আন্তৰিকতাৰে উপলব্ধি কৰোঁ। গতিকে, আহকচোন আমি সকলোৱে মিলাপ্ৰীতিৰে এটা ৰামধেনু হৈ অসুখীয়া হবলৈ ধৰা আমাৰ সমাজখনক এটা নতুন আশাৰে গঢ়িবলৈ কিছু প্রয়াস কৰোঁ আৰু সেইয়াই হব আমাৰ জীৱনৰ প্রকৃত ৰামধেনু। শেষত, আমেৰিকাৰ এগৰাকী বিখ্যাত কবি, মায়া এঞ্জেল’ৰ এটা সুন্দৰ উক্তিৰে কওঁ, ” Try to be a rainbow in someone’s Cloud.”
বৰবিল নং:২ ডিগবৈ,
তিনিচুকীয়া,অসম
ফোন:৯৪৩৫০৩৫১৭৭