তিনিচুকীয়াত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা হোৰাহোৰে বৃদ্ধি পাইছে

ড্ৰাগছৰ অবাধ প্ৰচলন

0 7

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ জুলাই : ধাৰাবাহিক অভিযানৰ পাছতো আৰক্ষীয়ে ৰোধ কৰিব পৰা নাই নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা৷ আনহাতে বৰবিহ ড্ৰাগছৰ অবাধ প্ৰচলনৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাত অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা ৷ এই ভয়ংকৰ তথ্য সদৰি কৰিছে তিনিচুকীয়া জিলা এইডছ নিয়ন্ত্ৰক বিষয়া ডাঃ ৰাণী গগৈয়ে ৷ ড্ৰাগছ আসক্ত অধিকাংশ যুৱক-যুৱতীৰ শৰীৰত এইচ আই ভি পজিটিভ ধৰা পৰাৰ কথা তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে আৰক্ষীৰ অভিযানৰ পাছতো তিনিচুকীয়া জিলাক নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ে বেয়াকৈ ছানি ধৰিছে ৷ জিলাখনৰ অসম-অৰুণাচল সীমান্তৰ অধিকাংশ গাঁৱৰ যুৱক-যুৱতী মাৰাত্মক ড্ৰাগছৰ কবলত পৰিছে ৷ ড্ৰাগছ মাফিয়া চক্ৰই অতি কৌশলেৰে মধ্যবিত্ত শ্ৰেণীৰ যুৱক-যুৱতীক ধনৰ প্ৰলোভন দেখুৱাই ড্ৰাগছ সৰবৰাহকাৰী হিচাপে নিয়োজিত কৰিছে ৷ নিষিদ্ধ ড্ৰাগছৰ অবাধ প্ৰচলনৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যাও হোৰাহোৰে বৃদ্ধি পাবলৈ ধৰিছে ৷ জিলা এইডছ নিয়ন্ত্ৰক বিষয়া ডাঃ ৰাণী গগৈয়ে জানিবলৈ দিয়া মতে জিলাখনৰ একাংশ নিচামুক্তি কেন্দ্ৰত আশ্ৰয়লৈ থকা ড্ৰাগছ আসক্তৰ অধিকাংশৰ শৰীৰতে এইচ আই ভি পজিটিভ ধৰা পৰিছে ৷ আন এক তথ্য অনুসৰি তিনিচুকীয়া জিলা কাৰাগাৰত কাৰাবাস খটা অধিকাংশ ড্ৰাগছ আসক্তৰ শৰীৰতে এইচ আই ভি পজিটিভ ধৰা পৰিছে ৷ জানিব পৰা মতে বিগত বৰ্ষত তিনিচুকীয়া জিলাত যিমান সংখ্যক এইচ আই ভি পজিটিভৰ সংখ্যা ধৰা পৰিছিল তাৰ ৫০ শতাংশতকৈও অধিক চলিত বৰ্ষৰ তিনি, চাৰিমাহতে ধৰা পৰিছে ৷ আক্ৰান্তসকলৰ গৰিষ্ঠসংখ্যকেই হৈছে নৱপ্ৰজন্মৰ যুৱক-যুৱতী ৷ সূত্ৰমতে একেটা ছিৰিঞ্জৰ সহায়ত ড্ৰাগছ গ্ৰহণ কৰাৰ বাবেই অধিকাংশ ড্ৰাগছ আসক্তৰ দেহতে বিয়পি পৰিছে মাৰাত্মক এইচ আই ভিৰ বীজাণু ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More