ডাম্পষ্টাৰ ডাইভিং

0 100

ডাম্পষ্টাৰ ডাইভিঙজাৰ্মানীৰ পৰা দীপজ্যোতি বৰা

ই ভঙা-চিঙা লোহা, টিং, প্লাষ্টিক……” এইদৰে চিঞৰি চিঞৰি ঘৰত থকা পুৰণি অলাগতিয়াল বস্তু সংগ্ৰহ কৰিবলৈ কিছুমান মানুহ এসময়ত প্ৰায়বোৰ চুবুৰিলৈকে আহিছিল। আজিকালি আছে নে নাই গম নাপাওঁ। এনে এখন ছবিৰ লগত হয়তো আমাৰ দৰে দেশৰ কম-বেছি পৰিমাণে সকলোৱে পৰিচিত।

এতিয়া অনুমান কৰক এনদৰে বস্তু সংগ্ৰহ কৰিবলৈ যোৱা ব্যক্তিজন কলেজীয়া ছাত্ৰৰ দৰে আধুনিক পোচাক পৰিহিত, তেওঁৰ আছে এখন নিজৰ গাড়ী আৰু মূৰত লগাই লৈছে এটা “Go-Pro” কেমেৰা। তেওঁৰ Youtube চেনেলত প্ৰায় ৩০০০০-৩০০০০০ নিয়মীয়া দৰ্শক। কেনে লাগিব বাৰু ? আপোনাক ডাম্পষ্টাৰ ডাইভিঙ (Dumpster Diving) ৰ দুনীয়ালৈ স্বাগতম!

ডাম্পষ্টাৰ ডাইভিঙৰো আকৌ বিভিন্ন প্ৰকাৰ আছে।কিছুমানে পেলনীয়া ধাতুৰ সামগ্ৰী, ইলেক্ট্ৰনিক্‌ছ্‌, বা আন যন্ত্ৰ-পাতিৰ কাৰণে কৰে, কিছুমানে আকৌ গোপন তথ্য বা কাগজ-পাতি আহৰণৰ কাৰণে কৰে, বহুতে কেৱল খাদ্যৰ সন্ধানত কৰে। কোনো কোনোৱে এই কাম পেচাদাৰী ভাবেও কৰে। বহুতৰ কাৰণে ই এক প্ৰয়োজন, বহুতৰ মতে তেওঁলোকে “আদৰ্শগত” কাৰণত কৰে।

ডাম্পষ্টাৰ ডাইভিঙৰো আকৌ বিভিন্ন প্ৰকাৰ আছে।কিছুমানে পেলনীয়া ধাতুৰ সামগ্ৰী, ইলেক্ট্ৰনিক্‌ছ্‌, বা আন যন্ত্ৰ-পাতিৰ কাৰণে কৰে, কিছুমানে আকৌ গোপন তথ্য বা কাগজ-পাতি আহৰণৰ কাৰণে কৰে, বহুতে কেৱল খাদ্যৰ সন্ধানত কৰে। কোনো কোনোৱে এই কাম পেচাদাৰী ভাবেও কৰে। বহুতৰ কাৰণে ই এক প্ৰয়োজন, বহুতৰ মতে তেওঁলোকে “আদৰ্শগত” কাৰণত কৰে।

খাদ্যবস্তুৰ কাৰণে ডাম্পষ্টাৰ ডাইভিং কৰাটো বহু ক্ষেত্ৰত এক সাধাৰণ কাৰবাৰ। বহু দেশত ই আইনৰ দ্বাৰা নিষিদ্ধ যদিও সমাজ বা প্ৰশাসনে অলপ নৰম চকুৰে চায়। প্ৰায়বোৰ পশ্চিমীয়া দেশতে ছুপাৰমাৰ্কেটবোৰে বৃহৎ পৰিমাণৰ খাদ্য পেলনীয়া বস্তুৰ বাকচত পেলাব লগা হয়। পেকেটৰ ওপৰত লিখি থোৱা তাৰিখ পাৰ হৈ যোৱাৰ বাবেই এনেদৰে অপচয় কৰিব লগীয়া হয়। বহু ক্ষেত্ৰত আইনী বাধাৰ কাৰণে তেওঁলোকে আনক দান দিবও নোৱাৰে। সেয়েহে পেলনীয়া বস্তুৰ বাকচৰ পৰা কোনোবাই লৈ গ’লে বৰ বেছি বাধা দিয়া নহয়। Der Spiegel কাকতৰ ২০১৯ চনৰ “A Crash Course in Dumpster Diving” শিৰোনামৰ এক বাতৰিত মোৰ চহৰ আসেনৰ এক ঘটনাৰ বিষয়ে এনেদৰে লিখা হৈছে-

