তিনিচুকীয়া প্ৰেছ ক্লাবৰ উদ্যোগত ড্ৰাগছৰ ওপৰত সজাগতামূলক কৰ্মশালা সম্পন্ন 

0 19
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ১৩ ডিচেম্বৰঃ আজি তিনিচুকীয়া প্ৰেছ ক্লাবৰ উদ্যোগত তথা জিলা শিক্ষা বিভাগৰ সহযোগত স্থানীয় চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘যুৱ সমাজৰ ড্ৰাগছৰ প্ৰতি বৰ্দ্ধিত আসক্তি আৰু ইয়াৰ প্ৰতিকাৰ’ শীৰ্ষক বিষয়ৰ ওপৰত এক সজাগতামূলক কৰ্মশালাৰ আয়োজন কৰা হয়। জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰৰ সঞ্চালনাত অনুষ্ঠিত কৰ্মশালাত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভেষজ বিদ্যা বিভাগৰ অধ্যাপক ড° বিভূতি ভূষণ কাকতিয়ে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ, এই সমূহৰ ব্যৱহাৰ/অপব্যৱহাৰ আৰু মানৱ দেহত ইয়াৰ ক্ৰিয়া/প্ৰতিক্ৰিয়াৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। তেওঁ লগতে প্ৰজেক্টৰৰ সহায়ত নিচা জাতীয় দ্ৰব্যৰ ব্যৱহাৰে কিদৰে শৰীৰটোক পংগু কৰি তিলতিল ধ্বংসৰ মুখলৈ লৈ যায় তাৰ ওপৰতো বিশ্লেষণাত্মক বাখ্যা আগবঢ়ায়। তিনিচুকীয়াৰ সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, আদৰ্শ বালিকা বিদ্যালয়, চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেংগলী গাৰ্লছ হাইস্কুল, হিন্দী ইংলিচ হাইস্কুল, বংগীয় বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাত আন এজন সমল ব্যক্তি তথা অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ জিলা সমন্বয়ক আবুল আলিয়ে ড্ৰাগছৰ ব্যৱহাৰ আৰু ইয়াৰ সৈতে এইডছৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰে৷ তেওঁ বাস্তৱিক অভিজ্ঞতাৰ ভিত্তিত মাৰাত্মক ড্ৰাগছৰ অপকাৰিতা আৰু শৰীৰত ইয়াৰ বিৰূপ পাৰ্শ্বক্ৰিয়াৰ ওপৰতো বক্তব্য আগবঢ়াই৷ তিনিচুকীয়া প্ৰেছ ক্লাবৰ সম্পাদক প্ৰণৱ ফুকনে আঁত ধৰা অনুষ্ঠানটোত উদ্বোধনী ভাষণ প্ৰদান কৰে তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই৷ আজিৰ কৰ্মশালাত তিনিচুকীয়া প্ৰেছ ক্লাবৰ সভাপতি কমল তালুকদাৰৰ লগতে অন্যান্য বিষয়ববীয়া আৰু সদস্যসকল, চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত নেওগ, জ্যেষ্ঠ সাংবাদিক ড° ঋষি দাস আদি উপস্থিত থাকে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More