তিনিচুকীয়াত লোক কল্যাণ দিৱস উদযাপন : ৪ কৰ্মচাৰীলৈ লোকসেৱা বঁটা

0 14

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ আগষ্ট : অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৩ সংখ্যক পূণ্যতিথি উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাতো আজি জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস পালন কৰা হয় ৷ তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত কনভেনচন চেণ্টাৰত উদযাপন কৰা লোক কল্যাণ দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ উদ্দেশ্য ব্যাখ্যা তথা আদৰণি ভাষণ আগবঢ়াই অতিৰিক্ত জিলা আয়ুক্ত সোনতৃষ্ণা ঘৰফলীয়াই ৷ আজিৰ কাৰ্যসূচীতে তিনিচুকীয়া জিলাৰ ৪ গৰাকী কৰ্মচাৰীক তেওঁলোকৰ উৎকৃষ্ট সেৱা, কৰ্তব্যনিষ্ঠা আৰু সততাৰ বাবে অসম চৰকাৰৰ লোক সেৱা পুৰস্কাৰ আগবঢ়োৱা হয় ৷ এই বৰ্ষত অসম চৰকাৰৰ লোকসেৱা পুৰস্কাৰ লাভ কৰা জিলাখনৰ কৰ্মচাৰী কেইজন হৈছে তিনিচুকীয়াৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ প্ৰশাসনিক সহায়ক দুষ্মন্ত বৰা, শদিয়া অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা কেন্দ্ৰৰ লিডিং ফায়াৰমেন নৰেন্দ্ৰ বড়া, ডুমডুমা বন সংমণ্ডলৰ বন সংৰক্ষক সঞ্জীৱ নেওগ আৰু তিনিচুকীয়াৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মুনমী ডেকা ৷ তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতৰ আদৰ্শ আৰু চিন্তাধাৰা বৰ্তমানৰ সমাজ জীৱনৰ বাবে প্ৰেৰণাদায়ক বুলি উল্লেখ কৰে। জিলা আয়ুক্তই ৰাজ্য চৰকাৰে নিষ্ঠাবান তথা সৎ কৰ্মচাৰীসকলক লোকসেৱা পুৰস্কাৰেৰে পুৰস্কৃত কৰাৰ যি পদক্ষেপে গ্ৰহণ কৰিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু চৰকাৰৰ এই পদক্ষেপে অন্যান্য কৰ্মচাৰীসকলক পৰৱৰ্তী সময়ত নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰাত যথেষ্ট উৎসাহিত কৰিব বুলি মন্তব্য আগবঢ়ায় ৷ লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ডিগবৈৰ বিধায়ক সুৰেণ ফুকনে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতৰ নীতি-আদৰ্শৰে সকলোকে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায় ৷ লোক কল্যাণ দিৱসৰ আজিৰ কাৰ্যসূচীত জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ কৈৰী, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰনৰ সভাপতি কাজল গোহাঁই, মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপণ মৰাণ প্ৰমুখ্যে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া তথা কৰ্মচাৰীসকল লগতে জিলাখনৰ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More