টেমছুলা আও এক অনন্য নাৰী

0 249

বিমল বৰগোহাঁই

সাহিত্য অকাডেমী বঁটাৰে সন্মানিত নগা সম্প্রদায়ৰ কবি আৰু লেখিকা টেমছুলা আওৰ বিষয়ে কিছু কথা জানিছিলো যদিও, তেওঁৰ বিচিত্র জীৱনটোৰ বিষয়ে গম পোৱা নাছিলো।IMG 20220819 195752 ২০১৮ চনৰ নৱেম্বৰ মাহত মোৰ এগৰাকী সম্পৰ্কীয় বাইদেউ, দুলীয়াজান অইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ শিক্ষয়ত্রী লক্ষজ্যোতি গগৈ সন্দিকৈয়ে টেমছুলা আওৰ নিজৰ জীৱন সোঁৱৰণৰ ওপৰত লিখি উলিওৱা “ONCE UPON A LIFE ” গ্রন্থখন অসমীয়ালৈ অনুবাদ কৰি “মোৰ জীৱনটো” নামকৰণ কৰিছে আৰু গুৱাহাটীৰ আঁক-বাক প্রকাশনে ইতিমধ্যে প্রকাশ কৰি উলিয়াইছে। বাইদেউৰ পৰা উপহাৰ হিচাবে পোৱা এই গ্রন্থখন পঢ়ি কিছু কথা লিখাৰ লোভ সামৰিব নোৱাৰিলো | শুনিবলৈ পোৱা যায় প্রত্যেকজন বিশিষ্ট ব্যক্তিৰ জীৱনবোৰ হেনো বৰ ঘটনা বহুল আৰু উথান-পতনেৰে ভৰপূৰ। কিন্ত এই গৰাকী টেমছুলা আওৰ বিষয়ে যি সকলে জানে, সেইসকলে নিশ্চয়কৈ এই লেখিকা গৰাকীৰ সাহস, ধৈৰ্য্য, কিবা এটা অনবৰতে কৰিবলৈ মনত লুকাই থকা এটা দুৰ্বাৰ হেপাহ, তেওঁৰ শৈশৱ জীৱনৰ পৰা গাভৰু আৰু বিবাহিত জীৱনৰ সময় চোৱাত যি এক কন্টকময় আছিল আৰু তিতা-মিঠা অভিজ্ঞতা লাভ কৰিছিল, সেই সকলোখিনি সঁচা কাহিনী একেবাৰে নিভাজ ভাষাত এই গ্রন্থখনত বৰ্ণনা কৰিছে। জীৱনত কিবা এটা হোৱাৰ বাবে মনত পুহি ৰখা অদম্য ইচ্ছা, আশা, আকাংক্ষা সমূহ কেনেদৰে বাস্তৱত ৰূপায়িত কৰিব পাৰি, তাৰবাবে টেমছুলা আওয়ে জীৱনত কেতিয়াও পৰাজয় স্বীকাৰ কৰা নাছিল| জীৱনটো এক প্রত্যাবান(Challenge) হিচাবে লৈছিল| টেমছুলা আওৰ বিষয়ে থুলমূল কৈ জানিবলৈ হলে আমি তেওঁৰ অতীতৰ কালছোৱালৈ ঘূৰি যাব লাগিব| টেমছুলাৰ পিতৃ অসমৰ যোৰহাটৰ সেই তেতিয়াৰ মিচনেৰী হস্পিতালৰ এজন কৰ্মচাৰী আছিল আৰু সেইসূত্রে তেওঁলোকে যোৰহাট মিচনেৰী হস্পিতাল আৱাসৰ বাসিন্দা আছিল| ১৯৪৫ চনত টেমছুলা আওৰ জন্ম হৈছিল| ছটা সন্তানৰ ভিতৰত তেওঁ ঘৰৰ চাৰি নম্বৰ সন্তান আছিল| তেওঁতকৈ ডাঙৰ ককায়েক দুজন আৰু তেওঁতকৈ সৰু দুজন ভায়েক আৰু এগৰাকী ভনীয়েক আৰু মাক-দেউতাকৰ সৈতে তেওঁলোক সেইসময়ত যোৰহাটৰ বাসিন্দা আছিল| টেমছুলা আওৱে যেতিয়া দ্বিতীয় শ্রেণীত পঢ়ি আছিল, তেতিয়াই প্রায় সাত মাহৰ অগা পিছাকৈ অসুখ হৈ মাক-দেউতাকে আকস্মিক ভাৱে মৃত্যুক সাৱতি লব লগা হৈছিল| মাক-দেউতাক দুয়োজনকে হেৰুৱাৰ পাছত তেওঁলোকৰ জীৱনলৈ কি দুৰ্যোগ নামি আহিছিল, সেই কথাৰ বৰ্ণনা তেওঁ নিজে এই গ্রন্থখনত উল্লেখ কৰিছে আৰু সেইকথা জানিব পাৰিলে আপোনালোকেও নিশ্চয় টেমছুলা আওৰ সাহস, ধৈৰ্য্য, জীৱন যুদ্ধত জয়ী হোৱাৰ আপ্রাণ চেষ্টা অব্যাহত ৰখাৰ কথা উপলদ্ধি কৰিব পাৰিব| শৈশৱ অৱস্হাত কিদৰে কেতিয়াবা এসাজ খাবলৈ পাইছিল আৰু কেতিয়াবা এসাজো নোখোৱাকৈ ভোকত দিন ৰাতি-পাৰ কৰিছিল, সেই কথাৰ পৰা বুজিব পাৰি যে টেমছুলা আওৰ বাবে সেইদিন বোৰ আছিল বৰ যন্ত্রনাদায়ক আৰু বিষাদেৰে ভৰা| হোষ্টেলত থাকোতেও কি কষ্টকৰ দিন পাৰ কৰিব লগা হৈছিল, সেই সকলোবোৰ কথা এই গ্রন্হখনত উল্লেখ কৰিছে| তেওঁ হোষ্টলটোৰ একেবাৰে কনিষ্ঠতম আৱাসী ছাত্রী