‘টাইটানিক’ উদ্ধাৰ আছিল সামৰিক অভিযান!

আমেৰিকাই বিচাৰিছিল ছাবমেৰিনহে

0 17
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ ছেপ্টেম্বৰ : টাইটানিক। এই জাহাজখনৰ নাম নুশুনা মানুহ হয়তো খুব কমেই আছে! ১৯৯৭ চনত জেমছ কেমেৰুনৰ অস্কাৰ বিজয়ী কথাছবি ‘টাইটানিক’-এ এই অভিশপ্ত জাহাজখনক বিশ্বজুৰি প্ৰাধান্য প্ৰদান কৰিছিল। হোৱাইট ষ্টাৰলাইন যাত্ৰীবাহী জাহাজ আৰ এম এছ টাইটানিক আছিল বিশ্বৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ জাহাজ। সেই সময়ত কোনেও কল্পনা কৰিব পৰা নাছিল যে এই জাহাজখন কেতিয়াবা ডুব যাব পাৰে। কিন্তু ইংলেণ্ডৰ চাউথমপটনৰ পৰা আমেৰিকাৰ নিউয়ৰ্ক চহৰলৈ যোৱাৰ পথত টাইটানিক প্ৰথমটো যাত্ৰাতে ডুব যায়। ৰেকৰ্ড অনুসৰি মুঠ ১৪৯৪ জন লোকে প্ৰাণ হেৰুৱাইছিল। ১৯৮৫ চনৰ ১ ছেপ্টেম্বৰত আমেৰিকাৰ নৌসেনাৰ এডমিৰেল তথা সাগৰবিজ্ঞানৰ অধ্যাপক ৰবাৰ্ট বেলাৰ্ডৰ নেতৃত্বত এটা দলে উত্তৰ আটলাণ্টিক মহাসাগৰত ৩৮০০ মিটাৰ গভীৰতাত টাইটানিক জাহাজৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে। কিন্তু বেলাৰ্ডৰ অভিযানৰ মূল লক্ষ্য টাইটানিকৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰা নাছিল। আচলতে সেইটো আছিল আমেৰিকাৰ এক অতি গোপন সামৰিক অভিযান। সেই অভিযানৰ সবিশেষ এতিয়াও প্ৰকাশ হোৱা নাই। ৰবাৰ্ট বেলাৰ্ডে দাবী কৰিছে যে আৰ এম এছ টাইটানিকৰ আৱিষ্কাৰ আচলতে এটা বৃহৎ প্ৰকল্পৰ অংশ আছিল। এই গোপন অভিযান, আৰু এটা অদ্ভুত পৰিৱৰ্তনৰ ফলত অৱশেষত আমেৰিকাৰ নৌসেনাৰ বিষয়াসকলে টাইটানিকৰ ধ্বংসাৱশেষৰ স্থান নিৰ্ণয় কৰিবলৈ বাধ্য হয়। আচলতে সেই অঞ্চলত আমেৰিকাই দুখন পাৰমাণৱিক ক্ষমতাসম্পন্ন ছাবমেৰিন বিচাৰি আছিল যিবোৰ টাইটানিকৰ কবৰৰ কেইবাটাও দশকৰ পিছত ডুব গৈছিল। শীতল যুদ্ধৰ সময়ত সেইটো আছিল অত্যন্ত ৰিস্কি। ইউ এছ এছ থ্ৰেশ্বাৰ আৰু ইউ এছ এছ স্ক’ৰপিয়ন নামৰ ছাবমেৰিন দুখনৰ আৱিষ্কাৰ ৰাছিয়াৰ বাবে উত্তেজক হ’ব পাৰিলেহেঁতেন। কিন্তু টাইটানিক জাহাজ ডুব যোৱাৰ ফলত আমেৰিকাক সহজ ‘কভাৰ ষ্ট’ৰী’ সৃষ্টি কৰাত সহায়ক হৈছিল। অৰ্থাৎ টাইটানিকৰ সন্ধান আছিল এখন পৰ্দাৰ দৰে, যাৰ আঁৰত পাৰমাণৱিক ক্ষমতাসম্পন্ন ছাবমেৰিন দুখনহে আমেৰিকাই বিচাৰি আছিল। কালি, অৰ্থাৎ ১ ছেপ্টেম্বৰত টাইটানিকৰ ধ্বংসাৱশেষ আৱিষ্কাৰৰ ৩৭ বছৰ পূৰ্ণ হ’ল। এই বিষয়ে History of Diving Museum-এ টুইটাৰত লিখিছে— Today marks the 37th year anniversary of the discovery of the Titanic, whose wreck was found on September 1st, 1985 by a team led by Dr. Robert Ballard. Originally on an expedition to map two US Navy submarine wrecks, the team found Titanic using similar methods. #diving pic.twitter.com/EZoWifRVoz — History of Diving Museum (@divingmuseum) September 1, 2022। আচলতে টাইটানিকৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰাৰ কোনো উদ্দেশ্য নাছিল বেলাৰ্ডৰ। তেওঁ কয় যে তেওঁৰ উৰ্ধতন বিষয়াসকলে বিশ্বই জনাটো নিবিচাৰে যে আমেৰিকাই পাৰমাণৱিক সক্ষম ছাবমেৰিন বিচাৰি আছে। গতিকে এটা কভাৰ ষ্ট’ৰী সৃষ্টিৰ বোজা তেওঁৰ ওপৰত পৰিল আৰু টাইটানিকৰ ধ্বংসাৱশেষ বিচাৰি উলিওৱাৰ তেওঁৰ প্ৰচেষ্টা আছিল তেওঁৰ কভাৰ ষ্ট’ৰী। কিন্তু আচৰিত কথাটো হ’ল যে, সঁচা হৈ ওলাই পৰিছিল টাইটানিকৰ ধ্বংসাৱশেষ। বেলাৰ্ডে ভুলবশতঃ টাইটানিকৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰে। তেওঁ কয় যে আমেৰিকাৰ বাহিনীয়ে ছাবমেৰিনসমূহৰ সঠিক স্থান জানে। কিন্তু বেলাৰ্ডক এইবোৰৰ পৰা পাৰমাণৱিক অস্ত্ৰ উদ্ধাৰ কৰাৰ দায়িত্ব দিয়া হৈছিল যাতে ৰাছিয়াৰ নৌসেনাই সেইবোৰ পিছত লগাব নোৱাৰে। বেলাৰ্ডে স্বীকাৰ কৰে যে তেওঁ টাইটানিকৰ আৱিষ্কাৰৰ প্ৰতি সম্পূৰ্ণ অনিচ্ছুক আছিল। কিন্তু, শেষত তেওঁলোকে টাইটানিকৰ ধ্বংসাৱশেষ বিচাৰি পালে। ১৯৮৫ চনত যেতিয়া টাইটানিকৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰা হৈছিল, তেতিয়া এই অভিযান ৰহস্যৰ আৱৰণেৰে আৱৰি ধৰিছিল। সেই সময়ৰ আমেৰিকাৰ নৌসেনাৰ মুখপাত্ৰ কেপ্তেইন ব্ৰেণ্ট বেকাৰে দাবী কৰিছিল যে এই অভিযান আছিল আৰ্গো/জেছন নামৰ নতুন সামুদ্ৰিক ব্যৱস্থা পৰীক্ষা কৰাৰ বাবেহে। উডছ হোল মহাসাগৰ অভিযান্ত্ৰিক বিভাগৰ মুখ্য বিজ্ঞানী ড° ৰবাৰ্ট স্পিণ্ডলে এই অভিযানত সামৰিক বাহিনীত যোগদান কৰিবলৈ অস্বীকাৰ কৰিছিল। তথাপি এই অভিযানৰ বহুখিনি ৰহস্যাবৃত। বেলাৰ্ডে লগতে কয় যে তেওঁৰ বাবে সকলো কথা কোৱাটো সম্ভৱ নহয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More