তিনিচুকীয়াত শ্রমমন্ত্ৰী কিষাণৰ গৃহ বাগিছাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

0 46

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ আগষ্ট : আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে চাহ শ্রমিকক প্ৰস্তাৱিত ৩৫১ টকা দৈনিক মজুৰি আৰু ভূমিপট্টা প্ৰদানৰ দাবীত আজি তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্রমমন্ত্ৰী সঞ্জয় কিষাণৰ গৃহ বাগিছা ধেলাখাট চাহ বাগিছাত বহুসংখ্যক শ্ৰমিকে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে ’শ্রমমন্ত্ৰী মুৰ্দাবাদ, মুখ্যমন্ত্রী মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, চাহ শ্রমিকক প্রস্তাৱিত ৩৫১ টকা মজুৰি, মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰক’ আদি শ্ল’গান দি ধেলাখাট চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয় উত্তাল কৰি তোলে । বিজেপি চৰকাৰৰ শ্রমিকবিৰোধী নীতিৰ বিৰুদ্ধে এঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচীৰ অন্তত শ্রমিকসকলে বাগিচা পৰিচালকৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শ্রমমন্ত্ৰীলৈ তেওঁলোকৰ দাবীসম্বলিত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে । প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি অসম চাহ মজদুৰ সংঘৰ (এ চি এম এছ) পানীতোলা শাখাৰ সম্পাদক তথা প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজু চাহুৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে বিজেপিৰ শাসনত ধেলাখাট চাহ বাগিছাৰ লগতে অসমৰ বিভিন্ন চাহ বাগিছাৰ শ্ৰমিকসকলে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে মাৰবান্ধি ওলাই আহিবলৈ বাধ্য হোৱাটো অতি দুৰ্ভাগ্যজনক। বিগত লোকসভা নিৰ্বাচনত শাসকীয় দলটোৰ তদানীন্তন মিথ্যাচাৰী শ্ৰমমন্ত্ৰী পল্লৱলোচন দাসে চাহ শ্রমিকক দৈনিক মজুৰি ৩৫১ টকা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰচাৰ চলোৱাৰ লগতে প্ৰতিশ্রুতি দিছিল যদিও আজি ৯ বছৰে চাহ শ্রমিকে ৩৫১ টকা মজুৰি লাভ নকৰিলে। চাহুৱে শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিবলৈ অপাৰগ হোৱা বিজেপি দল তথা চৰকাৰক ব্যর্থ বুলি অভিহিত কৰে । দুৰ্ভাগ্যজনকভাৱে অসমৰ মন্ত্ৰীসভা, বিধানসভা আৰু ৰাজ্যসভাত চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কেইবাজনো জনপ্ৰতিনিধি আছে যদিও এইসকলে নিজৰ চিন্তা কৰোতে চাহ শ্রমিকৰ কথা পাহৰি পেলাইছে বুলি তেওঁ কয় । এ চি এম এছৰ নেতাজনে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণক কঠোৰ সমালোচনা কৰি মন্ত্ৰীৰ নিজা গৃহভূমি তথা জন্মস্থান ধেলাখাট চাহ বাগিছাৰ শ্ৰমিক ৰাইজে নিজৰ প্ৰাপ্যৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ বাধ্য হোৱাটো চূড়ান্ত লজ্জাজনক বুলি উল্লেখ কৰি শীঘ্ৰে চাহ শ্রমিকৰ স্বাৰ্থত এ চি এম এছৰ ১৬ দফীয়া দাবী কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী জনায় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More