আৰম্ভ হ’ল প্ৰাণীৰ মাত ‘ডিক’ড’ কৰাৰ প্ৰক্ৰিয়া

ডেনিছ বিজ্ঞানীৰ চমক

0 41

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ এপ্ৰিলঃ ১৯৯৫ চনত মুক্তিপ্ৰাপ্ত Chris Noonan পৰিচালিত আৰু George Miller প্ৰযোজিত Babe নামৰ চিনেমাখনৰ কথা মনত আছেনে আপোনাৰ? কেন্দ্ৰীয় চৰিত্ৰত থকা গাহৰি পোৱালিটো? Jungle Bookৰ জন্তুবোৰ? ৱাঘীৰা, শ্বেৰখান, ভালু, লক্ষা? সকলোবোৰেই যে মানুহৰ ভাষাত কথা কয়। এইবাৰ কিন্তু কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সেই ৰূপকথাকো সত্য কৰিলে বিজ্ঞানে/ জন্তু-জানোৱাৰৰ ভাষা ‘ডিক’ড’ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। আৰু আৰম্ভণিতে ঠিক যেন ‘বেব’ চিনেমাৰ সেই বৰাহ নন্দন। বিশেষ এক ধৰণৰ অলগোৰিদম ছফ্‌টৱেৰ কামত লগাই চাৰিশ গাহৰিৰ ভাষা নিৰ্ভুলভাৱে ‘ডিক’ড’ কৰা হ’ল। এই অসাধ্য সাধন কৰি গোটেই বিশ্বকে চমক দিছে ডেনমাৰ্কৰ বিজ্ঞানীয়ে। ‘কৃত্ৰিম বুদ্ধিমত্তা’ বা Artificial intelligence নিৰ্ভৰ Pig Translator নামৰ যি অলগোৰিদম ছফ্‌টৱেৰ তৈয়াৰ কৰা হৈছে, সেইটোৱে চাৰিশ গাহৰিৰ চৌদ্ধশৰো অধিক অভিব্যক্তিসূচক শব্দ ৯৫ শতাংশ পৰ্যন্ত নিৰ্ভুলভাৱে বিশ্লেষণ কৰিবলৈ সক্ষম হৈছে। যাৰ ভিতৰত এফালে আছে তৃপ্ত তথা সুখী হোৱাৰ দৰে ইতিবাচক অভিব্যক্তি আৰু আনফালে আছে কষ্ট আৰু দুখ পোৱাৰ দৰে নেতিবাচক অভিব্যক্তি। জন্মৰ পৰা মৃত্যুলৈকে এটা গাহৰিয়ে যি যি অভিব্যক্তিসূচক শব্দ কৰে, সকলোবোৰেই যন্ত্ৰৰ মাধ্যমেৰে পৰ্যবেক্ষণ আৰু বিশ্লেষণ সম্ভৱ। এই কথা স্পষ্ট হৈছে University of Copenhagenৰ এক গৱেষণাত। Animal Communicationৰ ক্ষেত্ৰত কাম কৰি অহা অধ্যাপক ডা০ এলোডি ব্ৰিফাৰ আছে এই গৱেষণাৰ নেতৃত্বত। তেওঁৰ দাবী– “এই এ আই ট্ৰান্সলেটৰটোক এপত পৰিণত কৰি পশুপালকে হাততে পোৱাকৈ পঠাব পাৰিলে বিপ্লৱ আহিব পশুকল্যাণ আৰু পশুপালন ক্ষেত্ৰখনলৈ।” একেই বক্তব্য পশ্চিমবংগ প্ৰাণী আৰু মৎস্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ বিজ্ঞানী-গৱেষক অধ্যাপক ডা০ সিদ্ধাৰ্থ জোৱাদ্দাৰৰো। তেওঁৰ পৰ্যবেক্ষণ মতে, বাস্তৱত এই ব্যৱস্থাটো কামত লগাব পাৰিলে প্ৰাণী চিকিৎসা আৰু প্ৰাণীপালনৰ ক্ষেত্ৰলৈ বিপ্লৱ অনা সম্ভৱ। তদুপৰি গাহৰিক বাদ দি অন্য প্ৰাণীৰ ক্ষেত্ৰতো এই অনুবাদক ছফ্‌টৱেৰৰ সফল প্ৰয়োগ কৰিলে মানুহ-প্ৰাণীৰ আন্তঃ সম্পৰ্কতো প্ৰভূতঃ পৰিৱৰ্তন আহিব। পশু-পখীৰ হাঁহি-কান্দোন নিমিষতে ‘ডিক’ড’ হৈ আমাৰ ওচৰ পাবহি! কোনে ক’ব পাৰে চিৰিয়াখানালৈ গৈ আমি অদূৰ ভবিষ্যতে বাঘৰ গৰ্জনকো পঢ়ি পেলাব নোৱাৰিম বুলি! পৰিভ্ৰমী পখীৰ কলতানৰ কাৰণ বিচাৰি উলিয়াব নোৱাৰিম বুলি! মেকুৰীৰ মেও মেও, কুকুৰৰ ভৌ ভৌতো আছেই। আচলতে, পশুপালন বা পোষ্য পালনৰ ক্ষেত্ৰত কেৱল পশুৰ শাৰীৰিক অৱস্থাইহে গুৰুত্ব পায়। সিহঁতৰ মনৰ গতি প্ৰকৃতি খুচৰি চোৱাৰ কোনো উপায় নাছিল। কিন্তু এই পদ্ধতিত পশু-পখীৰ শাৰীৰিক অসুবিধাৰ কথা জানি ল’ব পাৰিলে প্ৰাণী চিকিৎসকসকলৰো ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰাত অনেক সুবিধা হ’ব। ব্ৰিফাৰৰ নেতৃত্বত গৱেষণাকাৰী দলটোৱে প্ৰায় ৭৪১৪টা গাহৰিৰ শব্দ ৰেকৰ্ড কৰিছে। কচাইখানা আৰু পশুপামত থকা গাহৰিৰ শব্দৰ নমুনা যেনে ধৰণৰ পোৱা গৈছে, তেনেকৈ গৱেষণাৰ বাবে প্ৰস্তুত এনক্ল’জাৰত ৰখা গাহৰিৰ মাতৰ নমুনাও ৰেকৰ্ড কৰা হৈছে। সকলো নমুনা বিশ্লেষণ কৰিয়েই বাহিৰ কৰা হৈছে আৰ্তনাদ, কষ্ট, কান্দোন, আনন্দ-উচ্ছাসৰ শব্দক্ষেপণৰ পাৰ্থক্য। আৰ্তনাদৰ শব্দ অনেক তীক্ষ্ণ আৰু দীৰ্ঘস্থায়ী। কিন্তু আনন্দৰ মাত সৰু সৰু ‘স্পেল’ত বিভক্ত; ঠিক আমাৰ হাঁহি-কান্দোনৰ দৰেই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More