টাৱাঙত জব্দকৃত ইন্ধনৰ টেংকাৰকলৈ ৰহস্য

0 11

শতাব্দ প্ৰতিনিধি তেজপুৰ ৬আগষ্ট: ৰাজ্যৰ পৰা অৰুণাচল প্ৰদেশলৈ গুৰুত্বপূৰ্ণ কাৰণত সৰবৰাহ হোৱা মূল্যৱান ইন্ধন এটা চক্ৰই গোপনে ক’লা বজাৰত বিক্ৰী কৰাৰ এক আশংকা বৃদ্ধি পাইছে৷ বিষয়টোকলৈ সেনাৰ আৰক্ষী তথা টাৱাং আৰক্ষীয়ে শেহতীয়া এক অনুসন্ধান আৰম্ভ কৰা বিষয়েও জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে,এনে এক ঘটনাৰ বাবেই শেহতীয়াকৈ এন এল ০১ এএ৭৬৪৪ নম্বৰৰ টেংকাৰখনত প্ৰায় ১২হেজাৰ লিটাৰ ইন্ধন লৈ টাৱাঙলৈ গৈছিল চাৰিদিন পূৰ্বে৷ এক সূত্ৰই প্ৰকাশ কৰা মতে ইয়াত সেনাৰ বাবে প্ৰয়োজনীয় ইন্ধন কঢ়িয়াই নিয়া হৈছিল৷ কিন্তু সেই ইন্ধন নিৰ্দিষ্ট স্হানলৈ নিয়াৰ পৰিৱৰ্তে বাহিৰতে থকাৰ সময়তে সেনাৰ আৰক্ষীয়ে টেংকাৰখন জব্দ কৰে৷ উল্লেখযোগ্য যে,টেংকৰাখনৰ চালক সুষেন বৰা আৰু হেণ্ডিমেন পৰেশ কুটুমকো আটক কৰি সেনা আৰক্ষীয়ে টেংকাৰ সহ স্হানীয় টাৱাং আৰক্ষীক গটাই দিয়ে৷ লক্ষ্যণীয় বিষয়টো হ’ল এই ঘটনাত তৃতীয় এজন ব্যক্তিও জড়িত থকাৰ বিপৰীতে এইজনক সেনা আৰক্ষীয়েই নিজাববীয়াকৈ সোধপোছ কৰি আছে বুলি প্ৰকাশ কৰিছে সুত্ৰটোৱে৷ প্ৰণিধানযোগ্য যে,বৰ্তমানেও জব্দকৃত টেংকাৰখন টাৱাং আৰক্ষী থানাতে আছে আৰু চালক তথা হেণ্ডিমেনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ সূত্ৰটোৱে কয় যে,সেনাৰ বাবে কঢ়িয়াই নিয়া ইন্ধন বাহিৰত বিক্ৰীৰ অপচেষ্টা চলোৱা বাবেই বিষয়টোৰে সেনা আৰক্ষী জড়িত হৈ পৰে৷ আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চলটোত এইদৰে ইন্ধনৰ এখন ক’লা বজাৰ গঢ় লৈ উঠা অভিযোগ যদিহে সত্য হয় তেনেহলে ইয়াৰে স’তে যে এক প্ৰভাৱশালী চক্ৰ জড়িত হৈ আছে সেয়াও নিশ্চিত৷ এনে স্হলত অসামৰিক আৰক্ষী তথা সেনা আৰক্ষীৰ অনুসন্ধানে কিমানদূৰলৈ ঢুকি পায় সেয়া এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More