হিচাবে, ৰান্ধনীৰ দায়িত্ব লব লগা হৈছিল| কেঁচা খৰিত একেবাৰতে প্রায় পঁচিছ গৰাকীমান ছাত্রীৰ বাবে ভাত ৰান্ধিব লগা হোৱা বাবে প্রায়ে ভাত ডেই গৈছিল নতুবা আধা সিজা হৈছিল আৰু তেনেদৰেই সকলোকে ভাত দি শেষত অৱহিষ্ট ডেই যোৱা ভাত প্রায়ে খাব লগা হৈছিল| সেয়ে তেওঁ গ্রন্থখনৰ এঠাইত উল্লেখ কৰিছে যে তেওঁৰ শৈশৱ কালছোৱা ভাঙি টুকুৰা-টুকুৰ হোৱা এটা কোঙা শৈশৱ(Fractured Childhood)| টেমছুলা আওৱে চতুৰ্থ শ্রেণীলৈকে যোৰহাটৰ মিচনেৰী স্কুলত পঢ়িছিল| পুনৰ চতুৰ্থ শ্রেণীৰ পৰা দশম শ্রেণী লৈকে গোলাঘাটৰ বৰ্ডিং স্কুলত পঢ়িছিল| গোলাঘাট বৰ্ডিং স্কুলত পঢ়িবলৈ সেইসময়ৰ মিচনেৰী হস্পিতালৰ ডাক্তৰ পৰিয়ালটোৱেই বিশেষভাৱে সহায় কৰিছিল| আপোনালোকে শুনিলে হয়তো আচৰিত হব যে মেট্রিক পৰীক্ষা দিয়াৰ এমাহৰ পাছতেই আৰু ফলাফল ঘোষণা নোহোৱাৰ আগতেই, ডাঙৰ ককায়েক আৰু বৌয়েক গোলাঘাট বৰ্ডিং স্কুললৈ আহি টেমছুলাক নগালেণ্ডৰ নিজ গাঁও “চাংকি”ৰ ঘৰলৈ লৈ যায় আৰু ঘৰুৱা সমস্যাৰ লগতে আৰ্থিক অনাটনৰ বাবে তাইক যে পুনৰ উচ্চ শিক্ষাৰ সুবিধা কৰি দিব নোৱাৰিব, সেই অপৰাগতাৰ কথা জানিব দিলে আৰু লগতে তাইৰ বিয়া ঠিক কৰাৰ কথাও জনালে| সেইমতেই টেমছুলা আওতকৈ বয়সত যথেষ্ট ডাঙৰ এজন একে কুলৰ আঢ়্যৱন্ত ব্যৱসায়ী সৈতে তাইৰ সন্মতি অৱিহনে বিয়াত বহিলে। যিহেতু ডাঙৰ ককায়েক-বৌয়েকহঁতৰ এই কথা মানি লোৱাৰ বাহিৰে তেওঁৰ দ্বিতীয় কোনো উপায় নাছিল| এনেদৰে এক অনাংক্ষিত পৰিস্হিতিৰ মাজেৰে টেমছুলা আওৱে মাত্র পোন্ধৰ বছৰ মান বয়সতেই বৈবাহিক জীৱনত পৰ্দাপণ কৰিলে| যদিও তেওঁ বৈবাহিক জীৱনৰ বান্ধোনত সোমাই পৰিল, তথাপি কিন্ত চেমছুলা আওৱে উচ্চ শিক্ষাৰ লগতে জীৱনত নিজৰ এটা সুকীয়া পৰিচয় লাভ কৰিবৰ বাবে চেষ্টাৰ কোনো  ত্ৰুটি ৰখা নাছিল| বিয়াৰ পাছত টেমছুলাৰ ম্রেটিকৰ ফলাফল ঘোষণা হল আৰু তেওঁ প্রথম বিভাগত উত্তীৰ্ণ হল। ইয়াৰ ফলত তেওঁৰ উচ্চ শিক্ষা আহৰণৰ বাবে মনটো আৰু প্রকট হৈ পৰিল| কিন্তু এই কথা নিজৰ স্বামীক বা তেওঁৰ পৰিয়ালৰ মানুহক কলে, অনুমতি দিবনে বা কথাটো সহজে লবনে, এনেবোৰ কথাই তেওঁক চিন্তিত কৰি তুলিলে| তথাপি মনত এটা দৃঢ় বিশ্বাস ৰাখি কখাটো তেওঁৰ স্বামীক জনালে আৰু প্রথমে মান্তি হোৱা নাছিল যদিও পাছত সৈমান হল আৰু সেইমতেই তেওঁলোকৰ চহৰত সেইসময়ত নতুনকৈ স্হাপন হোৱা এখন সন্ধ্যা মহবিদ্যালয়ত নামভৰ্তি কৰি কলেজীয়া শিক্ষা আৰম্ভ কৰিলে আৰু ঘৰৰ সকলো কাম-বন শেষ কৰি কলেজলৈ যাবলৈ ধৰিলে| অৱশ্যে কিছুদিন পাছত তেওঁৰ শহুৱেকে কথাটো গম পাই কলেজলৈ যাবলৈ কাৰ পৰা অনুমতি লৈছিল আৰু এগৰাকী আঢ়্যৱন্ত ঘৰৰ বোৱাৰীয়ে এনেদৰে ৰাতি ৰাতি অন্য মানুহৰ লগত বাহিৰলৈ ওলাই গৈ পৰিয়ালটোক তাই অপমান কৰিছে বুলি নানান দোষাৰোপ কৰিলে আৰু এনেদৰেই টেমছুলা আওৰ উচ্চ শিক্ষা স্হগিত হল | তথাপিতো কিন্ত টেমছুলা আওৱে মনত এটা শক্তিশালী হাবিয়াহ পুহি ৰাখিছিল আৰু কিতাপ পত্রৰ লগত এক নিবিড় সম্বন্ধ গঢ়ি তুলিছিল, যাতে ইয়াৰ মাধ্যমেদি তেওঁৰ সপোনবোৰ বাস্তৱত ৰূপায়িত হবলৈ সুবিধা লাভ কৰে| এই ঘটনাৰ কিছুদিন পাছতেই, সেইসময়ৰ ডেপুটি কমিচনাৰজনৰ সহধৰ্মিনীয়ে