তিনিচুকীয়াত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহাঃ বীৰ লাচিত সেনা

0 12
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৩ আগষ্টঃ তিনিচুকীয়া জিলাত ড্ৰাগছৰ বৰমৰমীয়া বেহাৰ মুখ্য পৃষ্ঠপোষক তিনিচুকীয়া আৰক্ষী। এই অভিযোগ বীৰ লাচিত সেনাৰ। আজি দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকন আৰু প্ৰশাসনিক সচিব শৃংখল চলিহাই এই অভিযোগ উত্থাপন কৰে। সংবাদমেলত ৰণ্টু পানীফুকনে কয় যে আৰম্ভনীৰ পৰাই সংগঠনৰ তিনিচুকীয়া জিলা সমিতিয়ে ড্ৰাগছৰ বিৰুদ্ধে শক্তিশালী ৰূপত নিৰৱচ্ছিন্ন ভাৱে কাম কৰি আহিছে। ডুমডুমাকে আদি কৰি বিভিন্ন অঞ্চলত স্থানীয় ৰাইজৰ সহযোগত ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত কৰাৰ সমান্তৰালভাৱে ড্রাগছ আসক্ত যুৱক-যুৱতী সকলক সঠিক পথলৈ ঘূৰাই আনিবলৈ কাম কৰি আহিছে। শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত ড্ৰাগছ মাফিয়াৰ দপদপনি আৰু ছাত্ৰ সমাজ এই বৰবিহৰ প্ৰতি ভয়ানক ভাৱে আসক্তি বঢ়ালৈ গুৰুত্ব প্ৰদান কৰি তিনিচুকীয়া জিলা সমিতিয়ে ড্ৰাগছৰ বিৰুদ্ধে মানুহৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতিখন আঞ্চলিক সমিতিকে কাৰ্যসূচী লবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। সেই নির্দেশ অনুসৰিয়ে জুলাইত পানীতোলা আঞ্চলিক সমিতিয়ে জোঁৰ সমদল কাৰ্যসূচী সফল ভাৱে সমাপন কৰাৰ পিছত ২ আগষ্টত ডিগবৈ আঞ্চলিক সমিতিয়ে অনুৰূপ কাৰ্যসূচী গ্রহণ কৰিছিল। কিন্তু আগতীয়াকৈ পুলিচ প্ৰশাসনক কাৰ্যসূচীৰ সন্দৰ্ভত জনাই লোৱাৰ পিছতো পুলিচ প্ৰশাসনে কাৰ্যসূচী ৰূপায়ণ স্থলীত উপস্থিত হৈ শান্তিপূর্ণভাৱে গৈ থকা সমদলটোত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলক অতি নির্মম ভাৱে আক্রমণ কৰি ড্ৰাগছৰ পৃষ্ঠপোষকৰ ৰূপত অৱতীৰ্ণ হয়। ডিগবৈৰ পুলিছৰ এই কাৰ্য অতিকৈ নিন্দনীয় আৰু গৰিহণাৰ যোগ্য বুলি তেওঁ কয়। আনহাতে সংবাদমেলত সংগঠনটোৰ প্রশাসনিক সচিব শৃংখল চলিহাই কয় যে বীৰ লাচিত সেনাৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতা আৰু প্ৰচণ্ড মনোবল ভাঙিবলৈহে বৰ্বৰ তালিবানী আক্ৰমণ সংঘটিত কৰিলে তিনিচুকীয়া আৰক্ষীয়ে। তেওঁ কয় যে প্ৰতিবাদৰ নামত ‘আহোম জাতি মুর্দাবাদ’ ধ্বনি দিয়া বিজেপি নেত্ৰী আঙুৰলতা ডেকাক সাধাৰণ সোধপোচ কৰিবলৈ মেৰুদণ্ড নথকা অসম পুলিছে বীৰ লাচিত সেনা অসমৰ সৈনিক সকলৰ ওপৰত বৰ্মতা দেখুৱাই লাভ নাই। আঙুৰলতা ডেকাক ‘নৰ্তকি’ আখ্যা দি তেওঁ কয় যে আঙুৰলতা ডেকাই ক্ষমা খুজিব লাগিব। অন্যথা বৃহৎ আন্দোলন গঢ়ি তোলা হ’ব। বীৰ লাচিত সেনা মনেমনে বহি নাথাকে। তেওঁ লগতে কয় যে আমাক কোনো ড্ৰাগছ মাফিয়াৰ শ্ৰুতলিপিত কাম কৰা দুই নম্বৰী পুলিছে জাতিৰ প্ৰতি থকা ভালপোৱা আৰু আমাৰ দৃঢ় মনোবল ভাঙিব নোৱাৰে। মুখ্যমন্ত্রীৰ কথা আৰু কামৰ মাজত মিল নাই বুলি অভিযোগ কৰি তেওঁ কয় যে তিনিচুকীয়া জিলাৰ এছ ডি পি অ’জনক নিলম্বন নকৰিলে তিনিচুকীয়াত বন্ধ ঘোষণা কৰা হয়। তেওঁ তিনিচুকীয়া আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে তদন্ত ঘোষণাৰ বাবে মুখ্যমন্ত্রীৰ ওচৰত দাবী জনায়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More