তিনিচুকীয়াত জুলাই মাহতে জব্দ ৩.১ কোটিৰ ড্ৰাগছ

0 12

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ আগষ্ট : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ তীব্ৰ অভিযান ৷ কেৱল জুলাই মাহৰ ভিতৰতে তিনিচুকীয়া আৰক্ষীয়ে ৩.১ কোটি টকা মূল্যৰ অবৈধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জুলাই মাহত তিনিচুকীয়া আৰক্ষীয়ে ২১ টা এন ডি পি এছ গোচৰ ৰুজু কৰাৰ লগতে ৬৬ জন অভিযুক্তক এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰিছে ৷ কিন্তু ধাৰাবাহিক অভিযানৰ পাছতো আৰক্ষীয়ে ৰোধ কৰিব পৰা নাই নিষিদ্ধ ড্ৰাগছৰ অবাধ বেহা ৷ ডিমাপুৰৰ লগতে অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ পৰা তিনিচুকীয়ালৈ নিতৌ বাছ, ৰেলযোগে বা অন্যান্য পন্থাৰে সৰবৰাহ হৈ আছে লাখ লাখ টকাৰ মাৰাত্মক ড্ৰাগছ ৷ ইফালে ড্ৰাগছৰ অবাধ প্ৰচলনৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যাও অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে ৷ জিলা এইডছ নিয়ন্ত্ৰক বিষয়া ডাঃ ৰাণী গগৈয়ে কেইদিনমান পূৰ্বে সংবাদ মাধ্যমৰ আগত এই বিষ্ফোৰক তথ্য সদৰি কৰিছিল ৷ জানিব পৰা মতে জিলাখনৰ একাংশ নিচামুক্তি কেন্দ্ৰত আশ্ৰয়লৈ থকা ড্ৰাগছ আসক্তৰ অধিকাংশৰ শৰীৰতে এইচ আই ভি পজিটিভ ধৰা পৰিছে ৷ আন এক তথ্য অনুসৰি তিনিচুকীয়া জিলা কাৰাগাৰত কাৰাবাস খটা অধিকাংশ ড্ৰাগছ আসক্তৰ শৰীৰতে এইচ আই ভি পজিটিভ ধৰা পৰিছে ৷ অতি উদ্বেগজনক বিষয় যে বিগত বৰ্ষত তিনিচুকীয়া জিলাত যিমান সংখ্যক এইচ আই ভি পজিটিভৰ সংখ্যা ধৰা পৰিছিল তাৰ ৫০ শতাংশতকৈও অধিক চলিত বৰ্ষৰ তিনি, চাৰিমাহতে ধৰা পৰিছে ৷ আক্ৰান্তসকলৰ গৰিষ্ঠসংখ্যকেই হৈছে নৱপ্ৰজন্মৰ যুৱক-যুৱতী ৷ সূত্ৰমতে একেটা ছিৰিঞ্জৰ সহায়ত ড্ৰাগছ গ্ৰহণ কৰাৰ বাবেই অধিকাংশ ড্ৰাগছ আসক্তৰ দেহতে বিয়পি পৰিছে মাৰাত্মক এইচ আই ভিৰ বীজাণু ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More