তিনিচুকীয়াত সুন্দৰবনৰ সুন্দৰী পুলি ৰোপণেৰে বীৰ লাচিতক স্মৰণ পৰিৱেশ সুৰক্ষা সমিতিৰ

দেশৰ বিদ্যালয়ৰ পাঠ্যপুথিত লাচিতৰ বিৱৰণী অন্তৰ্ভুক্তিৰ দাবী

0 36

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ নৱেম্বৰ : বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত পৰিৱেশ সুৰক্ষা সমিতি নামৰ সংগঠনটোৱে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্য্যসূচীৰ অন্তৰ্গত বৃক্ষৰোপণ কাৰ্য্যসূচী গ্ৰহণ কৰে ৷ উল্লেখ্য, এই সাংস্কৃতিক প্ৰকল্পত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁইৰ অনুমতি সাপেক্ষে যোৱা ডেৰবছৰ ধৰি পৰিৱেশ সুৰক্ষা সমিতিয়ে গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ কাম কৰি আহিছে ৷IMG 20221124 WA0051 পৰিৱেশ সুৰক্ষা সমিতিৰ জিলা উপ-সভাপতি জীৱন দত্তই পশ্চিমবংগৰ পৰা কঢ়িয়াই অনা সুন্দৰী গছৰ পুলি ৰোপণেৰে আজিৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ এই সুন্দৰী গছৰ বাবেই পৃথিৱী বিখ্যাত সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানৰ নামকৰণ হৈছে ৷ গছপুলি ৰোপণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই ৷ নিজৰ ভাষণত তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বীৰজনৰ ৪০০ সংখ্যক জন্মজয়ন্তী ৰাষ্ট্ৰীয়ভাৱে দেশৰ ৰাজধানী দিল্লীত উদযাপনৰ উদ্যোগ গ্ৰহণৰ বাবে পৰিৱেশ সুৰক্ষা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে । ঋতুৰাজ বৰুৱাই বীৰজনৰ বিৱৰণী দেশৰ বিদ্যালয়সমূহৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷ আজিৰ গছপুলি ৰোপণ আৰু প্ৰতিপালন কাৰ্য্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ একাধিক বিষয়ববীয়া উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More