তিনিচুকীয়া কাৰাগাৰৰ বিচাৰাধীন মহিলা কয়দীৰ মৃত্যু

তদন্ত ঘোষণা : ২৯ আগষ্টত সাক্ষ্যগ্ৰহণ

0 63
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২১ আগষ্ট : তিনিচুকীয়া জিলা কাৰাগাৰৰ এগৰাকী বিচাৰাধীন মহিলা কয়দীৰ জিম্মাত মৃত্যু হোৱা ঘটনা সন্দৰ্ভত তদন্তকাৰী বিষয়াই অহা ২৯ আগষ্টৰ দিনৰ ১১ বজাৰ পৰা ২ বজালৈকে সাক্ষ্যগ্ৰহণ কৰিব ৷ উল্লেখ্য যে তিনিচুকীয়া জিলা কাৰাগাৰৰ বিচাৰাধীন মহিলা কয়দী লীলা কৰৰ জিম্মাত মৃত্যু হোৱা ঘটনা সন্দৰ্ভত কাৰ্যবাহী দণ্ডাধীশ দীপাৱলী কুৰ্মীৰ ওপৰত তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷ তিনিচুকীয়াৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়স্থিত তদন্তকাৰী বিষয়াৰ কাৰ্যালয় কক্ষত উক্ত দিনা নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘটনাৰ বিষয়ে জ্ঞাত ইচ্ছুক ব্যক্তি, সাধাৰণ নাগৰিকক সাক্ষ্যদান কৰিবলৈ আহ্বান জনোৱা হৈছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More