ৰাইজৰ সহযোগত চহৰ খনৰ বিষয়া সকলৰ আৰু জনসাধাৰণৰ লৰা-ছোৱালীহঁতক পঢ়ুৱাবৰ বাবে “দা টাউন ইংলিচ কিণ্ডাৰগাৰ্টেন স্কুল” নামেৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিছিল আৰু এই বিদ্যালয়খনৰ মেনেজমেন্টে তেওঁক সেই বিদ্যলয়ত যোগদান কৰিবৰ বাবে নিমন্ত্রণ দিছিল |এনেদৰেই মাত্র ১৫০ টকা মাহেকীয়া দৰমহাত জীৱনৰ প্রথম ৰাজকীয় চাকৰিটোত যোগদান কৰিছিল|এই বিদ্যালয় খনত বহু শিক্ষিত ডেকা-গাভৰুৱে সংস্হাপন লাভ কৰিছিল আৰু সেই সকলৰ মাজত টেমছূলা আওৰ এগৰাকী সম্বন্ধীয় ভনীয়েকেও সেই বিদ্যলয়ত শিক্ষকতা কৰি আছিল আৰু তাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইন্টাৰ মিডিয়েট আৰ্টছৰ পৰীক্ষা দিবলৈ যো-জা কৰিছিল| এই কথা গম পাই, টেমছুলা আওৰো পুনৰ উচ্চ শিক্ষা গ্রহণ কৰাৰ বাবে মনটোৱে উক দিলে আৰু সেয়েহে প্রাইভেটকৈ হলেও ইন্টাৰমিডিয়েট পৰীক্ষা দিবলৈ মনস্হ কৰিলে| এইক্ষেত্রত তেওঁলোকৰ এজন পাৰিবাৰিক বন্ধু ও এখন বিদ্যালয়ৰ প্রধান শিক্ষক, টালিটেমজেন জমিৰে পৰীক্ষাৰ্থী হিচাবে এখন প্রমাণ পত্র দি সহায় কৰিছিল|পাছলৈ এই ব্যক্তিজন এজন IAS বিষয়া হিচাবে নাগালেণ্ড চৰকাৰৰ কৰ্মৰত আছিল| এনেদৰেই তেওঁ কিতাপ পত্র যোগাৰ কৰি অসমৰ যোৰহাটৰ কলেজ এখনৰ পৰা পৰীক্ষা দি প্রথম বিভাগত ইন্টাৰ মিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈছিল | সঁচাকৈ টেমছুলা আওৰ এই কৃতকাৰ্য্যতাই তেওঁক পুনৰ উচ্চ শিক্ষাৰ বাবে থকা আকংক্ষাটো আৰু সক্রিয় কৰি তোলে| অৱশ্য ইয়াৰ মাজতে ব্যক্তিগত কিছু অসুবিধাৰ হেতুকে তেওঁ বিদ্যালয়ৰ চাকৰিটো এৰি দিছিল| ১৯৬৩ চনৰ কথা | নগালেণ্ডৰ এটা বিধান সভা সমষ্টিৰ এজন মাননীয় বিধায়কৰ আকস্মিক মৃত্যু হোৱাত, সেই সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল| তেওঁৰ স্বামীক বন্ধু সকলে বৰকৈ জোৰ কৰাত, সেইবাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ থিৰাং কৰিলে আৰু এগৰাকী নিৰ্দলীয় প্রাৰ্থী হিচাবে পোন প্রথম বাৰৰ বাবে নাগালেণ্ড বিধান সভালৈ নিৰ্বাচিত হৈছিল। তেতিয়াৰ পৰা টেমছুলা আওৱে এম.এল.এ ৰ পত্নী হিচাবে এক নতুন পৰিচয় লাভ কৰিছিল| এই আনন্দৰ মাজতেই তেওঁলোকৰ জীৱনলৈ এক দুখৰ বতৰাই বৰকৈ চুই গৈছিল| তেওঁলোকৰ ডাঙৰ ছোৱালীজনীৰ ডায়েৰিয়া হৈ আকস্মিক ভাৱে মৃত্যুক সাৱতি ললে| এই ঘটনাই তেওঁক বৰ আঘাত দিলে আৰু মনৰ দুখতে স্কুললৈ যাবলৈ এৰি দিছিল| তথাপিও তেঁও এক স্বাভাৱিক জীৱন যাপন কৰিবলৈ আপ্রাণ চেষ্টা কৰিলে| সেই সময়ত তেওঁ কাম কৰা স্কুলৰ সহকৰ্মী সকলৰ সৈতে হোৱা নানান কথা-বাৰ্তা আৰু তেওঁলোকে দিয়া পৰামৰ্শৰ পাছত পুনৰ স্কুলত যোগদান কৰিলে। এনেদৰেই ঘৰুৱা বিভিন্ন সমস্যাৰ বাধা নেওচি নিজৰ শিক্ষকতা বৃত্তিটো বজাই ৰাখিছিল|তেওঁ উল্লেখ কৰিছিল যে কোনোবা পুৰণা ছাত্রই যেতিয়া তেওঁ দিয়া মজবুত ভেটিটোৰ বাবেই জীৱনত কৃতকাৰ্য্যতা লাভ কৰিবলৈ সক্ষম হল, তেনে প্রশংসা শুনি তেওঁ বৰ আনন্দিত হৈছিল আৰু তেওঁ সেয়া শিক্ষকৰ বাবে পুৰস্কাৰ বুলি গণ্য কৰিছিল| যদিও, টেমছুলা আওৱে শিক্ষয়িত্রী আৰু বিধায়কৰ পত্নী হিচাপে এক ৰাজহুৱা পৰিচয় লাভ কৰিছিল, তথাপি কিন্তু নিজৰ লৰা-ছোৱালী কেইটাৰ ভৱিয্যতৰ কথা চিন্তা আৰু নিজে এটা বিশ্ববিদ্যালয়ৰ ডিগ্রী লৈ এটা ভাল চাকৰি লাভ কৰাৰ আশাই মনত বৰকৈ পীড়া দি আছিল| সেয়ে লৰা-ছোৱালী কেইটাক পঢ়া-শুনাত আগবঢ়াই নিয়াৰ লগতে নিজেও বিশ্ববিদ্যালয় ডিগ্রী লবলৈ মনস্থ কৰি সেই সময়ৰ তেওঁলোকৰ চহৰৰ ফজল আলি কলেজৰ পৰা নন কলেজিয়েট ছাত্রী হিচাপে বি.