তিনিচুকীয়াত পুনৰ জব্দ চোৰাং খাৰুৱা তেল ভৰ্তি টেংকাৰ : তেলচুৰিৰ মাষ্টৰমাইণ্ড পৰিবনে আৰক্ষীৰ জালত

0 9

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ জুলাই : অইলৰ খাৰুৱা তেল পৰিবাহী পাইপলাইন ফুটাই টেপিং পইণ্ট লগাই বেলেগ পাইপ সংলগ্ন কৰি তেল চুৰি কৰি থকাৰ সময়তে আজি পুৱতি নিশা পুনৰ তিনিচুকীয়া আৰক্ষীয়ে এখন টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে মাকুমৰ লাংকাচি আৰক্ষী চকীৰ অন্তৰ্গত ৰবৰবাৰী অঞ্চলত অইলৰ পাইপলাইনৰ পৰা তেল চুৰি কৰি থকাৰ সময়তে তহলদাৰী লাংকাচি আৰক্ষীয়ে এ এছ ০১ বি চি ৫৪২৫ নম্বৰৰ টেংকাৰখন জব্দ কৰে । অৱশ্যে এই চুৰি কাৰ্য্যৰ লগত জড়িত ব্যক্তিসকলে পলায়ন কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে অইলৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই তিনিচুকীয়া জিলাৰ মাকুম, বাৰেকুৰি, হেবেদা, শুকানপুখুৰী, ভিমপৰা, চোট’ হাপজানকে ধৰি বিভিন্ন প্ৰান্তৰপৰা দৈনিক সৰবৰাহ হৈ আছে চোৰাং খাৰুৱা তেলভৰ্তি একাধিক টেংকাৰ । অইলে নিৰাপত্তাৰ নামত লাখটকীয়া ড্ৰোন ব্যৱহাৰ কৰিও ৰোধ কৰিব পৰা নাই তেলচুৰি কাৰ্য্য । অলপতে জিলাখনৰ মাকুমৰ চোট’ হাপজান চাহ বাগিছাৰ ভিতৰত অইলৰ খাৰুৱা তেল পৰিবাহী পাইপৰ সংযোগস্থলীত গাত খান্দি ভাল্ব সংযোগ কৰি তেলচুৰি চক্ৰই এ এছ ২৩ জি ২২৩২ নম্বৰৰ এখন দহ চকাৰ টেংকাৰত খাৰুৱা তেল মজুত কৰি পলাবলৈ লোৱাৰ সময়তে পথৰ বোকাত লাগি ধৰা টেংকাৰখন আৰক্ষীৰ জালত পৰিছিল । তেলচোৰৰ দলে ক্ৰেণ আনি বোকাত আবদ্ধ হৈ পৰা টেংকাৰ উদ্ধাৰৰ অভিযান চলাই থকাৰ সময়তে উক্ত স্থানত উপস্থিত হোৱা আৰক্ষীয়ে চোৰাং তেলভৰ্তি টেংকাৰখন জব্দ কৰে । অইলৰ নিৰাপত্তাৰক্ষীৰ চকুত ধূলি মাৰি দীৰ্ঘদিনৰ পৰা এইদৰে তেল চুৰি কাৰ্য্য চলাই থকা হৈছিল । লক্ষ্যনীয়ভাৱে খাৰুৱা তেলসহ জব্দ কৰা টেংকাৰখন ইয়াৰ পূৰ্বেও তেলচুৰি কাৰ্য্যত জব্দ হৈছিল । কিন্তু টেংকাৰখনৰ মালিক বিহাৰৰ মূৰট কুমাৰক আৰক্ষীয়ে তেতিয়াও বিচাৰি পোৱা নাছিল । অৱশ্যে এইবাৰ আৰক্ষীয়ে খাৰুৱা তেল পৰিবাহী পাইপত টেপিং পইণ্ট স্থাপন কৰা মূল ব্যক্তি মাকুম আৰক্ষী থানাৰ অন্তৰ্গত নতুন গান্ধী নগৰৰ প্ৰতিম সোনোৱালক (৪২) ইতিমধ্যে আটক কৰিছে । কিন্তু তেলচুৰি কাণ্ডৰ মূল মাষ্টৰমাইণ্ড বুলি চৰ্চিত তিনিচুকীয়াৰ জনৈক দুৱৰা, দুলীয়াজান ভাদৈ পাঁচআলিৰ জনৈক বৰশইকীয়া আৰু গুৱাহাটীৰ জনৈক শ্বাহৰ গাত হাত দিবলৈ তিনিচুকীয়া আৰক্ষীয়ে সাহস কৰিব নে প্ৰতিম সোনোৱালক আটক কৰি বাকীসকল পলাতক বুলি পূৰ্বৰ দৰে দায়িত্ব সামৰিব সেয়া সময়েহে কব ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More