তিনিচুকীয়াৰ  বিতৰ্কিত লটাৰী-কাণ্ডৰ সৈতেও সাঙোৰ খাইছিল বিজেপিৰ মধ্যভোগীৰ ভূমিকাত অৱতীৰ্ণ হোৱা আটাছুৰ সভাপতিৰ নাম

0 15

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২২ জুলাই : বিজেপিৰ মধ্যভোগীৰ ভূমিকাত অৱতীৰ্ণ হৈ শাসকীয় দলটোৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ঠিকা লোৱা আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই আৰু যোৰহাট সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী লাচিত গগৈৰ মাজত হোৱা কথোপকথনৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পাছত কেউদিশে সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া আজিও মাৰ যোৱা নাই ৷ স্বয়ং মুখ্যমন্ত্ৰীকো সাঙুৰি হোৱা কথোপকথনৰ এই ভাইৰেল অডিঅ’ ৰেকৰ্ডিং শুনিলে বুজা যায় যে যোৰহাট লোকসভা সমষ্টিৰ পৰা এইবাৰ লাচিত গগৈক প্ৰক্ষেপ কৰি তপন গগৈ হাটাও অভিযানত গোপনে বিজেপি দলৰ মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈছে আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই ৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে আলোড়ন সৃষ্টি কৰা উক্ত অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পাছত সামাজিক মাধ্যমত তীব্ৰ কটাক্ষ আৰু সমালোচনাৰ পাত্ৰত পৰিণত হোৱা উজনিৰ প্ৰভাৱশালী ছাত্ৰনেতা তথা আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ নাম তিনিচুকীয়াৰ বহু বিতৰ্কিত লটাৰী-কাণ্ডৰ সৈতেও জড়িত হৈ পৰিছিল ৷ অভিযোগ অনুসৰি মিলন বুঢ়াগোহাঁয়ে বিতৰ্কিত লটাৰী খেলখনৰ পৰিচালনা সমিতিৰ পৰা নগদ এক লাখ টকা উৎকোচ লৈ প্ৰশাসনৰ অনুমতি অবিহনে অনুষ্ঠিত কৰিবলৈ লোৱা অবৈধ খেলখনৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল ৷ পিছে উক্ত লটাৰী-কাণ্ডৰ সৈতে জড়িত ইজনৰ পিচত সিজন আৰক্ষীৰ জালত পৰাত মিলন বুঢ়াগোহাঁইয়ে তিনিচুকীয়া জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অগ্রিম জামিনৰ বাবে আবেদন কৰিছিল ৷ কিন্তু আৰক্ষীৰ কেছ ডায়েৰী পৰ্যবেক্ষণ কৰাৰ পিচত তিনিচুকীয়াৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ চিত্ৰাৰাণী শইকীয়াৰ আদালতে তেওঁৰ জামিন নামঞ্জুৰ কৰে ৷ উক্ত গোচৰত অভিযুক্ত আন এজন জামিন আবেদনকাৰী সীমান্ত গগৈৰো জামিন একেখন আদালতে নামঞ্জুৰ কৰিছিল ৷ ইয়াৰ পাছত মিলন বুঢ়াগোহাঁই উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হয় অন্তৱৰ্তীকালীন জামিন লাভ কৰে বুলি প্ৰকাশ ৷ উল্লেখ্য যে জিলাখনৰ ২ নং কদমনি নামঘৰৰ সাহায্যৰ নামত আয়োজন কৰা কেইবাকোটিটকীয়া উপহাৰ খেলখনৰ বিপৰীতে নাছিল জিলা প্ৰশাসনৰ অনুমতি । কেৱল ধন আত্মসাতৰ লক্ষ্যৰে আয়োজন কৰা খেলখনৰ টিকট সৰ্বসাধাৰণ ৰাইজক বিলাসী বাহনৰ প্ৰলোভন দি অসমৰ চুকে-কোণে বিক্ৰী কৰা হৈছিল ৷ খেলখন আয়োজনত সুবিধা হোৱাকৈ মেনেজ কৰা হৈছিল দল-সংগঠনৰ নেতা, স্বয়ম্ভূ সাংবাদিকক ৷ শেষত সৰ্বসাধাৰণৰ অজ্ঞাতে গোপন স্থানত অবৈধ পন্থাৰে খেল অনুষ্ঠিত কৰি ফলাফল সামাজিক মাধ্যমত ৰাজহুৱা কৰা হয় ৷ কিন্তু তিনিচুকীয়া আৰক্ষীয়ে খেলখনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অভিযান চলাই অবৈধ লটাৰী-কাণ্ডৰ সৈতে জড়িত দুই সাংবাদিকসহ একাধিক ব্যক্তিক আটক কৰাৰ লগতে কেইবাখনো দুচকীয়া আৰু চাৰিচকীয়া বাহন জব্দ কৰিছে ৷ কিন্তু লটাৰী-কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড শিৱসাগৰ জিলাৰ বকতা নাথ গাঁৱৰ ভাস্কৰ নাথ আৰু খেলখনৰ অন্যতম বিচাৰক তথা বিজেপি পালিনেতা শৰৎ চাংমাইক আজিও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More