এ.পৰীক্ষা দিবলৈ থিক কৰি পঢ়াৰ প্ৰস্তুতি চলালে | সেইসময়ত তেওঁলোকে বি.এ.পৰীক্ষা অসমৰ যেৰহাটত দিব লগা হৈছিল| এনেদৰেই দুবছৰ কঠোৰ অধ্যয়ন কৰি পৰীক্ষা দি বি.এ. পৰীক্ষাত ডিষ্টিংশ্যনসহ বিশ্ববিদ্যালয়ৰ তৃতীয় স্হান অধিকাৰ কৰি উত্তীৰ্ণ হৈছিল | পৰৱৰ্তী পয্যায়ত, বিভিন্ন শুভাকাংক্ষী আৰু লগৰীয়া সকলৰ অনুৰোধত পুনৰ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এ.পঢ়াৰ বাবে মন মেলিলে আৰু কলেজৰ সেই সময়ৰ অধ্যক্ষ প্রয়াত আশ্রফ আলিদেৱে তেওঁৰ বিদ্যালয়লৈ গৈ অভিনন্দন জনালে আৰু ইংৰাজী বিষয়ত এম.এ.পঢ়িবলৈ উৎসাহ দিলে| কিন্তু কথাটো তেওঁৰ স্বামীক কলে বা কি ভাৱে বা কেনেদৰে গ্রহণ কৰে, সেই লৈ বৰ চিন্তিত হৈছিল | এদিন তেওঁলোকৰ শহুৰৰ ঘৰলৈ চহৰখনৰ এজন নামজ্বলা  ব্যক্তি প্রয়াত মিষ্টাৰ মায়াগনোকচা আহিল | তেখেত চৰকাৰী হাইস্কুলৰ অৱসৰপ্রাপ্ত প্রধান শিক্ষক আছিল আৰু চহৰখনৰ সকলোৱে তেওঁক বৰ সন্মান কৰিছিল| তেওঁলোকৰ বিভিন্ন কথাৰ মাজতে মায়াগনোকচাই টেমছুলাক অভিনন্দন জনাবৰ বাবে মাতি পঠিয়ালে আৰু তেওঁৰ ওচৰত বহুৱাই খুব প্রশংসা কৰিলে আৰু এম.এ.পঢ়িবলৈ জোৰ কৰিলে| শহুৰ দেউতাকৰ ফালে তেওঁ চাই কলে যে এনেকুৱা এগৰাকী বোৱাৰীক লৈ তেওঁ গৌৰৱ কৰা উচিত আৰু তেতিয়া তেওঁৰ শহুৰ দেউতাইও কথাটোত মূৰ দুপিয়ালে| এনেদৰেই টেমছুলা আওৱে ঘৰৰ পৰা এম.এ পঢ়িবলৈ অনুমতি লাভ কৰিলে| যিহেতু বিশ্ববিদ্যালয়ত ফৰ্ম জমা দিয়াৰ শেষ তাৰিখ বেছি দিন নাছিল, সেয়েহে তেওঁৰ স্বামীয়ে তেওঁক নিজে বিশ্ববিদ্যালয়লৈ লৈ যোৱাৰ কথা কলে আৰু সেয়েহে যোৰহাটৰ পৰা পোন প্রথম বাৰৰ বাবে গুৱাহাটীলৈ আকাশীভ্রমণ কৰিলে| বিশ্ববিদ্যালয়ত পলমকৈ আৱেদন কৰাৰ বাবে অলপ অসুবিধা হৈছিল যদিও অৱশেষত নামভৰ্তি কৰা হৈ গৈছিল আৰু তাৰ পাছত গুৱাহাটীৰ পৰা যোৰহাটলৈ বাছেৰে আৰু তাৰপৰা নিজৰ জীপগাড়ীৰে নাগালেণ্ডৰ পাহাৰত থকা নিজ ঘৰলৈ উভতি গৈছিল| বিশ্ববিদ্যালয়ত পুনৰ এগৰাকী ছাত্রী হিচাপে পঢ়িবলৈ পোৱা সুযোগৰ বাবে তেওঁৰ মনত বৰ আনন্দ লাগিছিল আৰু উত্তেজিত অনুভৱ কৰিছিল| তথাপি কিন্ত লৰা-ছোৱালী কেইটা আনৰ হাতত এৰি থৈ যাব লগা হোৱাৰ বাবে আৰু স্বামীৰ ওপৰত ওপৰঞ্চি বোজা দিয়াৰ বাবে তেওঁৰ মনটো যথেষ্ট সন্দিহান হৈছিল| ইয়াৰ উপৰি গাঁৱৰ বহু আত্মীয়সকলে এই বিষয়ত আপত্তি কৰিছিল আৰু বেছি উচ্চাকাংশী হৈ পত্নী আৰু মাতৃ হিচাবে দায়িত্বত অৱহেলা কৰা বুলি ভাৱিছিল| এই কথাবোৰে তেওঁক বৰ চিন্তিত কৰি তুলিছিল আৰু গুৱাহাটীলৈ যোৱাৰ দিন চমু চাপি অহাৰ লগে লগে নিশা চকুলো টুকিবলৈ ধৰিছিল| অৱশ্য এটা কথা ভাৱি তেওঁ আত্ম সন্তষ্টি লাভ কৰিছিল যে ঘৰখনৰ ভালৰ বাবে তেওঁ সেই কাম কৰিবলৈ ওলাইছিল| তাৰোপৰি তেওঁ মনত সাহস পোৱাৰ এটা মূল কাৰণ আছিল, তেওঁৰ স্বামী নিৰ্বাচনত জয়ী হেৱাৰ পাছত তেওঁৰ দেহৰক্ষী হিচাপে তেওঁলোকৰ ঘৰলৈ অহা বীৰ বাহাদুৰ গুৰুঙৰ একনিষ্ঠ সেৱাৰ বাবে, লৰা-ছোৱালী কেইটাৰ বন্ধু হৈ পৰিছিল আৰু সেয়েহে টেমছুলা আওয়ে নিচিন্ত মনে গুৱাহাটীলৈ গৈছিল| যিকিনহওঁক, এনেকৈয়ে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত এম.