“About a dozen young people, most of them students, are wandering through Aachen on this July night learning how to dumpster dive — how to rescue food from supermarket garbage bins. For most of them, it’s their first time. They say they aren’t doing it for financial reasons, but because they find it a good idea due to their critical approach to consumerism”

জাৰ্মানীত ডাম্পষ্টাৰ ডাইভিঙক আইনসংগত কৰিবলৈ লোৱা এটা প্ৰস্তাৱ ২০১৯ চনত খাৰিজ কৰা হয়। আইনসংগত নহ’লেও জাৰ্মানীৰ দৰে বিভিন্ন দেশত ই চলি আছে। বহুবোৰ বেকাৰী বা ছুপাৰমাৰ্কেটৰ অলপ পুৰণি ব্ৰেড, পাচলি আদি ছাত্ৰ-ছাত্ৰী বা আন মানুহে লৈ যোৱা মই নিজেও দেখিছোঁ। আজিৰ পৰা দুবছৰ মানৰ আগলৈ মোৰ ঘৰৰ সন্মুখত দুটা ‘বাস্কেট’ থকা এখন চাইকেল আছিল। তাতে খোৱা বস্তু বা পাচলি আদি ৰখা হয় মানুহে লৈ যাব পৰাকৈ। লগতে এটা QR-Code লগোৱা থাকে। তাকে স্কেন কৰিলে আৰু কোনবোৰ ঠাইত এনে সুবিধা আছে গম পাব পাৰি।

এসময়ত মই দুটামান ভ্ৰমণৰ লগত জড়িত ফেচবুক গোটত আছিলোঁ। তাতো এই বিষয়ত বহু সময়ত চৰ্চা হৈছিল। বহু ভ্ৰমণকাৰী (backpacker) যিসকল ধনী নহয় আৰু যিসকলে যিমান পাৰে পৰিৱেশৰ ওপৰত কম প্ৰভাৱ পেলাবলৈ চেষ্টা কৰে তেওঁলোকৰ বহুতেই ফুৰিবলৈ যাওঁতেও ডাম্পষ্টাৰ ডাইভিঙৰ চেষ্টা কৰে।

এই বিষয়ৰ ওপৰত বহুতো ৱেবচাইট আৰু Youtube চেনেলো আছে। অলপ বিচাৰিলে বহু কথা গম পাব পাৰি। কোনো কোনোৱে কেতিয়াবা এবাৰতে দুই-তিনি মাহৰ জোখাৰে খাদ্য সংগ্ৰহো কৰিব পাৰে।

এতিয়া যদি আমি আমাৰ নিজৰ দেশৰ লগত তুলনা কৰোঁ তেন্তে প্ৰশ্ন আহে আমাৰ দেশৰ লগত কি ক্ষেত্ৰত পৃথক? মোৰ মনলৈ আহে “দৰিদ্ৰতাৰ নান্দনিকতা”। আমাৰ দেশত জাৱৰৰ দ’ম এটাৰ পৰা কোনোবাই বস্তু খাই থকা বুলিলে যিখন ছবি মনলৈ আহে এইখন তাতোকৈ অলপ বেলেগ। ইয়াতে খাদ্য-বস্তুবোৰ সৰহভাগ পেকেটত থাকে আৰু ছুপাৰমাৰ্কেটৰ আৱৰ্জনাৰ বাকচবোৰ তুলনামূলকভাবে পৰিষ্কাৰ। বস্তুবোৰৰ প্ৰায়বোৰ গেলি পঁচি নোযোৱাকৈ থাকে। তাৰ পৰা সংগ্ৰহ কৰিবলৈ যোৱা মানুহবোৰৰ পোচাক-পাতি বা কথা-বতৰাৰ পৰা মানুহৰ অৱস্থাৰ বিষয়ে অনুমান কৰা সহজ নহয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More