তিনিচুকীয়াত মিছন ইন্দ্ৰধনুষৰ টাস্ক ফ’ৰ্চৰ সভা

উপযুক্ত কোনো শিশু টীকাকৰণৰ পৰা বাদ নপৰাৰ আহ্বান

0 12

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ জুলাই : তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য ) চিন্ময় পাঠকৰ সভাপতিত্বত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ( আই এম আই) ৫.০ ৰ জিলা টাস্ক ফ’ৰ্চৰ সভা অনুষ্ঠিত হয় । উক্ত সভাত আই এম আই ৫.০ ৰ অধীনত জিলাখনত টীকাকৰণ কৰিবলগীয়া শিশুৰ সঠিক হিচাপ, চাহ বাগিচাৰ লগতে স্পৰ্শকাতৰ তথা দুৰ্গম এলেকাসমূহত টীকাকৰণৰ ক্ষেত্ৰত ল’বলগীয়া যথোপযুক্ত ব্যৱস্থা, ইউ-উইন (U-WIN) পৰ্টেলত টীকাকৰণ কৰিবলগীয়া শিশু তথা গৰ্ভৱতী মহিলাৰ সবিশেষ তথ্য সন্নিবিষ্টকৰণ আদি বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় । সভাত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জয়ন্ত ভট্টাচাৰ্যই মিছন ইন্দ্ৰধনুষ ৫.০ ৰ অধীনত জিলাখনত উপযুক্ত কোনো শিশু যাতে টীকাকৰণৰ পৰা বাদ নপৰে তাৰবাবে সংশ্লিষ্ট সকলো বিভাগকে সন্মিলিতভাবে দায়বদ্ধতাৰে প্ৰচেষ্টা আগবঢ়াবলৈ আহ্বান জনায় ৷ যুটীয়া সঞ্চালকে জৰীপৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদানৰ লগতে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত জৰীপৰ কাম সম্পন্ন কৰিবলৈ তথা যথাবিহিত নিয়ম অনুসৰি কোনোধৰণৰ বেমেজালি নোহোৱাকৈ টীকাকৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লগতে ইউ-উইন পৰ্টেলত সময় অনুসৰি সকলো তথ্য আপলোড কৰিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগ তথা স্বাস্থ্য বিভাগৰ বিষয়া, কৰ্মচাৰীসকলক নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে, মিছন ইন্দ্ৰধনুষ ৫.০ ৰ অধীনত তিনিটা ৰাউণ্ডত টীকাকৰণ কৰা হব। প্ৰথম ৰাউণ্ডত ৭ আগষ্টৰ পৰা ১২ আগষ্টলৈকে ৷ দ্বিতীয় ৰাউণ্ডত ১১ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈকে আৰু তৃতীয় ৰাউণ্ডত ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈকে টীকাকৰণ কৰা হ’ব। এই মিছন ইন্দ্ৰধনুষ ৫.০ ত ৭ টাকৈ বিপদজনক ৰোগ যেনে পলিঅ’মাইলাইটিছ, হেপাটাইটিছ বি, ডিপথেৰিয়া, সৰু আই, মেনিনজাইটিছ, টিটেনাছ, যক্ষ্মা আৰু হুপিং কাহৰ বাবে টিকাকৰণ কৰা হ’ব ৷ তিনিচুকীয়া জিলা টিকাকৰণ বিষয়া ডাঃ এন কে বৰাই আই এম আই ৫.০ কাৰ্যসূচীৰ বিতং তথ্য সম্বলিত তথা টিকাকৰণ কাৰ্য্যসূচী সফলভাবে ৰূপায়ণ কৰিবলৈ প্ৰস্তুত কৰা যাৱতীয় পৰিকল্পনা সন্দৰ্ভত এক পাৱাৰ পইন্ট প্ৰেজেনটেচন আগবঢ়ায় ৷ সভাত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) চিন্ময় পাঠকে জিলাখনত আই এম আই ৫.০ টীকাকৰণ সাফল্যমণ্ডিত কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগসমূহক স্বাস্থ্য বিভাগৰ সৈতে সহযোগিতা আগঢ়াবলৈ আহ্বান জনায় ৷ তেওঁ টীকাকৰণ সন্দৰ্ভত বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে সজাগতা সৃষ্টি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷ সভাত ভাৰপ্ৰাপ্ত সমাজকল্যান বিষয়া বন্দিত গগৈ প্ৰমুখ্যে শ্ৰম, শিক্ষা আদি বিভাগৰ বিষয়াবৰ্গৰ লগতে সেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More