তামুলপুৰত প্ৰাক্তন এন এল এফ বি কেডাৰৰ যোগাত্মক পদক্ষেপ

অস্ত্ৰ এৰি স্বাভাৱিক জীৱন যাপনেৰে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস কৃষ্ণ পদ্দাৰৰ লগতে কেইবাশ যুৱকৰ

0 46

TAMULPUR BLT CADER

ৰজনী বৰ্মন, তামুলপুৰ, ১১ এপ্ৰিলঃ স্বজাতিৰ লোকসকলৰ আত্মৰক্ষাৰ বাবে সশস্ত্ৰ সংগ্ৰামত জঁপিয়াই পৰা কেইগৰাকীমান চফল ডেকাই শেহতীয়াভাৱে হাঁহ-কুকুৰা-গাহৰি পালনেৰে নকৈ ৰঙীন সপোন দেখিছে। অস্ত্ৰ সম্বৰণ কৰি সমাজৰ মূল সুঁতিলৈ ঘূৰি অহা তামুলপুৰ জিলাৰ শতাধিক কর্মসংস্কৃতিৱান যুৱকে হাঁহ-কুকুৰা-গাহৰি পালনেৰে সমাজৰ মাজত এক আদৰ্শ হৈ জিলিকি থকাৰ প্ৰয়াস কৰিছে। এইসকল যুৱকক নেতৃত্ব দিছে নেচনেল লিবাৰেচন ফৰ্চ অৱ বেংগলী চমুকৈ এন এল এফ বিৰ মুখ্য সেনাধ্যক্ষ কৃষ্ণ পদ্দাৰে। বন্দুক এৰি গ্ৰামাঞ্চলত বিভিন্ন কৰ্মত আত্মনিয়োগ কৰিছে সশস্ত্ৰ সংগঠনটোৰ প্ৰাক্তন কেডাৰসকলে। চৰকাৰৰ সৈতে শান্তি আলোচনা কৰি আত্মসমৰ্পণ কৰা এন এল এফ বিৰ নেতা তথা কেডাৰসকলৰ বৰ্তমানৰ কৰ্মৰাজিয়ে সমাজলৈ কঢ়িয়াই আনিছে এক নতুন বাৰ্তা। হাতত অস্ত্ৰ লৈ হাবি-জংঘলৰ মাজত বহুদিন বহু নিশা পাৰ কৰা  কেডাৰসকলৰ হাতৰ পৰশত জিলিকি উঠিছে স্বাৱলম্বিতাৰ সেন্দূৰীয়া পথ। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে প্ৰদান কৰা এককালীন সাহায্য পুঁজিৰে বহু কেডাৰে তামুলপুৰ জিলাত আৰম্ভ কৰিছে গাহৰি, হাঁহ-কুকুৰা পালন। আন বহুজনে আকৌ ঘৰতে কাঠফুলা খেতিৰে আৰম্ভ কৰিছে নতুন জীৱন। কোনোজনে যদি ট্ৰেক্টৰ লৈ ৰাওনা হৈছে দিনটোৰ বাবে, আন কোনোৱে আকৌ বাৰীৰ তামোল গছক লৈ ব্যস্ত হৈ পৰিছে। আত্মনিৰ্ভৰশীল হৈ সমাজৰ মাজত এক আদৰ্শ হৈ চিৰদিন-চিৰকাল জিলিকি থাকিবলৈ কি কি ব্যৱস্থা হাতত লব– ইয়াক লৈয়েই ব্যস্ত এতিয়া একালৰ সংগ্ৰামী নেতাসকল। তামুলপুৰ জিলাৰ লগতে বি টি আৰৰ অন্য প্ৰান্তৰ প্ৰাক্তন কেডাৰক স্বাৱলম্বী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে সংগঠনটোৰ এসময়ৰ মুখ্য সেনাধ্যক্ষ কৃষ্ণ পদ্দাৰে। জানিব পৰা মতে, ২০১০ চনত জন্মলাভ কৰা এন এল এফ বিৰ কেডাৰসকল ২০১৫ চনত চৰকাৰৰ সৈতে এক আলোচনাত মিলিত হৈ মুঠ ৩৬৭গৰাকী কেডাৰে ২০২০ চনৰ ২৩ জানুৱাৰীত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰি চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰে। ২০২২ চনৰ ২৩ জানুৱাৰীত চৰকাৰৰ পৰা এইসকল কেডাৰে লাভ কৰে এককালীন সাহায্য পুঁজি। এই ক্ষেত্ৰত অসমৰ মুখ্য মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা,  বি টি আৰ প্ৰধান প্ৰমোদ বড়ো আৰু অসমৰ ADGP(S/B) হীৰেন নাথক ধন্যবাদ জ্ঞাপন কৰিছে NLFBৰ প্ৰাক্তন মুখ্য সেনাধ্যক্ষ কৃষ্ণ পদ্দাৰে। চৰকাৰৰ সৈতে শান্তি আলোচনাত মিলিত হৈ গ্ৰামাঞ্চলত আত্মনিৰ্ভৰশীলতাৰ বাবে ইতিবাচক কামত আত্মনিয়োগ কৰা এইসকল প্ৰাক্তন কেডাৰৰ দুচকুত এতিয়া নতুনত্বৰ সন্ধান। হৃদয়ত আশা আৰু হেঁপাহৰ স্বপ্নময় প্ৰতিশ্ৰুতি। এসময়ৰ সশস্ত্ৰ সংগ্ৰামী যুৱকৰ বৰ্তমানৰ যোগাত্মক কৰ্মৰাজিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More