এ.ৰ ইংৰাজী বিভাগৰ ছাত্রী হৈ দুটা বছৰ কটাইছিল আৰু বিশ্ববিদ্যালয়ৰ বন্ধ বা ছুটীত নিজৰ স্বামী আৰু লৰা-ছোৱালীক লগ পাবলৈ ঘৰলৈ ঢাপলি মেলি আহিছিল| তেওঁ নিজেই উল্লেখ কৰিছে যে সেই ঘৰত থকা সময় খিনি মুকুলিকৈ পঢ়িবলৈ পাৰিছিল আৰু লৰা ছোৱালীহঁতকো ভালদৰে চোৱা চিতা কৰিব পাৰিছিল| চাওঁতে-চাওঁতেই টেমছুলা আওৱে দুটা বছৰ পাৰ কৰিলে আৰু সকলোকে আচৰিত কৰি তেওঁ বিশ্ববিদ্যালয়ৰ ভিতৰতেই দ্বিতীয় স্হান দখল কৰিলে| এনেদৰেই, টেমছুলা আওৰ স্বামী তথা অনান্য শুভাকাংক্ষী সকলে বিভিন্ন ধৰণে সহায় কৰাত তেওঁ কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছিল| বিশেষকৈ তেওঁৰ স্বামীয়ে কৰা অনুমোদন আৰু সহায়ৰ কথা অনুধাৱন কৰিছিল| কিন্তু ১৯৭৪ চনত হোৱা বিধান সভা নিৰ্বাচনত তেওঁৰ স্বামীয়ে বৰ বেয়াকৈ পৰাজয় বৰণ কৰিছিল আৰু এই বিফলতাৰ পাছত তেওঁলোক মুককচাঙৰ পৰা কহিমালৈ স্থানান্তৰিত হ’ল | তিনিটাকৈ হোৱা নিৰ্বাচনৰ প্রচাৰত তেওঁলোকৰ আৰ্থিক অৱস্থা বৰ শোচনীয় হৈ পৰিছিল আৰু MLA হোৱাৰ পাছত স্বামীৰ আগৰ ব্যৱসায়ৰ উৰ্পাজনৰ পথো কমি আহিছিল আৰু সেয়ে তেওঁ নিজৰ স্বামীক কিছু সকাহ দিবৰ হেতুকে এখন আৰ্টছ কলেজত লেক্-চাৰৰ চাকৰিত যোগদান কৰিলে| অৱশ্য তাত তেওঁ বেছিদিন নাথাকিলে। কিয়নো কিছুদিনৰ পাছত অৰ্থাৎ ১৯৭৫ চনত তেওঁ North Eastern Hill University ত লেকচাৰাৰ হিচাপে নিৰ্বাচিত হৈ যোগদান কৰিলে আৰু ২০১০ চনৰ অক্টোবৰ মাহলৈকে সেৱা আগবঢ়ালে| কিন্তু এই পদত নিযুক্তি লাভ কৰাৰ আগতে টেমছুলা আওৱে বাধ্যবাধকতা হিচাপে ইংৰাজী শিক্ষণৰ ওপৰত এটা ডিপ্লমা লবলৈ পুনৰ হায়দৰাবাদত থকা Central Institute of English and Foreign Language ত এবছৰৰ বাবে প্রশিক্ষণ লব লগা হৈছিল| এইখিনি সময়ত তেওঁ পুনৰ এবছৰৰ বাবে নিজৰ স্বামী আৰু লৰা-ছোৱালী কেইটাক এৰি থৈ যাব লগা হোৱাৰ বাবে কিছু অসুবিধাত পৰিছিল আৰু তেওঁৰ স্বামীয়ে এইক্ষেত্রত কথাটো বৰ সহজ ভাৱে লব পৰা নাছিল, যদিও বিৰোধিতাও কৰা নাছিল| টেমছুলা আওৱে ভাবিছিল যে শ্বিলংলৈ আহিলে NEHUৰ কেম্পাচত থকা বিদ্যালয়ত তেওঁলোকৰ লৰা-ছোৱালী কেইটাই ভালদৰে পঢ়া শুনা কৰিবলৈ সুবিধা পাব| কিন্তু লাহে লাহে যেন তাৰ ওলোটা টোৱে যেন হবলৈ ধৰিলে| তেওঁলোকৰ পাৰিবাৰিক ভাঙোন আৰম্ভ হবলৈ ধৰিলে, স্বামী-স্ত্রীৰ সম্পৰ্কৰ মাজত দূৰত্ব বাঢ়ি গৈ অৱশেষত ১৯৭৮ চনত এক বুজা-বুজিৰ মাজেৰে তেওঁলোকৰ বৈবাহিক জীৱনত ইতি পৰিছিল| ইয়াৰ পাছত তেওঁৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰিছিল | অৱশ্য লৰা ছোৱালী কেইটা শ্বিলংত থাকিয়েই পঢ়া শুনা কৰিছিল আৰু তেওঁলোকৰ বিচ্ছেদৰ পাছতো লৰা-ছোৱালী কেইটাৰ অধিকাৰক লৈ পৰিয়ালটোত কেতিয়াও কোনো বাদ-বিবাদ হোৱা