তিনিচুকীয়াত ২৫ লাখ টকাৰ হেৰ’ইন জব্দ : দুই মহিলাসহ ধৃত ৩

0 71

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ আগষ্ট : তিনিচুকীয়া আৰক্ষীয়ে আজি চহৰখনৰ দহোটীয়াচুক অঞ্চলত অভিযান চলাই জনৈক প্ৰদীপ দত্ত নামৰ লোকজনৰ ভাড়াঘৰৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে দুগৰাকী মহিলাসহ ৩ জন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) মইদুল ইছলামৰ নেতৃত্বত তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ সহযোগত আৰক্ষীয়ে এই ড্ৰাগছ বিৰোধী অভিযান চলাইছিল ৷ অভিযানকালত আৰক্ষীয়ে ৰজনী লাইটং পাম আৰু গাংগা চিংকু নামৰ দুগৰাকী মহিলাৰ লগতে বিকি সিনহা নামৰ এজন যুৱকক কৰায়ত্ত কৰে ৷ তেওঁলোকৰ জিম্মাৰ পৰা দহটা চাবোনৰ বাকচত ভৰাই থোৱা অৱস্থাত ১২৫.৫৭ গ্ৰাম সন্দেহজনক হেৰ’ইন আৰক্ষীয়ে জব্দ কৰে ৷ জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা বুলি আৰক্ষীয়ে সদৰি কৰিছে । উক্ত বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি ডিমাপুৰৰ পৰা ধৃত মহিলা দুগৰাকীয়ে ৰাজধানী এক্সপ্ৰেছযোগে তিনিচুকীয়ালৈ সৰবৰাহ কৰিছিল ৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) মইদুল ইছলামে জানিবলৈ দিয়া মতে ডিমাপুৰৰ পৰা ৰে’লযোগে তিনিচুকীয়ালৈ ড্ৰাগছ সৰবৰাহ কৰা বুলি গোপন সূত্ৰে তথ্য লাভ কৰাৰ পাছতে আৰক্ষী অভিযানত নামি পৰে ৷ সৰবৰাহকাৰীয়ে আজি পুৱা ৰাজধানী এক্সপ্ৰেছযোগে ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ ড্ৰাগছ কঢ়িয়াই দহোতীয়াচুকৰ উক্ত ঘৰটোত প্ৰবেশ কৰাৰ পাছতে অভিযানকাৰী আৰক্ষীৰ দলে তিনিওকে ড্ৰাগছসহ কৰায়ত্ত কৰে ৷ ঘটনাৰ লগত জড়িত এজন পলাতকৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে আৰক্ষীয়ে ধাৰাবাহিক অভিযানৰ পাছতো ৰোধ কৰিব পৰা নাই নিষিদ্ধ ড্ৰাগছৰ অবাধ বেহা ৷ ডিমাপুৰৰ লগতে অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ পৰা তিনিচুকীয়ালৈ নিতৌ বাছ, ৰেলযোগে বা অন্যান্য পন্থাৰে সৰবৰাহ হৈ আছে লাখ লাখ টকাৰ মাৰাত্মক ড্ৰাগছ ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More