ডিব্ৰুগড়ত আৰম্ভ হ’ল দুদিনীয়া জলপথ সন্মিলন

উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ বিকাশত জলপথে এক নতুন দিগন্তৰ সূচনা কৰিবঃ সৰ্বানন্দ সোণোৱাল

0 10
শতাব্দ প্ৰতিনিধি, ডিব্ৰুগড়, ১১ এপ্ৰিলঃ ডিব্ৰুগড়ত আজিৰেপৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে জলপথ সন্মিলন। ডিব্ৰুগড় চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হোৱা এই জলপথ সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ফিটা কাটি আনুষ্ঠানিকভাৱে সন্মিলনখন উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰি সন্তোষ প্রকাশ কৰে আৰু উপস্থিত অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰে। জলপথৰ জৰিয়তে আঞ্চলিক সংযোগ বৃদ্ধি কৰাৰ উপায় আৰু সুযোগ-সম্ভাৱনা সন্দৰ্ভত এই সন্মিলনত সবিস্তাৰে আলোচনা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।ইয়াৰ পিছতে তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰ ভাৰত ভিজনক সাৰোগত কৰি জলপথৰ যোগেদি ভাৰতক চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সংযোগ কৰাত বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ ফলত আমাৰ দেশৰ আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত হোৱাৰ লগতে যুৱপ্ৰজন্মৰ বাবে নতুন সংস্থাপনৰ পথ প্ৰশস্ত হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ বিকাশত জলপথে এক নতুন দিগন্তৰ সূচনা কৰিব বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উল্লেখ কৰে। তদুপৰি তেওঁ কয় যে, ব্ৰিটিছ শাসনৰ সময়ছোৱাত ডিব্ৰুগড়ৰ পৰাই বংগোপ সাগৰেদি কলকাতা বন্দৰলৈ নিয়া হৈছিল মালবাহী জাহাজ। জলপথেদি বিশ্বৰ মানৱ সমাজৰ সৈতে স্থাপন কৰা হৈছিল সংযোগ। আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে বেপাৰ-বাণিজ্য জলপথেদি সূচল কৰিব যাতে পাৰি তাৰ বাবে এই বৃহৎ সন্মিলনখন আয়োজন কৰা বুলি প্ৰকাশ কৰিছে। তদুপৰি আমাৰ উৎপাদিত সামগ্ৰী আৰু আমাৰ প্ৰয়োজনীয় সামগ্ৰী আমদানি আৰু ৰপ্তানি কৰি আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰতো এই সন্মিলনখনৰ জৰিয়তে গুৰুত্ব আৰোপ কৰা হৈছে। এক্ট ইষ্ট পলিচীৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ অন্য ৰাজ্যসূহতকৈ শক্তিশালী ৰূপত গঢ় দিয়াত গুৰুত্ব প্ৰদান কৰিছে বুলিও মন্তব্য কৰিছে। অসম তথা উত্তৰ-পূৱৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, নেপাল, বাংলাদেশ, ম্যানমাৰ, নেডাৰলেণ্ড আদি ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই জলপথ সন্মিলনত উদ্যোগ জগতৰ বিভিন্ন অংশীদাৰ আৰু নীতি নিৰ্ধাৰকসকলে অংশগ্রহণ কৰিছে। সন্মিলনৰ সময়ছোৱাত প্রায় ছয়খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব। ইয়াৰ উপৰিও, প্ৰদৰ্শনীখনত ৪০ টাতকৈয়ো অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীয়ে অংশগ্রহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “ভ’কেল ফ’ৰ ল’কেল” ভিজনৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই সন্মিলনৰ প্ৰদৰ্শনীখনত অসমৰ হস্তশিল্প আৰু চাহৰ প্ৰসাৰ আৰু বিপণনৰ লক্ষ্যৰে স্থানীয় কোম্পানীসমূহক এখন ব্যৱসায়িক মঞ্চ প্ৰদান কৰা হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More