নাছিল| যদিও, টেমছুলা আওৱে বুজাবুজিৰ মাজেৰে স্বামীৰ পৰা বিচ্ছেদ লৈছিল, তথাপিটো কিন্তু তেওঁ নিজৰ শাহু-শহুৰ ঘৰখনলৈ প্রায়ে গৈছিল আৰু তেওঁলোকৰ খবৰ লৈছিল| এইক্ষেত্রত, তেওঁ কেতিয়াও কোনো বাধাৰ সন্মূখীন হোৱা নাছিল| ১৯৯৩ চনটো টেমছুলা আওৰ বাবে আছিল এক অতি দুখৰ সময়| যিহেতু এই বছৰতে তেওঁৰ স্বামী পৰলোকগামী হয় আৰু তেওঁ সেইসময়ত ডিমাপুৰৰ কৰ্মস্হলীৰ পৰা কহিমালৈ গৈ স্বামীৰ শৱ-সৎকাৰত অংশগ্রহণ কৰে| আৱেগিক হৈ তেওঁ স্বামীৰ সৈতে কটোৱা ৩৪ বছৰৰ পৱিত্র জীৱন চক্রটোৰ কথা সোঁৱৰণ কৰিলে, যাৰ জৰিয়তে পাঁচটাকৈ সন্তান এই পৃথিৱীলৈ আহিল| যদিও ১৫ বছৰ আগতেই তেওঁৰ স্বামীৰ সম্পৰ্কৰ সৈতে বৈধতা নোহোৱা হৈছিল, তেওঁৰ মৃত্যুৰ লগে লগে যেন সি ছিন্ন হৈ গল। বিশ্ববিদ্যালয়ৰ লেকচাৰৰ হোৱাৰ পাছত, ছাত্র-ছাত্রীক পাঠদান কৰিবলৈ নিজেও কিছু অধ্যয়ন কৰিব লগা হৈছিল, যিহেতু NEHU ৰ M. A. ৰ বেছিভাগ পাঠেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্রমত নাছিল| সেয়ে, শ্রেণী কোঠাত সেইবোৰৰ বৌদ্ধিক আলোচনা কৰাৰ আগেয়ে তেওঁ নিজে সেইবোৰ খৰচি মাৰি পঢ়িব লগা হৈছিল| তেওঁ নিজে উল্লেখ কৰিছে যে কেতিয়াবা কেতিয়াবা তেওঁ ছাত্র-ছাত্রী সকলৰ সন্মূখত শ্রেণীত সোমাবলৈ ভয় কৰিছিল। যিহেতু তেওঁ লক্ষ্য কৰিছিল যে তেওঁলোকে বিভিন্ন মুখভংগীলৈ তেওঁৰ ফালে দৃষ্টি নিক্ষেপ কৰিছিল আৰু ইতিকিংসূচক মন্তব্য কৰিছিল| সেয়ে, তেওঁ প্রথম অৱস্হাত বিশ্ববিদ্যালয়ৰ শ্রেণীত সহজ হব পৰা নাছিল যদিও পাছলৈ সকলোবোৰ ঠিক হৈ প্রাথমিক ভয়-ভীতিবোৰ আঁতৰি গৈছিল| তেওঁ অকপতে স্বীকাৰ কৰিছে যে যদিও বিশ্ববিদ্যালয়ৰ লেকছাৰৰ চাকৰি কৰিছিল সেইসময়ত(সত্তৰ দশকত) এগৰাকী লেকচাৰৰ দৰমহা আজিৰ দৰমহাৰ সৈতে এক ভগ্নাংশও নাছিল| ঘৰ ভাৰা, চাৰিটাকৈ লৰা-ছোৱালীৰ স্কুলৰ ফিজ্, ইউনিফৰ্মৰ খৰচ ইত্যাদিৰ বাবে ঘৰখন চলিবলৈ কিছু অসুবিধা হৈছিল | সেই সময়খিনি তেওঁৰ বাবে এক কষ্টকৰ সময় আছিল| NEHU ত চাকৰি কৰি থকা সময়তে জেষ্ঠ সকলে টেমছুলা আওক সোঁৱৰাই দিলে যে চাকৰিত উন্নতি কৰিবলৈ হলে তেওঁ Ph.D. ডিগ্রীটো লব লাগিব, নহলে লেকচাৰাৰ হিচাপে অৱসৰ লব লাগিব | সেই কথাষাৰে তেওঁৰ মনলৈ পুনৰ এটা প্রত্যাবান আনিলে আৰু Ph.D ৰ বাবে কঠোৰ পৰিশ্রম কৰি ১৯৮৩ চনত এই Ph. D লাভ কৰিলে আৰু সেই বছৰতে তেওঁ NEHU ত ইংৰাজী বিভাগৰ ৰিডাৰ পদৰ বাবে আবেদন কৰি নিৰ্বাচিত হয়| তথাপিটো যেন টেমছুলা আওৰ এই যাত্রা শেষ হোৱা নাছিল| তেওঁলোকৰ ভাষাৰ ওপৰত উপলব্দ সাধুকথাৰ প্রতি টেমছুলা আওৰ বিশেষ অনুৰাগ আছিল আৰু সেইবোৰ ইংৰাজী ভাষালৈ অনুবাদ কৰিবলৈ মনত এটা হেঁপাহ পুহি ৰাখিছিল| গতিকে, তেওঁ কিতাপ আকাৰে ছপাবৰ বাবে সাধুকথাবোৰ সংগ্রহ কৰিছিল আৰু তাৰবাবে UGC ৰ পৰা কিছু আৰ্থিক সাহাৰ্য্যও লাভ কৰিছিল| আচৰিত কথা যে কিছুমান ঘটনাই তেওঁৰ জীৱনৰ টাৰনিং পইন্ট আছিল| যিটো সময়ত UGC ৰ পৰা আৰ্থিক সাহাৰ্য্য লাভ কৰিছিল, সেই সময়তে তেওঁ ফুলব্রাইট ফেল’শ্বিপৰ বাবে প্রাৰ্থী বিচাৰি দিয়া বিজ্ঞাপন এটা দেখা পাই আবেদন কৰিছিল আৰু তেওঁক আচৰিত কৰি USA ৰ মিনেচ’টা বিশ্ববিদ্যালয় গৈ ইণ্ডিয়ান এমেৰিকান ষ্টাডিজ বিভাগত কাম কৰিবলৈ সেই ফেল’চিপটোৰ বাবে নিৰ্বাচিত কৰিলে | এনেদৰেই তেওঁৰ জীৱনত বিদেশ যাত্রাৰ ভাগ্য উদয় হল আৰু তাত তিনি মাহ সময় কটাই, সেই সময়খিনি সদ ব্যৱহাৰ কৰি নিজৰ গৱেষণা সামৰি নিজ দেশলৈ ঘূৰি আহিল| তাত থকাৰ অভিজ্ঞতাৰ ভেটিত তেওঁৰ প্ৰজেক্টৰ বাবে এক বহল দৃষ্টিভংগী গ্রহণ কৰিবলৈ সক্ষম হৈছিল আৰু অৱশেষত সি কেৱল সাধুকথাৰ ওপৰতেই “The Ao-Naga Oral Tradition” নামৰ পুথিখনৰ ৰূপ পাইছিল| NEHU ত তেওঁ ১৯৭৫ চনৰ পৰা প্রায় ৩০ বছৰ কাল শিক্ষয়িত্রী হিচাপে কটালে | এই ত্রিশটা বছৰত, টেমছুলা আওয়ে বিভিন্ন ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রী সৈতে কটাই তেওঁৰ জীৱনটো সমৃদ্ধ হল বুলি উল্লেখ কৰিছে| ১৯৮৯ চনৰ কথা| তেওঁলোকৰ বিভাগত এটা প্রফেচৰৰ পদ খালি হোৱাত আৱেদন জনালে আৰু নিৰ্বাচিত হল| এনেকৈয়ে তে়ওঁ জীৱনৰ উন্নতিৰ জখলা ডাল আগুৱাই গল আৰু কেতিয়াও পিছ হুহুকি চাব লগা হোৱা নাছিল| সেইবছৰতে তেওঁৰ ডাঙৰ ছোৱালী গৰাকীৰ বিয়া হল আৰু আন দুজনীয়ে শিক্ষা সাং কৰিলে আৰু লৰাটোৱেও বি.এ. পাছ কৰি দিল্লীত স্নাতকোত্তৰ শ্রেণীত পঢ়িবলৈ গল| মুঠতে তেওঁৰ চাকৰি জীৱনৰ ব্যস্ততাৰ মাজতে নিজৰ লৰাছোৱালীৰ প্রতি থকা দায়বদ্ধতা সমানেই পালন কৰি গৈছিল| জীৱনত কেতিয়াওঁ হাৰ নমনা, টেমছুলা আওৱে ১৯৯২ চনত ডিমাপুৰত থকা North East Zone Cultural Centre ত খালি হৈ থকা সঞ্চালকৰ পদটোৰ বাবে বিজ্ঞাপন দিয়াত আবেদন কৰিছিল আৰু বিভিন্ন শুভাকাংক্ষী আৰু পৰিয়ালৰ পৰা লাভ কৰা শুভেচ্ছা আৰু আশীষৰ বাবে সাক্ষাৎকাৰত উত্তীৰ্ণ হৈ নিৰ্বাচিত হল আৰু ইউনিভাৰছিটিৰ পৰা ডেপুটেশ্যন লিভ্ লৈ সেই বছৰৰে পহিলা ছেপ্তেম্ৱৰ ডিমাপুৰত থকা North East Zone Cultural Centre ত সেই কামত যোগদান কৰিলে আৰু এক নতুন কৰ্মজীৱন আৰম্ভ কৰিলে| এনেদৰেই তেওঁ পাঁচটা বছৰ এই কাৰ্যালয়ত সঞ্চালিকা হিচাপে কাম কৰি বহু নতুন প্রশাসনিক অভিজ্ঞতা লাভ কৰিলে আৰু তেওঁৰ এই পাঁচ বছৰীয়া কাৰ্যকালত চাৰিজন গৰ্ৱনৰৰ সৈতে কাম কৰাৰ সৌভাগ্য হৈছিল| ইয়াৰ উপৰিও, তেওঁৰ এই পাঁচ বছৰীয়া কাৰ্য্যকালত নাগালেণ্ডৰ মন জিলাৰ শ্ব্যাংগিউ গাঁৱত সজা “হেৰিটেজ মিউজিয়াম”টোৱেই আছিল এক উল্লেখযোগ্য সফলতা, যিটো নেকি সেই সময়ৰ ৰাজ্যপাল অ.পি.শৰ্মাই ১৯৯৭চনৰ ২৫ এপ্রিলত মুকলি কৰিছিল| টেমছুলা আওে ভালে কেইবাৰ বিদেশ ভ্রমণ কৰাৰ সুযোগ লাভ কৰিছিল| সেই কথা নিজেই উল্লেখ কৰি কৈছিল যে, NEHU ৰ কাৰ্যাকালৰ শেষৰ ফালে তেওঁ সাহিত্য অকাডেমিৰ প্রতিনিধিবৰ্গৰ সদস্য হিচাপে কেইবাবাৰো বিদেশ যোৱাৰ সুযোগ লাভ কৰিছিল | বিশেষকৈ প্রথমবাৰৰ বাবে চীনৰ বেইজিং, চিচুৱান আৰু চাংহাইলৈ গৈ লাভ কৰাৰ বিৰল অভিজ্ঞতা বিষয়ে তেওঁৰ গ্রন্হখনত উল্লেখ কৰিছে| ইয়াৰ উপৰিও, তেওঁ লণ্ডন, ছুইজাৰলেণ্ড, আমেৰিকা আদি ভ্রমণ কৰিও বহু জ্ঞান অৰ্জন কৰিলে আৰু সেইখিনি নিজৰ সাহিত্যৰ সৃষ্টিমূলক কামত খটোৱালে। যাৰবাবে ভাৰত চৰকাৰে তেওঁক ২০০৭ চনত সাহিত্য আৰু শিক্ষাৰ বাবে পদ্মশ্রী বঁটা প্রদান কৰে যিটো নেকি তেওঁৰ বাবে এক সপোনৰ বাহিৰৰ কথা আছিল, সেয়ে তেওঁ আচৰিত হৈছিল| ইয়াৰ পাছত ২০০৯ চনটো