তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ নামফলক ব্যৱহাৰ কৰি ফেচবুকত চুতীয়া জনগোষ্ঠীক অপমান

গৰজি উঠিল চুতীয়া জনগোষ্ঠীয় দল, সংগঠন

0 21

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ আগষ্ট : তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সূৰ্য চুতীয়াৰ নামফলক ব্যৱহাৰ কৰি Alia vs Papu Jokes নামৰ এক ফেচবুক পেজত যোৱা ৭ আগষ্টত আপলোড কৰা এটা প’ষ্টৰ জৰিয়তে চুতীয়া জনগোষ্ঠীক ইতিকিং কৰাৰ লগতে অধ্যক্ষগৰাকীৰ পদমৰ্যদা হানি কৰিবলৈ যত্ন কৰা কাৰ্যক কেন্দ্ৰ কৰি চুতীয়া জনগোষ্ঠীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আজি চুতীয়া জাতি সন্মিলন, চুতীয়া জাতি যুৱ সন্মিলন আৰু চুতীয়া ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে এক সংবাদমেল এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অসমৰ আদিম ভূমিপুত্ৰসকলৰ অন্যতম চুতীয়াসকলৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে । উজনি অসমৰ সধয়াপুৰীখ্যাত বৰ্তমানৰ শদিয়াত চুতীয়া ৰজাই ৰাজধানী পাতি চাৰিশ বছৰকাল বীৰদৰ্পে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে বিশ্বনাথৰ পৰা লক্ষিমপুৰ-ধেমাজি হৈ দক্ষিণপাৰে তিনিচুকীয়া আৰু ডিব্ৰুগড়লৈকে শাসন চলোৱা এই মহান তথা পৰাক্ৰমী জাতিটোৰ প্ৰথমজন বুৰঞ্জীত লিপিবদ্ধ ৰজা হ’ল বীৰপাল । তদুপৰি সমগ্ৰ ভাৰতবৰ্ষতে প্ৰবাদ আছে যে চুতীয়া জাতিৰেই দ্বাপৰ যুগৰ মহাপ্ৰতাপী ৰজা ভীষ্মকৰ জীয়ৰী ৰুক্মিণীক দ্বাৰকাৰ ৰজা শ্রীকৃষ্ণই বিবাহ কৰাইছিল । ইয়াৰ প্ৰমাণ হিচাপে আজিও শদিয়াৰ কাষতে লাগি থকা অৰুণাচল প্ৰদেশৰ ৰয়িং আৰু তেজুৰ মাজত অৱস্থিত ঐতিহাসিক ভীষ্মক নগৰৰ ভগ্নাৱশেষসমূহ ভাৰতীয় প্ৰত্নতত্ব বিভাগে সংৰক্ষিত কৰি ৰাখিছে । এনে এক ইতিহাস প্ৰসিদ্ধ জাতিৰ বংশৰধৰসকল তেওঁলোকে ব্যৱহাৰ কৰা ‘চুতীয়া’ উপাধিক লৈ Alia vs Papu Jokes নামৰ ফেচবুক পেজটোৱে তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ তথা চুতীয়া জাতীয় গৱেষণা পৰিষদৰ সভাপতি ড° সূৰ্য চুতীয়াৰ কাৰ্যালয়ৰ নামফলক ব্যৱহাৰ কৰি যি ইতিকিংসূচক প’ষ্ট আপলোড কৰিছে সেয়া অতিকে দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য বুলি সংবাদমেলত উল্লেখ কৰি আগন্তুক ২৪ ঘন্টাৰ ভিতৰত ফেচবুক পেজটোৰ এডমিনক চিনাক্ত কৰি বিহিত আইনী ব্যৱস্থা ল’বলৈ তিনিচুকীয়া আৰক্ষীক আহ্বান জনোৱাৰ লগতে প’ষ্টটো উঠাই দিবলৈ এডমিনজনক সকিয়াই দিয়ে । লগতে ভাৰতীয় সংস্কৃতিৰ অবিচ্ছেদ্য অংগস্বৰূপ চুতীয়া জাতি সম্পৰ্কে সামান্যতমো জ্ঞান নথকা Alia vs Papu Jokes নামৰ পাবত গজা ফেচবুক পেজৰ এডমিনজনক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈও আজিৰ সংবাদমেলযোগে সংগঠনকেইটাই দাবী জনায় । অন্যথা সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত আদালতত গোচৰ দিয়া হ’ব বুলি স্পষ্ট কৰি দিয়ে । আজিৰ সংবাদমেলত চুতীয়া জাতি সন্মিলনৰ জিলা সভাপতি প্ৰাঞ্জল শইকীয়া, উপ-সভাপতি সুশীল শইকীয়া, চুতীয়া জাতি যুৱ সন্মিলনৰ জিলা সভাপতি শশাংক শইকীয়া, জিলা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ঋতু চুতীয়া আদি উপস্থিত থাকে । উল্লেখ্য যে বিতৰ্কিত ফেচবুক প’ষ্টটোত তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ নামফলকৰ ফটো ব্যৱহাৰ কৰি চুতীয়া উপাধিক লৈ ছাত্ৰৰ জৰিয়তে অধ্যক্ষগৰাকীক ঠাট্টাসূচক টিপ্পনী দিয়া হৈছে । ইতিমধ্যে অধ্যক্ষগৰাকীয়ে তেওঁৰ নামফলক অকতৃত্বশীলভাৱে ব্যৱহাৰ কৰি অধ্যক্ষ পদবীৰ মৰ্যদা হানিৰ লগতে চুতীয়া জনগোষ্ঠীক ঘোৰ অপমানেৰে জাতিগত বিদ্বেষপূৰ্ণ ফেচবুক প’ষ্টটোৱে সমাজৰ সম্প্ৰীতি বিনষ্ট কৰাৰ সম্ভাৱনা ব্যক্ত কৰি তিনিচুকীয়া সদৰ থানাত এক এজাহাৰ দাখিল কৰি নিৰ্দিষ্ট ফেচবুক পেজৰ বিৰুদ্ধে আই টি এক্ট তথা ভাৰতীয় দণ্ডবিধি আইনৰ সংশ্লিষ্ট ধাৰাত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More