নাগালেণ্ড চৰকাৰে তেওঁৰ সাহিত্য সৃষ্টিৰ বাবে নাগালেণ্ডৰ ৰাজ্যপালৰ পৰা বিশেষ বঁটা লাভ কৰে| তেওঁৰ চুটি গল্পৰ অকাডেমি বঁটা” লাভ কৰিছিল| এনেদৰেই তেওঁ সাহিত্যৰ ক্ষেত্রত সফলতা লাভ কৰিলে আৰু সাহিত্যৰ প্রতি থকা অনুৰাগে তেওঁৰ আত্মবিশ্বাস বঢ়ালে| ইয়াৰ পাছত তেওঁ আৰু পাছলৈ ঘূৰি চাব লগা হোৱা নাই| বিভিন্ন গল্প, কবিতা আদি নিয়মীয়া ভাবে লিখিবলৈ ধৰিলে আৰু এগৰাকী লেখিকা হিচাবে তেওঁৰ এটা নতুন পৰিচয়ৰ জন্ম হল| উল্লেখযোগ্য যে, ১৯৮৮ চনত তেওঁৰ প্রথম কবিতা পুথি “সংজ দ্যৎ টে’ল”(Songs that Tell) খন প্রকাশ পাইছিল| এইখিনিতে উল্লেখ কৰাতো ভাল হব যে আমাৰ সমাজত বহু পুৰুষয়েই হওক বা নাৰীয়েই হওক, কেতিয়াবা কেতিয়াবা হতাশগ্রস্ত হৈ দিক্ বিক্ হেৰুৱাই আত্মহননৰ দৰে এক চৰম পথ বাচি লবলৈ বাধ্য হয়| কিন্ত টেমছুলা আওৰ জীৱন গাঁথাৰ বিষয়ে যেতিয়া আমি পঢ়িম, তেতিয়া নিশ্চয়কৈ আমি জীৱনৰ প্রকৃত অৰ্থ বুজিব পাৰিম আৰু এই জীৱন যুদ্ধত যুঁজ দি জয়ী হবলৈ আমি কিছু হলেও সাহস আৰু প্রেৰণা পাম| সঁচাকৈ এগৰাকী অকলশৰীয়া মহিলা হৈ জীৱনৰ প্রতিটো ঘাত-প্রতিঘাত অতিক্রম কৰি জীৱনত এটাৰ পাছত এটা সফলতা অৰ্জন কৰি এগৰাকী সাহসী আৰু অনন্য নাৰী হিচাপে যি এক বিৰল পৰিচয় দাঙি ধৰিলে, তাৰবাবে টেমছুলা আও আমাৰ সমাজৰ বাবে, বিশেষকৈ নাৰী সকলৰ বাবে সদায় এক আদৰ্শ হৈ জিলিকি থাকিব| টেমছুলা আও বাইদেউ বৰ্তমান পুত্র আৰু জী’ৰ সৈতে নাগালেণ্ড ডিমাপুৰৰ বাসিন্দা| যোৱা বছৰ তেখেতৰ সৈতে মোৰ টেলিফোনত বাৰ্তালাপ কৰাৰ সৌভাগ্য হৈছিল| মই তেওঁৰ পৰৱৰ্তী সাহিত্য সৃষ্টিৰ পৰিকল্পনাৰ বিষয়ে কিছু কথা জানিব বিচাৰিলো| সঁচাকৈ, তেখেত এগৰাকী অতি সাধাৰণ নাৰী আৰু মোৰ সৈতে একেবাৰে শুদ্ধ অসমীয়াতে কথা পাতিছিল। কথা-বতৰাৰ মাজতেই তেখেতে জনালে যে বৰ্তমান তেওঁৰ স্বাস্থ্য বৰ ভল নহয় আৰু চিকিৎসা চলি আছে| সেয়ে নতুন কোনো সাহিত্যসৃষ্টিৰ কাম হাতত লোৱা নাই বুলি মোক জানিবলৈ দিলে| অৱশ্য, কেইখনমান গল্প সংকলন প্রকাশৰ বাবে দিয়া হৈছে, কিন্ত কেতিয়া প্রকাশ পায়, সেইটোহে কব নোৱাৰে| সঁচাকৈ, তেখেতৰ সৈতে কথা পাতি মই বৰ আপ্লুত হলো আৰু নিজকে ধন্য মানিলো| তেখেতে নিজৰ সাহিত্যচৰ্চাৰ যোগেদি আমাৰ সাহিত্য জগতলৈ যি অৰিহণা আগবঢ়াইছে, তাৰবাবে আমি সকলোৱে তেওঁক ছেলুট জনোৱা উচিত আৰু তেওঁৰ জীৱনটোক আমি অনুসৰণ কৰিব লাগে বুলি মই ব্যক্তিগত ভাৱে অনুভৱ কৰো| আমি সকলোৱে ইংৰাজী ৮ মাৰ্চ তাৰিখে “আন্তজাৰ্তিক নাৰী দিৱস” বৰ উলহ মালহৰে উদযাপন কৰোঁ আৰু নাৰীৰ স্বাধীনতা, নাৰী সৱলীকৰণ আদিৰ বিষয়ে আলোচনা কৰোঁ। মই ভাবোঁ উক্ত দিনা এনে এগৰাকী মহীয়সী নাৰীৰ ত্যাগ, সৃষ্টি আৰু অৱদান সমূহৰ বাবে আমি তেঁওক সন্মান যচাটো খুবেই গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰোঁ। মই টেমছুলা বাইদেউ লৈ আন্তৰিকতাৰে শ্রদ্ধা আৰু শুভেচ্ছা জনাইছো আৰু তেখেতৰ সু-স্বাস্হ্যৰ লগতে দীৰ্ঘায়ো কামনা কৰিছোঁ|

বৰবিল নং ২, ডিগবৈ, তিনিচুকীয়া ফোন নং: ৯৪৩৫০৩৫১৭৭
Sent from RediffmailNG on Android

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More